• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰৰ উদ্যোগত প্ৰথমবাৰলৈ ‘বীৰ ৰাঘৱ মৰাণ’ দিৱস; কোন আছিল এই ৰাঘৱ মৰাণ?

সুখীধৰ দহোতীয়ালৈ অসম চৰকাৰৰ বীৰ ৰাঘৱ মৰাণ বঁটা, ২০১৮

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 17, 2018 10:35 pm
Ragav Moran Award

বীৰ ৰাঘৱ মৰাণ দিৱসত মুখ্য মন্ত্ৰীয়ে ৰাঘৱ মৰাণ বঁটা, ২০১৮ প্ৰদান কৰিছে বিশিষ্ট সমাজকৰ্মী সুখীধৰ দহোতীয়াক।

225
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পোনপ্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ সাংস্কতিক পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু অসম মৰাণ সভাৰ সহযোগত আজি কেন্দ্ৰীয়ভাৱে ‘বীৰ ৰাঘৱ মৰাণ দিৱস’ অনুষ্ঠিত হয়।

গুৱাহাটীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এই দিৱসত বিশিষ্ট সমাজসেৱক তথা মৰাণ ভাষা, লোকসংস্কৃতিৰ সাধক সুখীধৰ দহোতীয়ালৈ অসম চৰকাৰে আগ বঢ়ায় ২০১৮ বৰ্ষৰ ‘বীৰ ৰাঘৱ মৰাণ বঁটা’।

Apply Now

দহোটীয়াক বঁটা প্ৰদান কৰে মুখ্য মন্ত্ৰী সোণোৱালে। বীৰ ৰাঘৱ মৰাণ বঁটাত আছে এখন শৰাই, অংগবস্ত্ৰ, আৰু ২ লাখ টকাৰ চে’ক। মুখ্য মন্ত্ৰীৰ পৰা বঁটা গ্ৰহণ কৰি সুখীধৰ দহোতীয়াই অত্যন্ত সুখী বুলি জানিবলৈ দিয়ে।

“অসম চৰকাৰলৈ মই ধন্যবাদ জ্ঞাপন কৰিছো। অসমীয়া সমাজ জীৱনলৈ মই যিমানখিনি অৱদান আগ বঢ়োৱা বুলি অনুভৱ কৰিছো, সেইবোৰ কাম যথেষ্ট নহয়।” এইদৰে কয় দহোতীয়াই।

অনুষ্ঠানটোৰ মাজতে নৱপ্ৰজন্মক আহ্বান জনাই দহোতীয়াই কয়, “নৱপ্ৰজন্মই কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কঠোৰ পৰিশ্ৰমৰ জৰিয়তেহে এটা জাতি, এখন সমাজক আমি আগুৱাই নিব পাৰিম।”

আনহাতে, উক্ত বঁটা প্ৰদান কৰি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বীৰ ৰাঘৱ মৰাণক এগৰাকী মহান বীৰ তথা দেশপ্ৰেমিক বুলি উল্লেখ কৰে। “এইগৰাকী মহান বীৰে শ্ৰমজীৱী জনসাধাৰণৰ আশা-আকাংক্ষাক প্ৰতিফলিত কৰিছিল।” মুখ্য মন্ত্ৰীয়ে কয়।

তদুপৰি মুখ্য মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগতে বঁটাপ্ৰাপক সুখীধৰ দহোতীয়াৰ কৰ্মৰাজিৰো শলাগ লয়। “দহোতীয়াই নিজৰ শ্ৰম আৰু সাধনাৰে কেৱল মৰাণ জনগোষ্ঠীৰে নহয়, সমগ্ৰ অসমৰ বাবে এক আদৰ্শ প্ৰতিষ্ঠা কৰিছে।” মুখ্য মন্ত্ৰীৰ মন্তব্য।

আজিৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত সহযোগিতা আগ বঢ়োৱা সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ সভাপতি অৰুণ জ্যোতি মৰাণে ৰাজ্য চৰকাৰৰ এই প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে পোনপ্ৰথমবাৰৰ বাবে বীৰ ৰাঘৱ মৰাণৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।

অনুষ্ঠানটোত দিচপুৰ সমষ্টিৰ বিজেপিৰ বিধায়ক অতুল বৰা, শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া, জ্যোতি চিত্ৰবন ফ্লিম ষ্টুডিঅ’ৰ অধ্যক্ষ পবিত্ৰ মাৰ্ঘেৰিটা, মৰাণ সাহিত্য সভাৰ সভাপতি তৰুণ মৰাণ, অসম মৰাণ সভাৰ সভাপতি দুলাল মৰাণকে ধৰি অন্য বহুকেইজন উপস্থিত থাকে।

কোন আছিল এই বীৰ ৰাঘৱ মৰাণ, যুঁজিছিল কাৰ বিৰুদ্ধে?

বীৰ ৰাঘৱ মৰাণক স্মৰণ কৰি পোনপ্ৰথমবাৰৰ বাবে আজি অসম চৰকাৰৰ সাংস্কতিক পৰিক্ৰমা মন্ত্ৰ্যালয় আৰু অসম মৰাণ সভাৰ সহযোগত বীৰ ৰাঘৱ মৰাণ দিৱস পতা হয়। কিন্তু কোন আছিল এই ৰাঘৱ মৰাণ?

ৰাঘৱ মৰাণ আছিল মৰাণ জনগোষ্ঠীৰ এজন সাধাৰণ স্তৰৰ নেতা। কিন্তু ঘটনাৰ পাকচক্ৰত তেওঁ হয়গৈ মৰাণসকলৰ স্বাভিমানৰ প্ৰতীক। আহোম শাসন ব্যৱস্থাত বৰাহী, মৰাণ, কছাৰী, চুতীয়া আদি থলুৱা জনগোষ্ঠীসকলৰো ডাঙৰ ভূমিকা আৰু ঘনিষ্ঠতা আছিল যদিও মাজে মাজে সংঘাতৰ সৃষ্টিও হৈছিল। ইয়াৰ মাজত মোৱামৰীয়া বিদ্ৰোহ আছিল আটাইতকৈ ডাঙৰ বিদ্ৰোহ, যি আহোম সাম্ৰাজ্যৰ কঁকাল ভাঙি দিছিল। ঘাইকৈ সংগঠিত মৰাণসকলৰ দ্বাৰা সূচনা হোৱা এই মোৱামৰীয়া বিদ্ৰোহৰ নেপথ্যৰ মানুহজনেই আছিল ৰাঘৱ মৰাণ।

বুৰঞ্জীৰ তথ্য মতে, মৰাণসকলে আহোম ৰজাক হাতীৰ যোগান ধৰিছিল। কিন্তু অকামিলা হাতী যোগান ধৰা বুলি সেই সময়ৰ স্বৈৰাচাৰী ৰাজবিষয়া কীৰ্তি চন্দ্ৰ বৰবৰুৱাই (গেন্ধেলা বৰুৱা)ই হাতী যোগান ধৰিবলৈ অহা মৰাণ নেতা ৰাঘৱ মৰাণ আৰু নাহৰ শইকীয়াক ককৰ্থনা আৰু শাৰীৰিকভাৱে অপদস্থ কৰে।

তাৰ পিছতে দুয়োজনে ঘূৰি গৈ নিজৰ মানুহৰ মাজত এই কথা বেকত কৰে আৰু জনগোষ্ঠীটোৰ ধৰ্মীয় গুৰুক মোৱামৰীয়া মহন্তকো কথাটো জনায়। এই অপমানৰ পোটক তুলিবলৈকে পিছত মোৱামৰীয়া মহন্তৰ শিষ্যসকলে আহোম ৰজাৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহৰ পাতনি মেলে। ইয়াক শোষিত, অপমানিত সাধাৰণ প্ৰজাই ৰজাঘৰীয়া স্বৈৰাচাৰৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ সৈতে তুলনা কৰা হয়। প্ৰথমটো মোৱামৰীয়া বিদ্ৰোহৰ সূচনা হৈছিল ১৭৬৯ খ্ৰীষ্টাব্দত।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

আনৰে সম্পৰ্কত গোবিন্দা, পূৰ্বেই অভিযোগ কৰিছিল পত্নী সুনীতাই! সম্পত্তি কোনে পাব, তাকো প্ৰকাশ কৰিলে এইবাৰ

June 14, 2026 11:56 am
বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

বিশ্বকাপত পুনৰ বিতৰ্ক, এইবাৰ ছালাহৰ দেশ ইজিপ্তৰ জাৰ্ছীত ফিফাৰ নিষেধাজ্ঞা

June 14, 2026 10:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

‘তেওঁলোকে সকলো জ্বলাই দিছিল’, নিজ হাতেৰে ৩০ হাজাৰ গছপুলি ৰোপণ কৰি সেউজ বাৰ্তা মিলিন্দ সুমনৰ

June 14, 2026 2:17 pm
মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

মাজ নিশা চোকা অস্ত্ৰৰে আক্ৰমণ আততায়ীৰ; লণ্ডনত ভাৰতীয় যুৱকক হত্যাৰ অভিযোগ

June 14, 2026 12:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd