• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আৰু বাংলাদেশ ভাই ভাই আছিল, আগলৈয়ো সেয়া ৰাখিব লাগিব : ড০ পৰমানন্দ ৰাজবংশী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 25, 2018 11:30 pm
Parama Nanda

অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসম সাহিত্য সভাই দুয়োখন দেশৰ সেঁতু বন্ধনৰ বাবে যি কৰিব লাগে কৰিম।‘ চানমাৰিত চলি থকা ৩২ তম গুৱাহাটী গ্ৰন্থমেলাত চতুৰ্থ দিনা বংগ বন্ধু শ্বেখ মজিবুৰ ৰহমানৰ ‘অসমাপ্ত আত্মজীৱনী’ উন্মোচন কৰি ভাষণ প্ৰসংগত এই মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

তেওঁ লগতে কয়, ‘বাংলাদেশৰ মানুহ কঠোৰ পৰিশ্ৰমী, অসমৰ মানুহ কঠোৰ পৰিশ্ৰমী নহয়।‘

Apply Now

তদুপৰি ৰাজবংশীয়ে ভৱিষ্যতবাণী কৰি কয়, ‘’বাংলাদেশৰ অৰ্থনৈতিক ভেটি টনকিয়াল হ’লে ভাৰতলৈ আৰু কেতিয়াও বাংলাদেশী নাহে।‘’

ইপিনে, বাংলাদেশৰ অৰ্থনৈতিক ভেটিক লৈ মন্তব্য কৰোঁতেই তেওঁ টানি আনে ভাৰতৰ এক প্ৰসংগ। তেওঁ কয়, ‘’ভাৰতবৰ্ষ অৰ্থনৈতিকভাৱে পিছ পৰি গ’লে বাংলাদেশলৈ প্ৰব্ৰজন হ’ব। তাৰ পৰাও ভাৰতলৈ অহা প্ৰব্ৰজন বন্ধ হ’ব।‘’

তেওঁ ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি আহ্বান জনাই কয়, ‘’আমাৰ ছাত্ৰ-ছাত্ৰীসকল বাংলাদেশলৈ যাওঁক, এসময়ত এইখন আমাৰেই দেশ আছিল।‘’

‘’অসম আৰু বাংলাদেশৰ মাজত কোনো পাৰ্থক্য নাই, পাৰ্থক্য মাথোঁ ৰাজনৈতিক,‘’ ভাষণ প্ৰসংগত এইদৰে কয় ৰাজবংশীয়ে।

ৰাজবংশীয়ে লগতে কয়, ‘’উজনি অসমত বিহু যেনেকৈ জনপ্ৰিয় ঠিক তেনেকৈ পশ্চিম অসম আৰু বাংলাদেশত অধিক জনপ্ৰিয় কিষাণ গান, ভয়াচৎকা।‘‘

আনহাতে, বাংলাদেশী বুলি কোৱাৰ লগে লগে বৰ্তমান অসমৰ মানুহৰ মাজত অস্বস্তিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে বুলি উল্লেখ কৰি তেওঁ কয়, ‘’ইয়াৰ জৰিয়তে উত্তৰ প্ৰজন্মৰ মাজত এক বিষবাস্প বিয়পাই দিয়াৰ চেষ্টা কৰা হৈছে।‘’

ইপিনে, বাংলাদেশৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা বুলি কয়।

‘’বাংলাদেশৰ প্ৰধান মন্ত্ৰী শ্বেখ হাচিনা আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক গুৰুত্বপূৰ্ণ আলোচনা চলাই আছে। এই আলোচনাত দেশ দুখনৰ উচ্চ আয়ুক্ত দুগৰাকী জৰিত,’‘-ভাষণ প্ৰসংগতে এই কথা ব্যক্ত কৰে ৰাজবংশীয়ে।

ৰাজবংশীয়ে দাবী কৰা মতে, ‘’এই গুৰুত্বপূৰ্ণ কামতো হৈছে বাংলাদেশত অসমৰ দাঁতিকাষৰীয়া বহু অঞ্চল আছে। সেই সমগ্ৰ অঞ্চলৰ মানুহখিনিক অৰ্থনৈতিকভাৱে সবল কৰাৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। পদ্মা নদীৰ ওপৰত দলং সজাৰ কাম আৰম্ভ কৰিছে বাংলাদেশ চৰকাৰে।‘’

আনহাতে, বাংলাদেশৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে ভাৰত তথা অসম চৰকাৰে বহুখিনি সহায় কৰিছে বুলি ৰাজবংশীয়ে কয়।

এইক্ষেত্ৰত দুয়োখন চৰকাৰকে ধন্যবাদ জ্ঞাপন কৰি তেওঁ লগতে কয়, ‘’ভাষা-সংস্কৃতিৰ মাজতো সমন্বয় ৰক্ষা কৰিবৰ বাবে অসম সাহিত্য সভাই এখন দলং সাজিব লাগিব।‘’

ইপিনে, উক্ত গ্ৰন্থখনৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমীয়াতে ভাষণ আৰম্ভ কৰি সমূহ অসমবাসী তথা ‘’অসমাপ্ত আত্মজীৱনী’’ শীৰ্ষক গ্ৰন্থখনৰ অসমীয়া অনুবাদক ব্যতিক্ৰমী মাছদ’ৰ সভাপতি ড০ সৌমেন ভাৰতীয়াই কৃতজ্ঞতা জ্ঞাপন কৰে।

তদুপৰি, তেওঁ অসমৰ বীৰ লাচিত বৰফুকন, মুক্তিযোদ্ধা তৰুণৰাম ফুকন আৰু মণিৰাম দেৱানৰ নাম বৰ্তমানো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত নোহোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰে। লগতে চক্ৰেটিছ, চেইক্সপিয়েৰৰ দৰে এই বীৰসকলৰ নামো বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে সকলোৱে প্ৰয়াস কৰিব লাগিব বুলিও তেওঁ কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd