• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰৱৰ্তন হ’ব ভূমি ৰাজহ সংগ্ৰহৰ নতুন পদ্ধতি; সামৰণি পৰিল মৌজাদাৰ সন্মিলনৰ দ্বি-বাৰ্ষিক অধিৱেশন

মিণ্টু দাস by মিণ্টু দাস
December 23, 2018 11:55 am
Mouzadar Sanmillan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সদৌ অসম মৌজাদাৰ সন্মিলনৰ পঞ্চদশতম দ্বি-বাৰ্ষিক অধিৱেশনৰ শনিবাৰে সামৰণি পৰে। নগাঁও চহৰৰ আমোলাপট্টি নাট্য মন্দিৰত অনুষ্ঠিত এই অধিৱেশনত অবিভক্ত নগাঁও জিলাৰ লগতে ৰাজ্যৰ ৩৩৯ টা মৌজাৰ মৌজাদাৰসকলে অংশ গ্ৰহণ কৰে।

ৰাজ্যিক সমিতিৰ সভাপতি কৰুণ কুমাৰ বৰুৱাৰ সভাপতিত্বত আজি দুপৰীয়া অনুষ্ঠিত মুকলি সভাত বাৰ্দ্ধক্যজনিত কাৰণত অব্যাহতি লোৱা প্ৰায় কুৰিগৰাকী মৌজাদাৰক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পূৰ্বে মুকলি সভাখন উদ্বোধনী কৰি দিয়া ভাষণত কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইয়ে মৌজাদাৰসকলৰ বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰি চৰকাৰে এই সমস্যাসমূহ সমাধান কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি সদৰী কৰে।

Apply Now

আদৰণি সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক ৰূপক শৰ্মাই দিয়া আদৰণি ভাষণত কয় যে মৌজাদাৰসকলে চৰকাৰী আঁচনিৰ কাম-কাজত সহযোগিতা কৰি ৰাজ্যখনৰ উন্নয়নত পদক্ষেপ ল’বলৈ আহ্বান জনায়।

সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই সমৃদ্ধিশালী অসম গঢ়াৰ ক্ষেত্ৰত মৌজাদাৰসকলৰ ভূমিকা অপৰিসীম বুলি মন্তব্য কৰে। চৰকাৰে ভূমি ৰাজহ সংগ্ৰহৰ বাবে নতুন পদ্ধতি প্ৰৱৰ্তন কৰাৰ চিন্তা চৰ্চা অব্যাহত ৰখা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অচিৰেই মৌজাদাৰসকলক লৈ এটা প্ৰতিনিধি দল উত্তৰ প্ৰদেশ আৰু তেলেংগাংগালৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

ইপিনে, অধিৱেশন উপলক্ষে প্ৰকাশ কৰা “ধৰিত্ৰী” নামৰ স্মৰণিকা উন্মোচন কৰে মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰা আৰু নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰাই।

মৰিগাঁৱৰ উপায়ুক্ত ঋতুৰাজ বৰা, অতিৰিক্ত উপায়ুক্ত লক্ষ্মীনন্দন চহৰীয়া, অৰূপ পাঠক নগাঁৱৰ অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা আদিয়ে অংশগ্ৰহণ কৰা উক্ত সভাত মৌজাদাৰসকলে তেওঁলোকৰ কাৰ্যালয় পৰিচালনা কৰাৰ বাবে প্ৰতি মাহে ন্যূনতম ২০ হাজাৰ টকা সাহাৰ্য প্ৰদান কৰাকে ধৰি বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ ৰাজহ মন্ত্ৰীগৰাকীক প্ৰদান কৰে।

কালি নিশা সামৰণি পৰা প্ৰতিনিধি সভাত কৰুণ কুমাৰ বৰুৱাক সভাপতি আৰু উৎপল দাসক সাধাৰণ সম্পাদক হিচাপে লৈ এখন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd