NORTHEAST NOW (Assamese)
অসম

গুগ’ল প্লে ষ্ট’ৰত উপলব্ধ এপৰ জৰিয়তে ৩০০ মিটাৰ দূৰৰ পৰা নিয়ন্ত্ৰণ কৰিব পাৰিব বিদ্যুৎ চালিত যন্ত্ৰ

Posted by: এন ই নাও নিউজ December 28, 2018 5:28 pm
বিদ্যুৎ

এতিয়াৰে পৰা বিদ্যুৎ চালিত যিকোনো যন্ত্ৰ চলাবলৈ ছুইটছ অফ বা অন কৰিব নালাগে। যিহেতু এতিয়াৰে পৰা মোবাইল এপৰ জৰিয়তে ৩০০ মিটাৰ দূৰৰ পৰাই যিকোনো বিদ্যুৎ চালিত যন্ত্ৰ যেনে ফেন, বাল্ব আদিৰ ছুইটছ অফ অন কৰিব পাৰিব।

গুৱাহাটী জি এম টিত অধ্যয়নৰত বি চি এপ ছাত্ৰ তথা দৰং জিলাৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত উলুবাৰী গাঁৱৰ মেধাৱী যুৱক মুস্তাফিজুৰ ৰহমানে আৱিষ্কাৰ কৰি উলিয়াইছে এই বিশেষ যন্ত্ৰটো।  প্ৰায় এমাহতকৈও অধিক সময়ৰ চেষ্টাৰ অন্তত যুৱকজনে এই যন্ত্ৰটো আৱিষ্কাৰ কৰি উলিয়াবলৈ সক্ষম হৈছে বুলি জনোৱাৰ লগতে যন্ত্ৰটোৰ নিৰ্মাণ ব্যয় ২০০০ টকা বুলিও যুৱকজনে জনায়।

গুগ’ল প্লে ষ্ট’ৰত উপলব্ধ মাই ডিজিটেল হোমৰ দ্বাৰা এপ্লিকেশ্যনৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পৰাকৈ আৱিষ্কৃত মাইক্ৰ কণ্ট্ৰলাৰ যন্ত্ৰ জৰিয়তে সকলো বিদ্যুৎ চালিত যন্ত্ৰ অন অফ কৰিব পৰা যাব।

ৰহমানে আৱ্ষ্কিাৰ কৰা এই যন্ত্ৰটো ‘মাই ডিজিটেল হোম’ নামৰ এপৰ সৈতে ব্লু-টুথ সংযোগ কৰি ৩০০ মিটাৰ দূৰৰ পৰা বিদ্যুৎ চালিত যন্ত্ৰ সমূহ নিয়ন্ত্ৰণ কৰিব পৰা যাব।

আনহাতে অনাগত দিনত ৰহমানে ডিজিটেল ৱাটাৰ টেংক আৱিষ্কাৰ কৰিব বুলিও জানিবলৈ দিয়ে। যি ডিজিটেল ৱাটাৰ টেংকৰ দ্বাৰা টেংকি খালী হ’লে স্বয়ংক্ৰিয়ভাৱে পানীৰে পৰিপূৰ্ণ হ’ব।