ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকসকলক বিদেশী সজোৱাৰ নামত বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক আৰু অ-ৰাজনৈতিক সংগঠনে হাৰাশাস্তি কৰি আহিছে।‘ শনিবাৰে আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এখন সংবাদমেলযোগে এই গুৰুত্বৰ অভিযোগ আনে।
উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো চলি থকাৰ সময়তে ‘আপত্তি-আবেদন’ দাখিলৰ নামত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকসকলৰ নাম এন আৰ চিৰ পৰা কৰ্তনৰ বাবে এক দুষ্টচক্ৰ নামি পৰা বুলি গুৰুতৰ অভিযোগ তোলে সংগঠনটোৰ নেতা ৰহমানে।
‘সংবাদ মাধ্যমত খবৰ পোৱা অনুসৰি বা এন আৰ চি কৰ্তৃপক্ষৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি ২০১৮ চনৰ ৩০ ডিচেম্বৰলৈকে মাত্ৰ ১৩০০ লোকৰ বিৰুদ্ধে বিদেশী বুলি আপত্তি দাখিল কৰিছিল। কিন্তু দাবী-আপত্তিৰ অন্তিম সময়সীমা অৰ্থ্যাৎ ৩১ ডিচেম্বৰৰ সন্ধিয়া তেওঁলোকে খবৰ পোৱা অনুসৰি প্ৰায় ৩ লক্ষাধিক এ আৰ এন নম্বৰৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছে’, সংবাদমেলত এইদৰে কয় আজিজুৰ ৰহমানে।
আনহাতে, ‘যিসকলে আপত্তি-আবেদন দাখিল কৰিছে, তেওঁলোকে দাবী আপত্তি দাখিল কৰাৰ নীতি-নিয়ম মানি চলিছে নে নাই সেইটো এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন।‘ বুলি সংবাদমেলত সদৰী কৰে ৰহমানে।
‘যিসকলে আপত্তি-আবেদন দাখিল কৰিছে সেইসকলে নীতি-নিয়ম মানি চলা নাই। বিশেষ বিশেষ সম্প্ৰদায়ৰ লোকক হাৰাশাস্তি দিবৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে।‘ ৰহমানৰ অভিযোগ।
ৰহমানৰ মতে ‘আপত্তি দাখিলকাৰীয়ে নিজৰ নাম, নিজৰ ঠিকনা আৰু ফোন নম্বৰ আপত্তি-আবেদনত উল্লেখ কৰিব লাগিব বুলি ৩১ ডিচেম্বৰত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই জিলা উপায়ুক্তলৈ জাননী জাৰি কৰিছিল। এনেকুৱা ধৰণৰ কিছুমান আপত্তি-আবেদন দাখিল হৈছে য’ত আবেদনকাৰীৰ নাম, ঠিকনা আৰু ফোন নম্বৰ উল্লেখ নাই।‘
প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠন এই চক্ৰান্তৰ সৈতে জড়িত হৈ থকা বুলি অভিযোগ কৰিলেও নাম প্ৰকাশৰ পৰা বিৰত থাকে ৰহমান।
‘কোনো কোনো বিশেষ সংগঠনৰ তত্ত্বাৱধানত আপত্তি-আবেদন দাখিলৰ কামটো চলি আছে বুলি শুনি আছো।‘ আজিজুৰ ৰহমানে সংবাদমেলত এইদৰে কয়।
তেওঁ লগতে কয়, ‘উজনি অসমত ব্যক্তি বিশেষে যিদৰে কেইগৰাকীমান বনুৱাক বাংলাদেশী সজাইছিল, ঠিক সেইদৰে এন আৰ চিতো ধৰ্মীয় সংখ্যালঘুক লক্ষ্য কৰি লোৱা হৈছে। এয়া হৈছে সেই ঘটনাৰে এক অনুৰূপ ষড়যন্ত্ৰ।‘
সংবাদমেলৰ জৰিয়তে এন আৰ চি কৰ্তৃপক্ষক এই ষড়যন্ত্ৰমূলক আৰু নীতি বহিৰ্ভূত আপত্তি-আবেদনসমূহ খাৰিজ কৰিবৰ বাবে আহ্বান জনায় সংগঠনটোৰ উপদেষ্টাজনে।