শুকুৰবাৰৰ পৰা ডিব্ৰুগড়ৰ চৌকিডিঙি খেলপথাৰত আৰম্ভ হ’বলগীয়া কৃষি-উদ্যান শস্য প্ৰদৰ্শনী মেলাৰ চতুৰ্থ সংস্কৰণটোৱে অসমৰ কৃষি খণ্ডৰ ববাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে ৰাজ্যখনৰ কৃষিমন্ত্ৰী অতুল বৰাই। শুকুৰবাৰে ৰাতিপুৱা ১১ বজাত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আনহাতে, অহা ৮ জানুৱাৰিৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকিব অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু।
প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত আয়োজন কৰা এই প্ৰদৰ্শনী মেলাখন যোৱা বছৰ গুৱাহাটীত অনুষ্ঠিত হৈছিল। ‘’ অসম আন্তৰ্জাতিক কৃষি-উদ্যান শস্য মেলাই অসমৰ কৃষি, উদ্যান শস্য, খাদ্য সংসাধনকে ধৰি ইয়াৰ লগত সংশ্লিষ্ট খণ্ডক উদগণি যোগাব। কৃষিজাত সামগ্ৰীৰ মেলা তথা প্ৰদৰ্শনীৰ লগতে এই মেলাত আলোচনা চক্ৰ, নেটৱৰ্কৰ সমাৱেশ, পুষ্পসজ্জা, কৃষক সমাৱেশ আৰু অন্যান্য জাকজমকতাপূৰ্ণ অনুষ্ঠান থাকিব,’’- এখন সংবাদ মেলত কংষিমন্ত্ৰী অতুল বৰাই এই কথা প্ৰকাশ কৰিছে। তেওঁ জনায় যে এই অনুষ্ঠানত বহু বিদেশী ৰাষ্ট্ৰয়ো অংশ গ্ৰহণ কৰিব।
‘’কৃষি প্ৰযুক্তি সম্পৰ্কে বহু কথা জানিব পৰাকৈ কৃষকৰ বাবে এইখন হ’ব এখন বিশাল মঞ্চ,’’-তেওঁ কয়। তেওঁ লগতে জনায় যে অসম কৃষিখণ্ডত পিছ পৰি আছে কিন্তু এই মেলাই অসমৰ কৃষকসকলক বহু কথা জনাৰ আৰু কৃষি পদ্ধতি উন্নীত কৰাৰ বাবে সহায় কৰিব।
এই প্ৰদৰ্শনী মেলাখন আয়োজন কৰিছে অসম কৃষি বিশ্ববিদ্যালয়, নাবাৰ্ড আৰু ইণ্ডিয়ান চেম্বাৰ অপ কমাৰ্ছৰ সহযোগত ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য তথা খাদ্য সংসাধন বিভাগে।
‘’ দেশৰ বিভিন্ন অংশৰ ২০০ খনতকৈয়ো অধিক বিপনীয়ে মেলাত অংশ গ্ৰহণ কৰিব। এই মেলাই আমাৰ স্থানীয় কৃষকসকলক কৃষি প্ৰযুক্তি সম্পৰ্কে শিকাৰ সুযোগ আগবঢ়াব। মেলাৰ প্ৰতিটো দিনতে আলোচনাৰ অনুষ্ঠান থাকিব। এইটোৱে স্থানীয় কৃষকসকলক উপকৃত কৰিব। আমাৰ এই মেলাৰ মুখ্য লক্ষ্য হৈছে আমাৰ ব্যৱসায় বৃদ্ধি কৰা আৰু স্থানীয় কৃষকক সহায় কৰা,’’-মন্ত্ৰী বৰাই জানিবলৈ দিয়ে।
তেওঁ জনায় যে থাইলেণ্ড, নেপাল, টাইৱান, বাংলাদেশ, ইটালী, চুইডেন, ভূটান, ম্যানমাৰ আৰু নেদাৰলেণ্ডৰ দৰে দেশে মেলাত অংশগ্ৰহণ কৰিব।
‘’উজনি অসমৰ লোকসকল নামনি অসমৰ তুলনাত কৃষি কৰ্মত কম জড়িত আৰু এই মেলাই তেওঁলোকক কৃষিৰ প্ৰতি উদগণি দিব। আমি মেলাত কৃষকৰ বাবে কৃষক প্ৰশিক্ষণৰ আয়োজন কৰিম আৰু আঁচনিসমূহ সম্পৰ্কত কৃষকৰ মাজত থকা সন্দেহ ই দূৰ কৰিব। এই প্ৰদৰ্শনীত বিশেষ গ্ৰীন হাউছ আৰু লেণ্ডস্কেপ প্ৰযুক্তিৰ বৈশিষ্ট্যসমূহ দাঙি ধৰা হ’ব,’’-কৃষিমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে।