• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতিংগাৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল বিজেপিৰ সংগ এৰা ফ্লেমিঙৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
December 31, 2018 6:29 pm
Flamming Rupsi

উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ পৰিষদীয় নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে ফ্লেমিঙ ৰূপছিয়ে। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দ্বাদশ সংখ্যক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ বাবে আজি শতাধিক সমৰ্থক লৈ সহকাৰী ৰিটাৰ্নিঙ বিষয়াৰ ওচৰত নিজৰ মনোনয়ন দাখিল কৰে অলপতে বিজেপি দলৰ পৰা পদত্যাগ কৰা পৰিষদৰ ইএম ফ্লেমিঙ ৰূপছিয়ে।

আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিজৰ মনোনয়ন দাখিল কৰি সংবাদ মাধ্যমৰ আগত ফ্লেমিঙে কয় যে তেওঁ সমষ্টিবাসীৰ সৈতে আলোচনা কৰি বিজেপি দলৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত লয়। ইয়াত অইন কোনো কাৰন নাই।

Apply Now

তেওঁ লগতে কয় যে জাতিংগা সমষ্টিৰ পৰা তেওঁৰ বিজয় নিশ্চিত। বিজেপি, অগপ, কংগ্ৰেছ কোনো দলই তেওঁৰ কাৰনে ফেক্টৰ নহয় বুলি উল্লেখ কৰি তেওঁ জাতিংগাৰ অধিকাংশ ভোটাৰ ৰাইজ তেওঁৰ সপক্ষে আছে বুলি দাবী কৰে।

ফ্লেমিঙে লগতে উল্লেখ কৰে যে তেওঁৰ প্ৰথম অগ্ৰাধিকাৰ নিজৰ সমষ্টিৰ ৰাইজৰ উন্নয়ন আৰু তাৰ পাছতহে দল। কিয়নো ২০১৩ চনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰি পৰবৰ্তী সময়ত বিজেপি দলত যোগ দিব লগা হৈছিল। যি পাৰ্বত্য পৰিষদৰ এক অনন্য পৰম্পৰা।

আনহাতে, তেওঁ কয় যে কোনোবাই যদি নিৰ্বাচন খেলাৰ বাবে হঠাতে সিদ্ধান্ত লয় সেয়া কেতিয়াও সফল নহয়। কিয়নো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো কোনো খেল ধেমালি নহয়। তেওঁ পাঁচ বছৰ নিজৰ এলেকাৰ উন্নয়নৰ উপৰি ৰাইজৰ সুখ দুখত সমভাগী হৈ থকাৰ বাবেই এইবাৰো জাতিংগাৰ ৰাইজে তেওঁক দ্বিতীয় বাৰলৈ জয়যুক্ত কৰিব বুলি জানিবলৈ দিয়ে।

ফ্লেমিঙে লগতে স্পষ্ট কৰি দিয়ে যে তেওঁৰ বিজেপি এৰাৰ আঁৰত বেলেগ কোনো ৰাজনৈতিক কাৰন নাই। অকল সমষ্টিবাসীৰ আহ্বানত গেৰুৱা দলৰ সংগ ত্যাগ কৰি নিৰ্দলীয় হিচাপে মনোনয়ন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ কয়।

উল্লেখযোগ্য যে কাইলৈৰ পৰা পাৰ্বত্য জিলাৰ ৰাজনীতি উত্তপ্ত হৈ পৰাৰ সম্ভাৱনা আছে। কিয়নো কাইলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিতকুমাৰ দাস আৰু পাৰ্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী চুম ৰংহাঙৰ উপস্থিতিত বিজেপি দলৰ প্ৰাৰ্থী তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd