• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়তৰ প্ৰাৰ্থীৰ যোগ্যতাত প্ৰশ্ন কৰাৰ পূৰ্বে প্ৰধান মন্ত্ৰী মোদীৰ যোগ্যতাৰ বিষয়ে সোধক : দেৱব্ৰত শইকীয়া

ভোটাৰ ইমান বুৰ্বক নহয়, তেওঁলোকে নিৰীক্ষণ কৰি থাকে আৰু তাৰ ভিত্তিতে নিৰ্বাচন কৰে : শইকীয়া

মুকুট দাস by মুকুট দাস
November 25, 2018 1:09 pm
Debabrata Saikia press meet

অসম প্ৰদেশ কংগ্ৰেছে ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা সংবাদমেলত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু অন্যান্যসকল। ২৪ নৱেম্বৰত। ফটো : য়ু বি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাংবাদিকৰ প্ৰশ্নৰ এটা চোকা উত্তৰত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই আজি কয় যে পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ যোগ্যতাক লৈ প্ৰশ্ন কৰাৰ পূৰ্বে প্ৰধান মন্ত্ৰী মোদীৰ যোগ্যতাৰ বিষয়ে সোধা উচিত।

“প্ৰাৰ্থীসকলৰ যোগ্যতাক লৈ প্ৰশ্ন কৰাৰ পূৰ্বে সংবাদ মাধ্যমে ভাৰতৰ প্ৰধান মন্ত্ৰীক তেওঁৰ যোগ্যতা সন্দৰ্ভত প্ৰশ্ন কৰক।” দেৱব্ৰত শইকীয়াই কয়।

Apply Now

উল্লেখযোগ্য যে আজি অসম প্ৰদেশ কংগ্ৰেছে ৰাজীৱ ভৱনত অনুষ্ঠিত কৰা এখন সংবাদমেলত উপস্থিত সাংবাদিকে ‘কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনত উঠোৱা প্ৰাৰ্থীয়ে দেশৰ প্ৰধান মন্ত্ৰীৰ নামো নাজানে’ বুলি কৈ ‘অযোগ্য প্ৰাৰ্থীক টিকট দিয়া হৈছে নেকি’ বুলি প্ৰশ্ন কৰিছিল। ইয়াৰ উত্তৰতে বিৰোধী দলপতিজনে দেশৰ প্ৰধান মন্ত্ৰীজনৰ যোগ্যতালৈ আঙুলিয়াই দি এক প্ৰকাৰৰ কটাক্ষ কৰে।

আনহাতে বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ‘কংগ্ৰেছ আৰু আলফা (স্বাঃ)ৰ একেই চৰিত্ৰ’ বুলি কৰা মন্তব্যৰ প্ৰসংগত দেৱব্ৰত শইকীয়াই প্ৰশ্ন কৰে, “কংগ্ৰেছ আৰু আলফাই বংশগত ৰাজনীতি অনুসৰণ কৰা বুলি কৈ আলফা (স্বাঃ)ৰ সৈতে দলটোক ৰিজাবলৈ তেওঁ (শৰ্মাই) ক’ত সাহস পালে?”

“কংগ্ৰেছে সদায়ে ইয়াৰ কৰ্মীসকলৰ সৰ্বসন্মত সিদ্ধান্তক সন্মান কৰি আহিছে। এয়া বংশগত ৰাজনীতি নহয়।” শইকীয়াই কয়।

ইফালে ৰাজ্যত আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি সন্দৰ্ভতো বিৰোধী দলপতিজনে মন্তব্য কৰে। “গেৰুৱা দলটোৱে ইয়াৰ নিজৰ স্বাৰ্থক আগত ৰাখি কাম কৰি আছে। অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থক লৈ তেওঁলোক চিন্তিত নহয়।”

ৰাজ্যখনত পঞ্চায়তীৰাজ ব্যৱস্থাটোক বিজেপিয়ে ধ্বংস কৰি দিলে বুলিও অভিযোগ আনে দেৱব্ৰত শইকীয়াই। “এতিয়া চৰকাৰে পঞ্চায়তলৈ ধন আবণ্টন নিদিয়ে। আমি কোনো উন্নয়ন দেখা নাই। মানুহে এতিয়াও বাঁঙৰ ভগা দলঙেৰেই অহা-যোৱা কৰি আছে। ৰাস্তাত এম্বুলেন্স নচলা বাবে ৰোগীক এতিয়াও বহু ঠাইত বোকোচাত তুলি নিব লগা হৈ আছে। ৰাজ্যখনৰ এই অৱস্থা অতি দুখ লগা।” শইকীয়াই কয়।

বিজেপিয়ে দিয়া দুৰ্নীতি নিৰ্মূলৰ প্ৰতিশ্ৰুতিও অসাৰ বুলি দাবী কৰে শইকীয়াই। দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীলতাৰ শ্ল’গান এতিয়া অসাৰ হ’ল। শইকীয়াৰ মত। তেওঁ ৰাজ্যৰ জনগণে পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ অপকৰ্মৰ প্ৰত্যুত্তৰ দিব বুলি তেওঁ দাবী কৰে। “মানুহ ইমান বুৰ্বক নহয়। তেওঁলোকে নিৰীক্ষণ কৰি থাকে আৰু তাৰ ভিত্তিতে নিৰ্বাচন কৰে। এই কথাৰ বিজেপিয়ে প্ৰমাণ পাব।” শইকীয়াৰ মন্তব্য।

আজিৰ সংবাদমেলখনত দলটোৰ এগৰাকী নেত্ৰী ববিতা শৰ্মা, জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেকো উপস্থিত আছিল।

মুকুট দাস

মুকুট দাস

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd