• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বছৰৰ অন্তিম দিনটোত অৱসৰ ল’লে মহানগৰ আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈয়ে : নতুন আৰক্ষী আয়ুক্ত দীপক কুমাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 31, 2018 7:56 pm
Pradip Saloi Deepak Kumar

মহানগৰ আৰক্ষীৰ বিদায়ী আয়ুক্ত প্ৰদীপ শালৈ আৰু নৱ নিযুক্ত আয়ুক্ত দীপক কুমাৰ। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৮ বৰ্ষৰ শেষৰ দিনটোতে অসম আৰক্ষীৰ পৰা অৱসৰ গ্ৰহণ কৰিলে মহানগৰ আৰক্ষীৰ আয়ুক্ত প্ৰদীপ শালৈয়ে। ১৯৮৪’ৰ জুন মাহৰ পৰা আৰক্ষী বিভাগত যোগদান কৰি ১৯৯৯ চনত আইপিএছ বিষয়া হিচাপে দায়িত্ব লৈ অৱশেষত মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে যোগদান কৰি ৩৪ বছৰীয়া চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিলে শালৈয়ে।

উল্লেখ্য যে, চলিত বৰ্ষৰ ১ ছেপ্টেম্বৰৰ দিনাই প্ৰাক্তন আৰক্ষী আয়ুক্ত হীৰেন নাথৰ পৰা প্ৰদীশ শালৈয়ে লৈছিল মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্বভাৰ। জানিব পৰা মতে, তেওঁ ২০০৯ চনত জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত হৈছিল তথা পৰৱৰ্তী পৰ্য্যায়ত আৰক্ষী মহা পৰিদৰ্শক হিচাপে সেৱা আগবঢ়াইছিল।

Apply Now

বিদায়ৰ বেলিকা তেওঁক অসম আৰক্ষীৰ ফালৰ পৰা সম্পূৰ্ণ আৰক্ষীৰ মৰ্যাদাৰে বিদায় সম্ভাষণ জনোৱাৰ লগতে তেঁৱো উপস্থিত সকলো আৰক্ষীকে কৰমৰ্দন কৰি মুখত এমোকৰা হাঁহিৰে বিদায় লয়।

বিদায়ৰ বেলিকা তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘’আৰক্ষীত তিতা কেঁহা থাকিলেও ই এক অতি ভাল সেৱা। মই চাকৰিত যোগদান কৰাৰ সময়ত সন্ত্ৰাসবাদৰ মাত্ৰাটো অত্যাধিক আছিল, এতিয়া অলপ কমিছে।‘’

তেওঁ লগতে অসম আৰক্ষীত আৰক্ষীৰ সংখ্যা বৰ্তমানো কম আছে বুলি সদৰী কৰি লগতে কয়, ‘’এই সংখ্যা বৃদ্ধি কৰিব লাগিব তেতিয়াহে পৰি থকা গোচৰসমূহৰ সঠিক তদন্ত হ’ব।‘’

তদুপৰি গুৱাহাটী মহানগৰত বৰ্তমানো প্ৰায় ২০ হাজাৰ গোচৰ পৰি থকা বুলি জানিবলৈ দিয়ে।

ইপিনে, মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে আজি দায়িত্বভাৰ ল’লে দীপক কুমাৰে। ইয়াৰ পূৰ্বে তেওঁ ৰাজ্যৰ আইন-শৃংখলাৰ মহাপৰিৰ্দশক হিচাপে কৰ্মৰত আছিল। তেওঁ গুৱাহাটীৰ পঞ্চমজন আৰক্ষী আয়ুক্ত হিচাপে আজি দায়িত্বভাৰ গ্ৰহণ কৰে।

দায়িত্বভাৰ গ্ৰহণ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘’আৰক্ষীৰ সন্মুখত অহা প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰি সেইবোৰ কেনেদৰে সমাধান কৰিব পাৰি তাৰ বাবে মই চেষ্টা কৰিম। আৰক্ষীৰ শীৰ্ষ পৰ্য্যায়ৰ বিষয়াসকল মিলি আলোচনা কৰি সমস্যাবোৰ সন্দৰ্ভত পৰ্য্যালোচনা কৰা হ’ব।‘’

আনহাতে, নতুন বছৰৰ প্ৰাকমুহূৰ্তত গুৱাহাটীৰ সকলো ৰাইজলৈ আহ্বান জনাই তেওঁ কয়, ‘‘সকলোৱে আনন্দ ফুৰ্তি কৰক, ঘুৰক আৰু সকলো সুৰক্ষিত থাকক।‘’

তদুপৰি মহিলাৰ ক্ষেত্ৰত অসম আৰক্ষী বিশেষ তৎপৰ বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘’মহিলাৰ সুৰক্ষাৰ বাবে আৰক্ষীৰ বিভিন্ন বিভাগত ৩০ শতাংশ মহিলা ইতিমধ্যে নিযুক্তি দিয়া হৈছে।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd