অবৈধ বাংলাদেশীলৈ কঠোৰ বাৰ্তা প্ৰেৰণ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে কৈছে যে তেওঁৰ চৰকাৰে এন আৰ চিৰ চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰাসকলক কোনোধৰণৰ সাংবিধানিক অধিকাৰ প্ৰদান নকৰে। আনহাতে, তেওঁলোকক কেন্দ্ৰই বহিস্কাৰৰ সিদ্ধান্ত গ্ৰহণ নকৰা পৰ্যন্ত মানবীয়তাৰ খাতিৰত ভাৰতত থাকিবলৈ দিয়া হ’ব। ৰাষ্ট্ৰীয় দৈনিক কাকত টাইমছ অফ ইণ্ডিয়াৰ এক বাতৰিত এই কথা প্ৰকাশ পাইছে।
৩.২৯ কোটি লোকৰ আৱেদনৰ ভিতৰত ১.৯ কোটি লোকৰ নাম সন্নিৱিষ্ট হোৱা এনআৰচিৰ প্ৰথমখন খচৰা প্ৰকাশ পোৱাৰ ৪৮ ঘন্টাৰ পিছতে সোণোৱালৰ এই বাৰ্তা তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই বছৰৰ ভিতৰতে এনআৰচিৰ কাম সম্পূৰ্ণ হৈ উঠিব। ২০১৬ চনৰ জুন মাহত ৰাজ্যখনত বিজেপিৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত সোণোৱালে প্ৰথমতে গুৱাহাটীৰ এনআৰচিৰ সমন্বয়কৰ কাৰ্যালয়ত উপস্থিত হৈছিল।
টাইমছ অফ ইণ্ডিয়াৰ এক সাক্ষাৎকাৰত সোমোৱালে কৈছে, ‘’ বিদেশী বুলি চিনাক্ত হোৱা লোকসকলে মৌলিক আৰু নিৰ্বাচনী অধিকাৰকে ধৰি সকলো ধৰণৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হ’ব। তেওঁলোকে একমাত্ৰ ৰাষ্ট্ৰসংঘই নিৰ্দ্ধাৰিত কৰা মানৱ অধিকাৰৰ আওতাত খাদ্য, বস্ত্ৰ আৰু বসবাসৰ অধিকাৰ লাভ কৰিব।‘’ সোণোৱালে লগতে কয় যে ‘ঐতিহাসিক’ এনআৰচি খচৰাই এগৰাকী ভাৰতীয় নাগৰিক আৰু এগৰাকী বিদেশী নাগৰিকৰ মাজত পাৰ্থক্য আনি দিব।
‘’ প্ৰথমখন এআৰচি খচৰাত মুঠ আৱেদনকাৰীৰ প্ৰায় ৪০ শতাংশ লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। দ্বিতীয়খন খচৰাৰ বাবে নিৰীক্ষণৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব। এবাৰ এই পৰ্যায় সমাপ্ত হোৱাৰ পিছত যিসকলে এনআৰচিত নাম বিচাৰি নাপায় তেওঁলোকে ভাৰতীয় নাগৰিক হিচাপে দাবী প্ৰতিষ্ঠা কৰিবলৈ ন্যায়িক প্ৰক্ৰিয়াৰ সহায় ল’ব পাৰিব। তেওঁলোকে এনআৰচিৰ প্ৰক্ৰিয়াৰ বাবে প্ৰাসংগিক নথি দাখিল কৰিব লাগিব,’২-তেওঁ কয়।
ভাৰত আৰু বাংলাদেশৰ মাজত কোনো প্ৰত্যৰ্পন চুক্তি নথকা সম্পৰ্কে তেওঁ অৱগত বুলি জনাই কয়, ‘’ প্ৰত্যৰ্পনৰ বিষয়টো পিছৰ পৰ্যায়ত আহিব। প্ৰথমতে, আমাৰ উদ্দেশ্যটো হৈছ্ বিদেশী চিনাক্ত কৰি উলিওৱা। তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেইটো পৰৱৰ্তী পৰ্যায়ত আহিব। তেওঁ লগতে কয় যে এনআৰচিয়ে ৰাজ্যখনৰ জনসাধাৰণৰ জীৱন যাত্ৰা স্থায়ীভাৱে সলনি কৰিব।
‘’প্ৰায় ৪০ বছৰ ধৰি আমাৰ জনসাধাৰণে বিভ্ৰান্তি আৰু অনিশ্চয়তাৰ মাজত বাস কৰি আছে। এনআৰচিয়ে ইয়াৰ অৱসান ঘটাব। সকলোৰে বাবে এয়া এক বিজয়ৰ ক্ষণ। কোনোৱে কাৰো নাগৰিকত্বকলৈ প্ৰশ্ন কৰিব নোৱাৰিব।‘’