য়ুনিচেফ গুৱাহাটীৰ সহযোগিতাৰে কোকৰাঝাৰৰ নিদান ফাউণ্ডেশ্যন নামৰ বেচৰকাৰী সংস্থাটোৱে ১৪ নৱেম্বৰ বুধবাৰে শিশু দিৱস উদযাপনৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি শিশু আৰু কিশোৰৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ উদ্দেশ্যে এদিনীয়াকৈ এটা ক্ৰীড়া সমাৰোহৰ আয়োজন কৰিছে। স্থানীয় ঝাৰবাৰী হাইস্কুল খেলপথাৰত এই সমাৰোহৰ আয়োজন কৰা হৈছে। বিদ্যালয়খনৰ অধ্যক্ষ প্ৰদীপ কুমাৰ বৰগয়াৰীয়ে এই সমাৰোহত মুখ্য অতিথি হিচাপে উপস্থিত থাকে।
উল্লেখ্য যে নিদান ফাউণ্ডেশ্যনে কোকৰাঝাৰৰ শিশুসকললৈ তাৎক্ষণিক সেৱা আৰু যত্ন আগবঢ়াই আহিছে।
অনুষ্ঠানৰ উদ্বোধন কৰে মুখ্য অতিথি প্ৰদীপ কুমাৰ বৰগয়াৰীয়ে। উপস্থিত সিশুসকলক উদ্দেশ্যি প্ৰদান কৰা ভাষণত বৰগয়াৰীয়ে ১৪ নৱেম্বৰটো সমগ্ৰ ভাৰততে কিয় শিশু দিৱস হিচাপে পালন কৰা হয় সেই সম্পৰ্কে এটা চমু আভাষ দিয়ে।
বৰগয়াৰীয়ে শিসু দিৱসৰ দিনা শিশু আৰু কিশোৰসকলৰ বাবে এই ক্ৰীড়া সমাৰোহৰ আয়োজন কৰাৰ বাবে সংস্থাটোক ধন্যবাদ জনায়। এই ক্ৰীড়া সমাৰোহত ক্ৰীড়াৰ প্ৰতি শিশুসকলৰ ধাউতি বৃদ্ধি কৰিবলৈ শিশুসকলৰ বাবে বাৰে ৰহণীয়া খেলৰ য়আয়োজন কৰা হয়।
শিশু দিৱসৰ দিনাই নিদান ফাউণ্ডেশ্যনে তথ্য প্ৰযুক্তিৰ শিক্ষাৰ্থীসকলৰ মাজত প্ৰমাণপত্ৰ বিতৰণ কৰে। উল্লেখ্য যে নিদান পাউণ্ডেশ্যনে কোকৰাঝাৰ জিলাৰ কোনো চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এলেকাৰ কিশোৰ-কিশোৰীসকলক তথ্য প্ৰযুক্তিৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।