কিন্তু ৭০ৰ দশকত নামৰূপ সাৰ কাৰখানাৰ ১নং উৎপাদন গোটটো বন্ধ হোৱাৰ পিছত দ্বিতীয় আৰু তৃতীয় গোট দুটাৰেই সাৰ কাৰখানাটোৱে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে, বিহাৰ, আদি ৰাজ্যৰ উপৰিও চুবুৰীয়া ৰাষ্ট্ৰ নেপাললৈকেও সাৰ ৰপ্তানি কৰিছিল। সময় বাগৰাৰ লগে লগে দুয়োটা গোট আওপুৰণি হৈ বৰ্তমান বন্ধ হোৱাৰ উপক্ৰম ঘটিছে। তাৰ পৰিপেক্ষিততেই নামৰূপৰ বিভিন্ন দল — সংগঠনৰ লগতে উদ্যোগটোৰ তিনিওটা য়ুনিয়নে নামৰূপত চতুৰ্থটো উৎপাদন গোট স্থাপনৰ দাবী উত্থাপন কৰি আহিছিল কিন্তু চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত আজিকোপতি কোনো এখন চৰকাৰৰ সদিচ্ছা দেখা নগ’ল।
এই সন্দৰ্ভত নামৰূপৰ বিভিন্ন সংগঠন , য়ুনিয়ন তথা নামৰূপবাসীয়ে ধৰ্ণা , অনশন, বিক্ষোভ আদি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিও সুফল লাভ নকৰিলে । উদ্যোগটোৰ সংকটৰ সময়ত বিগত বৰ্ষৰ শেষৰ ফালে নামৰূপৰ কেইবাটাও সংগঠন আৰু শ্ৰমিক য়ুনিয়নে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ সময়ত বগীবিল দলঙৰ উদ্বোধনী অনুষ্ঠানৰ লগতে নামৰূপৰ সাৰ কাৰখানাৰ আধাৰশিলা স্থাপন কৰা হ’ব বুলি আশ্বাস দিছিল।
মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত ফোনযোগে হোৱা বাৰ্তালাপ অনুসৰি দল সংগঠন সমূহৰ আগত এইদৰে ঘোষণা কৰিছিল যদিও কাৰ্যক্ষেত্ৰত ই হৈ নুঠিল। নামৰূপবাসীৰ আশাত পুনৰ চেঁচা পানী পৰাত এইবাৰ পুনৰ আন্দোলন মুখী হৈ পৰিছে নামৰূপৰ ৰাইজ। এই সন্দৰ্ভত ফাৰ্টিলাইজাৰ শ্ৰমিক য়ুনিয়নৰ সাধাৰণ সম্পাদক তিলেশ্বৰ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,”নামৰূপ সাৰ কাৰখানাক লৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মিথ্যাচাৰৰ আশ্ৰয় লৈছে।‘’