• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দীপালী বৰঠাকুৰৰ প্ৰতি শ্ৰদ্ধা জনাই অসম সাহিত্য সভাই কাইলৈ পতাকা অৰ্ধনমিত ৰাখিব

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 21, 2018 10:41 pm
Untitled-1 copy (21)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি প্ৰয়াণ ঘটা কোকিলকণ্ঠী গায়িকা শিল্পী দীপালী বৰঠাকুৰৰ প্ৰতি শ্ৰদ্ধা জনাই অসম সাহিত্য সভাই কাইলৈ, অৰ্থাৎ ২২ ডিচেম্বৰ ২০১৮ত সভাৰ পতাকা অৰ্ধনমিত কৰি ৰাখিব। এই কথা জানিবলৈ দিছে অসম সাহিত্য সভাৰ মুখপাত্ৰ পংকজ কুমাৰ দত্তই জনাইছে।

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়, আঞ্চলিক কাৰ্যালয়, জিলা সাহিত্য সভাৰ কাৰ্যালয়কে ধৰি সভাৰ সকলো কাৰ্যালয়ক এই সংক্ৰান্তত যাৱতীয় নিৰ্দেশ দিছে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই।

Apply Now

বিভিন্নজন শিল্পী, সাহিত্যকিৰ শোক প্ৰকাশ

আনহাতে কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ মৃত্যুত ম্ৰিয়মাণ হৈ পৰিছে ৰাজ্যৰ শিল্পী, সাহিত্যিককে ধৰি সৰ্বস্তৰৰ লোক। তেওঁৰ দেহাৱসানৰ বাতৰি পাই আজি অগণন গুণমুগ্ধই নেমকেয়াৰ হস্পিটেলত ভিৰ কৰে।

দীপালী বৰঠাকুৰলৈ শেষ শ্ৰদ্ধাঞ্জলি জনায় বিশিষ্ট শিল্পী, গীতিকাৰ সূৰ্য দাসে কয়, “দীপালী বৰঠাকুৰক মই কাৰোৰে সৈতে তুলনা নকৰো। তেওঁ অসমৰ কোকিলকণ্ঠী, তেওঁ মোৰ অসমৰ মইনা। অসমৰ প্ৰকৃতিৰ লগত, মাটি-পানীৰ লগত তেওঁৰ সুৰৰ সম্পৰ্ক আছিল। আজিৰ প্ৰজন্মই দীপালী বৰঠাকুৰৰ কণ্ঠৰ যোগ্যতা অৰ্জন কৰিব পাৰিব নে নাই মোৰ সন্দেহ আছে। কিয়নো এতিয়া আধুনিকতা এনেকৈ শিপাব বিচাৰিছে যে সংস্কৃতিৰ ঢোলটো ওলটা ফালে বজাব বিচাৰিছে।”

তেওঁ বৰঠাকুৰৰ সৈতে ৬০ৰ দশকত একেলগে বিভিন্ন স্থানত সংগীত পৰিৱেশন কৰা দিনবোৰৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰে।

চিকিৎসালয়খনত উপস্থিত হৈ জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে কয়, “দীপালী বৰঠাকুৰৰ সংগীত সাধনা, তেওঁৰ সুৰ, সুললিত কণ্ঠ আৰু আধুনিক গীতক প্ৰাণৱন্ত কৰি তোলাৰ ক্ষেত্ৰত তেওঁৰ অনবদ্য অৱদান অসমীয়া সংগীত জগতৰ বাবে অনুকৰণীয় হৈ থাকিব আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ থাকিব।”

প্ৰয়াত শিল্পীগৰাকীয়ে অসুস্থতা সত্ত্বেও এক বৰ্ণাঢ্য জীৱন কটাইছিল বুলি মন্তব্য কৰি হাইদৰ হুছেইনে শিল্পীগৰাকীৰ স্বামী তথা বিশিষ্ট চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ সৈতে ইজনে সিজনৰ প্ৰতি থকা অপৰিসীম স্নেহেৰে এক আদৰ্শ প্ৰতিষ্ঠা কৰিছিল বুলি মন্তব্য কৰে।

শিল্পী তৰালী শৰ্মাই কয়, “দীপালী বৰঠাকুৰ আমাৰ বাবে উৎসাহ আৰু প্ৰেৰণা। ভাল কাম কৰিবলৈ কিছুমান মানুহৰ প্ৰেৰণাৰ প্ৰয়োজন হয়, সেই সকলৰ ভিতৰত দীপালী বৰঠাকুৰো আছে। তেওঁ শাৰীৰিকভাৱে অসুস্থ হৈ বহুদিন কটাব লগীয়া হৈছিল যদিও তেওঁ কায়িকভাৱে আছিল আৰু সেয়াই আছিল প্ৰেৰণা।”

আজিৰ দিনটো অসমবাসীৰ বাবে বহুত দুখৰ দিন বুলি কয় অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে। তেওঁ লগতে দীপালী বৰঠাকুৰে তেওঁৰ গীতৰ মাজেৰে অসমৰ ৰাইজৰ মাজত সদায় জীয়াই থাকিব বুলি মন্তব্য কৰে।

দীপালী বৰঠাকুৰৰ মৃত্যুত এটা যুগৰ অৱসান ঘটিল বুলি মন্তব্য কৰে বিশিষ্ট অভিনেতা যতীন বৰাই। “অসমত দ্বিতীয় এগৰাকী দীপালী বৰঠাকুৰৰ জন্ম হ’ব বুলি মই নাভাবো” যতীন বৰাই কয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd