• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ পূৰ্বাঞ্চলত বাঙালীসকল বিদেশী নহয় : উত্তৰ পূব বাঙালী সাহিত্য সভা

by
November 13, 2018 1:31 pm
index
119
VIEWS
Share on FacebookShare on Twitter

‘উত্তৰ পূব বাঙালী সাহিত্য সভা’ নামৰ এটা বাঙালী সমন্বয়ক সংস্থা এটাই ১২ নৱেম্বৰ দেওবাৰে শ্বিলঙত অনুষ্ঠিত হোৱা ইয়াৰ এটা অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰি অহা বাঙালীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে আইনী আৰু সাংবিধানিক পদক্ষেপ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অসমত নাগৰিকত্ব বিধেয়ক উন্নীত কৰাৰ সময়ত ৰাজ্যখনত উদ্ভৱ হোৱা সমস্যাসমূহৰ ওপৰত আলোচনা কৰিবলৈ একত্ৰিত হোৱা প্ৰতিনিধিসকলে এই কথা পৰ্যৱেক্ষণ কৰে যে অসমত বাস কৰা বাংলাভাষী লোকসকলৰ জীৱন ধাৰণৰ অধিকাৰ খৰ্ব কৰাৰ বাবে কৰা অপচেষ্টা ওফোৰাই তেওঁলোকক যথাৰ্থ নাগৰিকৰ মৰ্যাদাৰে জীয়াই থাকিবলৈ দিবলৈ এটা সংঘবদ্ধ প্ৰয়াস আৱশ্যম্ভৱী হৈ পৰিছে।

তেওঁলোকে দৃঢ়তাৰে কয় যে বাঙালীসকলে এই অঞ্চলত শতিকাৰ পৰা শতিকা ধৰি বসবাস কৰি আহিছে আৰু তেওঁলোক হৈছে অবিভক্ত অসমৰ খিলঞ্জীয়া অধিবাসী। বাঙালীসকলক বিদেশী সজাবলৈ কৰা কোনো অপচেষ্টা হৈছে ন্যায়িক ব্যৱস্থাৰ অপমৃত্যু আৰু এই ক্ষেত্ৰত ঐতিহাসিক আৰু সাংবিধানিক সাক্ষ্যসহ সৰ্বোচ্চ ন্যায়ালয়ত এই অপচেষ্টাক প্ৰত্যাহ্বান জনোৱা হ’ব।

অসমত বাঙালীসকলক কৰা নিৰ্যাতন আৰু এই ক্ষেত্ৰত বহুতো নিৰ্যাতিতই আত্মহত্যাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ সন্দৰ্ভত সমগ্ৰ দেশকে সজাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ‘উত্তৰ পূব বাঙালী সাহিত্য সভা’ই।

এই প্ৰতিনিধিদলটোৰ সভাপতিত্ব কৰে মেঘালয়ৰ প্ৰাক্তন মন্ত্ৰী পদ্মশ্ৰী মানস চৌধুৰীয়ে। প্ৰতিনিধিৰ দলটোত শ্বিলঙৰ উপৰিও অসম, পশ্চিম বেংগল, ত্ৰিপুৰা, দিল্লীৰ প্ৰতিনিধিও আছিল।

সভাত অসমৰ পৰা যোৱা বিধায়ক কামাখ্যা দে পুৰকায়স্থ, অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ জে বি ভট্টাচাৰ্য, মেঘাল শিক্ষা পৰিষদৰ প্ৰাক্তন সঞ্চালক ড০ এছ কে চট্টোপাধ্যায়, সমাজ কৰ্মী ড০ সুব্ৰত দাস, সৰ্বোচ্চ ন্যায়ালয়ৰ অভিবক্তা এ পাল, গুৱাহাটীৰ ড০ অধ্যাপক তিমিৰ দে, দিল্লীৰ জ্যেষ্ঠ সাংবাদিক ৰত্নজ্যোতি দত্ত, বৰাক উপত্যকাৰ সমাজ কৰ্মী শুভদীপ দত্ত, কলকাতাৰ তপন বিশ্বাস, কলকাতাৰ মহম্মদ আবু হেনা, গুৱাহাটীৰ জয়ন্ত বিশ্বাস, শিলচৰৰ মিহিৰ নন্দী, ত্ৰিপুৰাৰ চন্দ্ৰ শেখৰ বসাক, গুৱাহাটীৰ সাংবাদিক সুদীপ শৰ্মা চৌধুৰী, অসমৰ অসীম বসাক আৰু ‘উত্তৰ পূব বাঙালী সাহিত্য সভা’ৰ সাধাৰণ সম্পাদক সঞ্জয় সাহা আদি বক্তাই  ভাষণ ৰাখে। অলপতে ধলা হত্যাকাণ্ডত নিহত হোৱা ৫জন লোকৰ স্মৃতিত ১ মিনিট সময় মৌনতা অৱলম্বন কৰাৰ পাছত সভাখন আৰম্ভ কৰা হয়।

Recent News

অসমত সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অপচেষ্টাঃ  ধুবুৰীত ৩০ জন, লখিমপুৰত ৫জনক গ্ৰেপ্তাৰ

অসমত সাম্প্ৰদায়িক হিংসা বিয়পোৱাৰ অপচেষ্টাঃ  ধুবুৰীত ৩০ জন, লখিমপুৰত ৫জনক গ্ৰেপ্তাৰ

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

অত্যন্ত গৰমত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ খাওক এইসমূহ খাদ্য, লাভ কৰিব যথেষ্ট সুফল…

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd