• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বটদ্ৰৱা থানক গেৰুৱাকৰণৰ চেষ্টা কৰা সাধাৰণ সম্পাদকক দায়িত্বৰ পৰা অব্যাহতি

হিন্দু যুৱ ছাত্ৰ পৰিষদৰো মুখ্য উপদেষ্টা ব্ৰজেন কাকতী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 31, 2018 11:43 am
Brajen Kakati_3

ঘৰুৱা পৰিৱেশত অনুৰাগীৰ সৈতে অন্তৰংগ মুহূৰ্তত ব্ৰজেন কাকতী। ফটোৰ উৎস : ফেইচবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৰুজনাৰ জন্মস্থান তথা বৈষ্ণৱ ভকতৰ অতি শ্ৰদ্ধেয় বটদ্ৰৱা থানক গেৰুৱাকৰণ কৰিব খোজা থানখনৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ব্ৰজেন কাকতীক অব্যাহতি দিছে সমিতিয়ে। ৩০ ডিচেম্বৰত বহা সমিতিৰ এখন কাৰ্য্যনিৰ্বাহক সভাত এই সিদ্ধান্ত লোৱা হয়।

কাকতীয়ে দীৰ্ঘদিনৰ পৰা থানখনক গেৰুৱাকৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছিল বুলি অভিযোগ উত্থাপন কৰি আহিছিল স্থানীয় একাংশ বৈষ্ণৱ অনুৰাগী আৰু সমিতিৰে কিছু সংখ্যক সদস্যই। তেওঁৰ পদত্যাগ দাবী কৰি আহিছিল এইসকল ক্ষুব্ধ লোকে। পঞ্চায়ত নিৰ্বাচনৰ পিছতে তেওঁৰ ভূমিকাক লৈ অতি সৰৱ হৈ পৰিছিল বটদ্ৰৱাবাসীৰ লগতে সমিতিৰে কিছু সংখ্যক বিষয়ববীয়া। ফলত কেইদিন মানৰ পূৰ্বে ব্ৰজেন কাকতীয়ে বেক ডেটত চহী কৰি থান সমিতিৰ সভাপতি দেবানন্দ দেৱ গোস্বামীৰ হাতত নিজৰ পদত্যাগ পত্ৰ দিয়ে।

Apply Now

সমিতিয়ে ৩০ ডিচেম্বৰত এক কাৰ্য্যনিৰ্বাহক বৈঠক পাতি কাকতীৰ পদত্যাগ পত্ৰত অনুমোদন জনায়।

মন কৰিব লগীয়া যে ব্ৰজেন কাকতী বৈষ্ণৱ ধৰ্মীয় গুৰুত্বপূৰ্ণ অনুষ্ঠানটোত থাকিও হিন্দু যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা হিচাপেও দায়িত্ব লৈ আহিছিল।

কিন্তু থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক হোৱাৰ সুবাদতে ব্ৰজেন কাকতীয়ে উদাৰ বৈষ্ণৱ ধৰ্মৰ প্ৰতিষ্ঠাপকজনৰ জন্মস্থানত থকা বটদ্ৰৱা থানক আৰ এছ এছৰ প্ৰশিক্ষণ স্থলীলৈ পৰিণত কৰি আহিছিল। ২০১৭ চনৰ জুলাই মাহত সত্ৰৰ ভিতৰত আৰ এছ এছৰ এটা প্ৰশিক্ষণ শিবিৰ পতাক লৈ স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছিল।

Brajen Kakati_2
মন্ত্ৰী হিমন্তৰ সৈতে ঘৰুৱা পৰিৱেশত ব্ৰজেন কাকতী। ফটোৰ উৎস : ফেইচবুক।

লগতে এই বছৰৰ ছেপ্তেম্বৰ মাহত সত্ৰখনত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭০ সংখ্যক জন্মজয়ন্তী বা গুৰুজয়ন্তীৰ কাৰ্যসূচীত মহাপুৰুষীয়া আধ্যাত্মিকতাৰ পৰিৱৰ্তে দুৰ্গা পূজা সদৃশ পৰিৱেশ দিয়াৰ আঁৰতো সাধাৰণ মস্পাদক কাকতীৰ হিন্দুত্বকৰণৰ প্ৰয়াস বুলি বহুতে অভিযোগ কৰিছিল। তাৰোপৰি উক্ত গুৰুজয়ন্তীৰ কাৰ্য্যসূচীক ৰাজনৈতিক সভালৈ পৰিণত কৰিছিল থান পৰিচালনা সমিতিয়ে।

স্থানীয় লোক আৰু পৰিচালনা সমিতিৰ কিছু বিষয়ববীয়াৰ আপত্তি আৰু ক্ষোভ সত্ত্বেও ৰাজনৈতিক ক্ষমতাৰে বলীয়ান বাবেই ব্ৰজেন কাকতীৰ সত্ৰখনক এই গেৰুৱাকৰণ অভিযানক সমিতিয়ে বাধা দিব পৰা নাছিল। তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাও হোৱা নাছিল। কিন্তু যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত ব্ৰজেন কাকতীয়ে সোঁশৰীৰে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি বিজেপিক ভোট দিবলৈ ৰাইজক মুকলিকৈ আহ্বান জনাই ভাষণ দিয়ে। লগতে কংগ্ৰেছ-অগপক ক্ষুৰধাৰ সমালোচনা কৰিছিল।

এইবোৰ দেখি-শুনিও সমিতিয়ে কাকতীৰ বিৰুদ্ধে একো ব্যৱস্থা ল’বলৈ সাহস কৰা নাছিল। কাৰণ সমষ্টিটোৰ বিজেপি বিধায়িকা আঙুৰলতাৰ সৈতে তেওঁৰ ঘনিষ্ঠতা আৰু ৰাজনৈতিক প্ৰভাৱৰ বাবে সাহস কৰা নাছিল।

অৱশেষত ৰাইজৰ তীব্ৰ সমালোচনাৰ মুখত পৰি কাকতীয়ে পদত্যাগ পত্ৰ দিয়াৰ পিছতহে ৩০ ডিচেম্বৰত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি দেবানন্দ দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্য্যনিৰ্বাহকে তেওঁক অব্যাহতি দিয়াৰ সিদ্ধান্ত লয়।

কাৰ্য্যনিৰ্বাহকে কাকতীৰ ঠাইত বৰ্তমানৰ সহকাৰী সম্পাদক তথা শ’লগুৰি সত্ৰৰ আজীৱন সদস্য ইন্দ্ৰমোহন বৰুৱাক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰে। ইয়াৰোপৰি খালী হোৱা সহকাৰী সম্পাদকৰ পদত ৰাইদঙীয়াৰ আজীৱন সদস্য লক্ষী শইকীয়াক মনোনীত কৰে কাৰ্যনিবাহক সভাই৷

গুৰুজনাৰ জন্মস্থানত থকা থানখনৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকৰ পত থাকি উদাৰ বৈষ্ণৱ ধৰ্মীয় অনুষ্ঠান এটাক গেৰুৱাকৰণেৰে ধ্বংস কৰিব খোজা কাকতীৰ বিদায়ত সন্তুষ্টি প্ৰকাশ কৰিছে বটদ্ৰৱাবাসীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd