• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এন আৰ চিৰ আংশিক খচৰাই ভাৰতীয় নাগৰিকক অপমান কৰিছে : তৰুণ গগৈ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 4, 2018 2:28 pm
তৰুণ গগৈ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আমি আন্দোলনকাৰী নহয়, কিন্তু বিদেশী সমস্যা সমাধান হোৱাটো বিচাৰো। এন আৰ চিৰ কাম হোৱাটো আছু, অগপ, সমুজ্জলে বিচৰা নাছিল। মইহে বিচাৰিছিলো।’ আজি কইনাধৰা পাহাৰৰ নিজা বাসগৃহত এখন সংবাদমেল পাতি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণগগৈয়ে তেওঁৰ স্বভাৱসুলভ বাকভংগিৰে এই মন্তব্য কৰে। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰি সংবাদমেলখনত তেওঁ কয়, ‘এন আৰ চিৰ আংশিক খচৰাই ভাৰতীয় নাগৰিকক অপমান কৰিছে। বিধায়কৰে নাম নাই। প্ৰথম খচৰাত ৯০ শতাংশৰ নাম আহিব লাগিছিল। কিন্তু নাহিল। দ্বিতীয়, তৃতীয়, চতুৰ্থ খচৰা হোৱাতকৈ এখনেই খচৰা হ’ব লাগে, ইলেকশ্যন কমিশ্যনৰ দুখন খচৰা নাথাকে। এখনেই থাকে।’ এইদৰে কয় প্ৰাক্তন মুখ্য মন্ত্ৰীজনে। দ্বিতীয়খন ফাইনেল খচৰা হ’ব লাগে বুলিও নিজৰ মত প্ৰকাশ কৰে গগৈয়ে। লগতে তেওঁ কয় যে এন আৰ চিৰ কামকাজক লৈ তেওঁ সুখী নহয়, কিয়নো চৰকাৰে ইয়াক লৈ কোনো গুৰুত্ব দিয়া নাই। বিজেপি নেতৃত্বাধীন চৰকাৰখনে উজনি অসমত এন আৰ চি উন্নীতকৰণত যিমান গুৰুত্ব দিছে, সেই অনুপাতে বেছিকৈ বিদেশী নাগৰিক থকা নামনি অসমত গুৰুত্ব দিয়া নাই। ‘য’ত মাছ আছে ত’তহে জাল পেলাব লাগে।’ এই বুলি কয় প্ৰাক্তন মুখ্য মন্ত্ৰীজনে। প্ৰথম খচৰাত নাম নথকাসকলৰ ভিতৰত বেছি ভাগ মুচলমান আৰু হিন্দু বাংলাদেশী বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে গগৈয়ে।

আনহাতে বিজেপিৰ দুৰ্বল শাসনক আক্ৰমণ কৰি তেওঁ কয়, ‘সকলো নীতি আওকাণ কৰি নিৰ্বাচনত জয়ী হোৱাটোৱেই বিজেপিৰ নীতি। বিজেপিয়ে কৰা উন্নয়নৰ প্ৰমাণ বেনাৰ, হৰ্ডিং,  পোষ্টাৰৰ মাজতহে আছে, ৰাইজে কোনো উন্নয়ন দেখা পোৱা নাই। বিজেপিৰ চৰকাৰৰ প্ৰতি অসমৰ ৰাইজৰ ২০১৭ চনত আস্থা নাইকিয়া হৈ গ’ল। বিজেপিৰ চৰকাৰৰ দিনত দলং, ৰাস্তাৰ ঠিকা লোৱা ঠিকাদাৰে পইচা নাপায়।’

Apply Now

ইয়াৰ বিপৰীতে নিজৰ কাৰ্য্যকালৰ গুণ বখানি প্ৰাক্তন মুখ্য মন্ত্ৰীজনে সংবাদমেলত কয়, ‘আমাৰ দিনত অৰ্থনৈতিক অৱস্থা বেয়া আছিল। দৰমহা দিব পৰা নাছিলো। ভঁৰাল উদং আছিল। তথাপি আমি উন্নয়নৰ কাম কৰি গৈছিলো।’ sports capital, সোণোৱাল থকা অতিথিশালা কংগ্ৰেছৰ দিনত হৈছিল।’

বিজেপিয়ে হিন্দুক লৈ ৰাজনীতি কৰাৰ বিপৰীতে এ আই য়ু ডি এফে মুচলমানক লৈ ৰাজনীতি কৰে আৰু এওঁলোকৰ ৰাজনীতিৰ মিল আছে বুলি তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে অশীতিপৰ ৰাজনীতিকজনে।

আনহাতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিষয়ে মন্তব্য কৰি কয় যে সোণোৱাল মানুহটো দ্বৈত ৰূপৰ। সোণোৱালক এফালে এন আৰ চিও লাগে আৰু আনফালে নাগৰিকত্ব সংশোধনী বিধেয়কো বিচাৰে।

শিলাদিত্যৰ বিতৰ্কিত মন্তব্যৰ প্ৰতি বিজেপিৰ সমৰ্থন আছে বুলিও অভিযোগ কৰে গগৈয়ে। আনহাতে তেওঁ প্ৰফুল্ল মহন্তক গভৰ্ণৰ হ’বলৈ লাগে বাবেহে তেওঁ নাগৰিকত্ব বিলখন উত্থাপন হওঁতে বিৰোধ নকৰিলে বুলিও কটাক্ষ কৰে।

‘আমি হিন্দু বাংলাদেশীক শৰণাৰ্থীৰ মৰ্য্যাদা দিছিলো, কিন্তু নাগৰিকত্ব প্ৰদান কৰিব বিচৰা নাছিলো। বিজেপিয়ে শৰণাৰ্থীৰ পৰিৱৰ্তে নাগৰিকত্ব দিবলৈ ওলাইছে।’ এইবুলি কয় প্ৰাক্তন মুখ্য মন্ত্ৰীজনে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd