• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বটদ্ৰৱা থানক গেৰুৱাকৰণৰ চেষ্টা কৰা সাধাৰণ সম্পাদকক দায়িত্বৰ পৰা অব্যাহতি

হিন্দু যুৱ ছাত্ৰ পৰিষদৰো মুখ্য উপদেষ্টা ব্ৰজেন কাকতী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2018 11:43 am
Brajen Kakati_3

ঘৰুৱা পৰিৱেশত অনুৰাগীৰ সৈতে অন্তৰংগ মুহূৰ্তত ব্ৰজেন কাকতী। ফটোৰ উৎস : ফেইচবুক।

1.2k
VIEWS
Share on FacebookShare on Twitter

গুৰুজনাৰ জন্মস্থান তথা বৈষ্ণৱ ভকতৰ অতি শ্ৰদ্ধেয় বটদ্ৰৱা থানক গেৰুৱাকৰণ কৰিব খোজা থানখনৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতীক অব্যাহতি দিছে সমিতিয়ে। ৩০ ডিচেম্বৰত বহা সমিতিৰ এখন কাৰ্য্যনিৰ্বাহক সভাত এই সিদ্ধান্ত লোৱা হয়।

কাকতীয়ে দীৰ্ঘদিনৰ পৰা থানখনক গেৰুৱাকৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল বুলি অভিযোগ উত্থাপন কৰি আহিছিল স্থানীয় একাংশ বৈষ্ণৱ অনুৰাগী আৰু সমিতিৰে কিছু সংখ্যক সদস্যই। তেওঁৰ পদত্যাগ দাবী কৰি আহিছিল এইসকল ক্ষুব্ধ লোকে। পঞ্চায়ত নিৰ্বাচনৰ পিছতে তেওঁৰ ভূমিকাক লৈ অতি সৰৱ হৈ পৰিছিল বটদ্ৰৱাবাসীৰ লগতে সমিতিৰে কিছু সংখ্যক বিষয়ববীয়া। ফলত কেইদিন মানৰ পূৰ্বে ব্ৰজেন কাকতীয়ে বেক ডেটত চহী কৰি থান সমিতিৰ সভাপতি দেবানন্দ দেৱ গোস্বামীৰ হাতত নিজৰ পদত্যাগ পত্ৰ দিয়ে।

সমিতিয়ে ৩০ ডিচেম্বৰত এক কাৰ্য্যনিৰ্বাহক বৈঠক পাতি কাকতীৰ পদত্যাগ পত্ৰত অনুমোদন জনায়।

মন কৰিব লগীয়া যে ব্ৰজেন কাকতী বৈষ্ণৱ ধৰ্মীয় গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত থাকিও হিন্দু যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা হিচাপেও দায়িত্ব লৈ আহিছিল।

কিন্তু থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক হোৱাৰ সুবাদতে ব্ৰজেন কাকতীয়ে উদাৰ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপকজনৰ জন্মস্থানত থকা বটদ্ৰৱা থানক আৰ এছ এছৰ প্ৰশিক্ষণ স্থলীলৈ পৰিণত কৰি আহিছিল। ২০১৭ চনৰ জুলাই মাহত সত্ৰৰ ভিতৰত আৰ এছ এছৰ এটা প্ৰশিক্ষণ শিবিৰ পতাক লৈ স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছিল।

Brajen Kakati_2
মন্ত্ৰী হিমন্তৰ সৈতে ঘৰুৱা পৰিৱেশত ব্ৰজেন কাকতী। ফটোৰ উৎস : ফেইচবুক।

লগতে এই বছৰৰ ছেপ্তেম্বৰ মাহত সত্ৰখনত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক জন্মজয়ন্তী বা গুৰুজয়ন্তীৰ কাৰ্যসূচীত মহাপুৰুষীয়া আধ্যাত্মিকতাৰ পৰিৱৰ্তে দুৰ্গা পূজা সদৃশ পৰিৱেশ দিয়াৰ আঁৰতো সাধাৰণ মস্পাদক কাকতীৰ হিন্দুত্বকৰণৰ প্ৰয়াস বুলি বহুতে অভিযোগ কৰিছিল। তাৰোপৰি উক্ত গুৰুজয়ন্তীৰ কাৰ্য্যসূচীক ৰাজনৈতিক সভালৈ পৰিণত কৰিছিল থান পৰিচালনা সমিতিয়ে।

স্থানীয় লোক আৰু পৰিচালনা সমিতিৰ কিছু বিষয়ববীয়াৰ আপত্তি আৰু ক্ষোভ সত্ত্বেও ৰাজনৈতিক ক্ষমতাৰে বলীয়ান বাবেই ব্ৰজেন কাকতীৰ সত্ৰখনক এই গেৰুৱাকৰণ অভিযানক সমিতিয়ে বাধা দিব পৰা নাছিল। তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাও হোৱা নাছিল। কিন্তু যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত ব্ৰজেন কাকতীয়ে সোঁশৰীৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি বিজেপিক ভোট দিবলৈ ৰাইজক মুকলিকৈ আহ্বান জনাই ভাষণ দিয়ে। লগতে কংগ্ৰেছ-অগপক ক্ষুৰধাৰ সমালোচনা কৰিছিল।

এইবোৰ দেখি-শুনিও সমিতিয়ে কাকতীৰ বিৰুদ্ধে একো ব্যৱস্থা ল’বলৈ সাহস কৰা নাছিল। কাৰণ সমষ্টিটোৰ বিজেপি বিধায়িকা আঙুৰলতাৰ সৈতে তেওঁৰ ঘনিষ্ঠতা আৰু ৰাজনৈতিক প্ৰভাৱৰ বাবে সাহস কৰা নাছিল।

অৱশেষত ৰাইজৰ তীব্ৰ সমালোচনাৰ মুখত পৰি কাকতীয়ে পদত্যাগ পত্ৰ দিয়াৰ পিছতহে ৩০ ডিচেম্বৰত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেবানন্দ দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্য্যনিৰ্বাহকে তেওঁক অব্যাহতি দিয়াৰ সিদ্ধান্ত লয়।

কাৰ্য্যনিৰ্বাহকে কাকতীৰ ঠাইত বৰ্তমানৰ সহকাৰী সম্পাদক তথা শ’লগুৰি সত্ৰৰ আজীৱন সদস্য ইন্দ্ৰমোহন বৰুৱাক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে। ইয়াৰোপৰি খালী হোৱা সহকাৰী সম্পাদকৰ পদত ৰাইদঙীয়াৰ আজীৱন সদস্য লক্ষী শইকীয়াক মনোনীত কৰে কাৰ্যনিবাহক সভাই৷

গুৰুজনাৰ জন্মস্থানত থকা থানখনৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকৰ পত থাকি উদাৰ বৈষ্ণৱ ধৰ্মীয় অনুষ্ঠান এটাক গেৰুৱাকৰণেৰে ধ্বংস কৰিব খোজা কাকতীৰ বিদায়ত সন্তুষ্টি প্ৰকাশ কৰিছে বটদ্ৰৱাবাসীয়ে।

Recent News

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

পাণ-তামোল খোৱা দাঁত কেনেকৈ পৰিস্কাৰ কৰিব?

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

আজি নিশা ৮ বজাত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

ভাৰত-পাক যুদ্ধ বিৰতিৰ পিছতে চীন-আমেৰিকাৰ ৯০ দিনীয়া ‘শুল্ক যুদ্ধবিৰতি’ ঘোষণা

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

যুদ্ধবিৰতিৰ পিছতে ভাৰতৰ শ্বেয়াৰ বজাৰত উত্থান! ২০০০ পইণ্টৰো অধিক বৃদ্ধি চেন্সেক্স

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd