• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলক বিদেশীৰ নামত বিভিন্ন সংগঠনে হাৰাশাস্তি কৰি আহিছে : আমছু

নাম-ঠিকনা বিহীন লোকে অনিয়মৰ মাজেৰে ধৰ্মীয় সংখ্যালঘু লোকৰ বিৰুদ্ধে এন আৰ চিত আপত্তি দাখিল কৰিছে : আজিজুৰ ৰহমান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 6, 2019 6:49 am
NRC: Fake 'objections' filed against religious-linguistic minorities of Assam, claims AAMSU

আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানৰ ফাইল ছবি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
Apply Now

ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকসকলক বিদেশী সজোৱাৰ নামত বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক আৰু অ-ৰাজনৈতিক সংগঠনে হাৰাশাস্তি কৰি আহিছে।‘ শনিবাৰে আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এখন সংবাদমেলযোগে এই গুৰুত্বৰ অভিযোগ আনে।

উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো চলি থকাৰ সময়তে ‘আপত্তি-আবেদন’ দাখিলৰ নামত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকসকলৰ নাম এন আৰ চিৰ পৰা কৰ্তনৰ বাবে এক দুষ্টচক্ৰ নামি পৰা বুলি গুৰুতৰ অভিযোগ তোলে সংগঠনটোৰ নেতা ৰহমানে।

‘সংবাদ মাধ্যমত খবৰ পোৱা অনুসৰি বা এন আৰ চি কৰ্তৃপক্ষৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি ২০১৮ চনৰ ৩০ ডিচেম্বৰলৈকে মাত্ৰ ১৩০০ লোকৰ বিৰুদ্ধে বিদেশী বুলি আপত্তি দাখিল কৰিছিল। কিন্তু দাবী-আপত্তিৰ অন্তিম সময়সীমা অৰ্থ্যাৎ ৩১ ডিচেম্বৰৰ সন্ধিয়া তেওঁলোকে  খবৰ পোৱা অনুসৰি প্ৰায় ৩ লক্ষাধিক এ আৰ এন নম্বৰৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছে’, সংবাদমেলত এইদৰে কয় আজিজুৰ ৰহমানে।

আনহাতে, ‘যিসকলে আপত্তি-আবেদন দাখিল কৰিছে, তেওঁলোকে দাবী আপত্তি দাখিল কৰাৰ নীতি-নিয়ম মানি চলিছে নে নাই সেইটো এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন।‘ বুলি সংবাদমেলত সদৰী কৰে ৰহমানে।

‘যিসকলে আপত্তি-আবেদন দাখিল কৰিছে সেইসকলে নীতি-নিয়ম মানি চলা নাই। বিশেষ বিশেষ সম্প্ৰদায়ৰ লোকক হাৰাশাস্তি দিবৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে।‘ ৰহমানৰ অভিযোগ।

ৰহমানৰ মতে ‘আপত্তি দাখিলকাৰীয়ে নিজৰ নাম, নিজৰ ঠিকনা আৰু ফোন নম্বৰ আপত্তি-আবেদনত উল্লেখ কৰিব লাগিব বুলি ৩১ ডিচেম্বৰত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই জিলা উপায়ুক্তলৈ জাননী জাৰি কৰিছিল। এনেকুৱা ধৰণৰ কিছুমান আপত্তি-আবেদন দাখিল হৈছে য’ত আবেদনকাৰীৰ নাম, ঠিকনা আৰু ফোন নম্বৰ উল্লেখ নাই।‘

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠন এই চক্ৰান্তৰ সৈতে জড়িত হৈ থকা বুলি অভিযোগ কৰিলেও নাম প্ৰকাশৰ পৰা বিৰত থাকে ৰহমান।

‘কোনো কোনো বিশেষ সংগঠনৰ তত্ত্বাৱধানত আপত্তি-আবেদন দাখিলৰ কামটো চলি আছে বুলি শুনি আছো।‘ আজিজুৰ ৰহমানে সংবাদমেলত এইদৰে কয়।

তেওঁ লগতে কয়, ‘উজনি অসমত ব্যক্তি বিশেষে যিদৰে কেইগৰাকীমান বনুৱাক বাংলাদেশী সজাইছিল, ঠিক সেইদৰে এন আৰ চিতো ধৰ্মীয় সংখ্যালঘুক লক্ষ্য কৰি লোৱা হৈছে। এয়া হৈছে সেই ঘটনাৰে এক অনুৰূপ ষড়যন্ত্ৰ।‘

সংবাদমেলৰ জৰিয়তে এন আৰ চি কৰ্তৃপক্ষক এই ষড়যন্ত্ৰমূলক আৰু নীতি বহিৰ্ভূত আপত্তি-আবেদনসমূহ খাৰিজ কৰিবৰ বাবে আহ্বান জনায় সংগঠনটোৰ উপদেষ্টাজনে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd