• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুসকলক বিদেশীৰ নামত বিভিন্ন সংগঠনে হাৰাশাস্তি কৰি আহিছে : আমছু

নাম-ঠিকনা বিহীন লোকে অনিয়মৰ মাজেৰে ধৰ্মীয় সংখ্যালঘু লোকৰ বিৰুদ্ধে এন আৰ চিত আপত্তি দাখিল কৰিছে : আজিজুৰ ৰহমান

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , January 6, 2019 6:49 am

2 min read

NRC: Fake 'objections' filed against religious-linguistic minorities of Assam, claims AAMSU

আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানৰ ফাইল ছবি।

526
VIEWS
Share on FacebookShare on Twitter

ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকসকলক বিদেশী সজোৱাৰ নামত বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক আৰু অ-ৰাজনৈতিক সংগঠনে হাৰাশাস্তি কৰি আহিছে।‘ শনিবাৰে আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানে সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এখন সংবাদমেলযোগে এই গুৰুত্বৰ অভিযোগ আনে।

উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো চলি থকাৰ সময়তে ‘আপত্তি-আবেদন’ দাখিলৰ নামত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকসকলৰ নাম এন আৰ চিৰ পৰা কৰ্তনৰ বাবে এক দুষ্টচক্ৰ নামি পৰা বুলি গুৰুতৰ অভিযোগ তোলে সংগঠনটোৰ নেতা ৰহমানে।

‘সংবাদ মাধ্যমত খবৰ পোৱা অনুসৰি বা এন আৰ চি কৰ্তৃপক্ষৰ সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি ২০১৮ চনৰ ৩০ ডিচেম্বৰলৈকে মাত্ৰ ১৩০০ লোকৰ বিৰুদ্ধে বিদেশী বুলি আপত্তি দাখিল কৰিছিল। কিন্তু দাবী-আপত্তিৰ অন্তিম সময়সীমা অৰ্থ্যাৎ ৩১ ডিচেম্বৰৰ সন্ধিয়া তেওঁলোকে  খবৰ পোৱা অনুসৰি প্ৰায় ৩ লক্ষাধিক এ আৰ এন নম্বৰৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছে’, সংবাদমেলত এইদৰে কয় আজিজুৰ ৰহমানে।

আনহাতে, ‘যিসকলে আপত্তি-আবেদন দাখিল কৰিছে, তেওঁলোকে দাবী আপত্তি দাখিল কৰাৰ নীতি-নিয়ম মানি চলিছে নে নাই সেইটো এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন।‘ বুলি সংবাদমেলত সদৰী কৰে ৰহমানে।

‘যিসকলে আপত্তি-আবেদন দাখিল কৰিছে সেইসকলে নীতি-নিয়ম মানি চলা নাই। বিশেষ বিশেষ সম্প্ৰদায়ৰ লোকক হাৰাশাস্তি দিবৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে।‘ ৰহমানৰ অভিযোগ।

ৰহমানৰ মতে ‘আপত্তি দাখিলকাৰীয়ে নিজৰ নাম, নিজৰ ঠিকনা আৰু ফোন নম্বৰ আপত্তি-আবেদনত উল্লেখ কৰিব লাগিব বুলি ৩১ ডিচেম্বৰত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই জিলা উপায়ুক্তলৈ জাননী জাৰি কৰিছিল। এনেকুৱা ধৰণৰ কিছুমান আপত্তি-আবেদন দাখিল হৈছে য’ত আবেদনকাৰীৰ নাম, ঠিকনা আৰু ফোন নম্বৰ উল্লেখ নাই।‘

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠন এই চক্ৰান্তৰ সৈতে জড়িত হৈ থকা বুলি অভিযোগ কৰিলেও নাম প্ৰকাশৰ পৰা বিৰত থাকে ৰহমান।

‘কোনো কোনো বিশেষ সংগঠনৰ তত্ত্বাৱধানত আপত্তি-আবেদন দাখিলৰ কামটো চলি আছে বুলি শুনি আছো।‘ আজিজুৰ ৰহমানে সংবাদমেলত এইদৰে কয়।

তেওঁ লগতে কয়, ‘উজনি অসমত ব্যক্তি বিশেষে যিদৰে কেইগৰাকীমান বনুৱাক বাংলাদেশী সজাইছিল, ঠিক সেইদৰে এন আৰ চিতো ধৰ্মীয় সংখ্যালঘুক লক্ষ্য কৰি লোৱা হৈছে। এয়া হৈছে সেই ঘটনাৰে এক অনুৰূপ ষড়যন্ত্ৰ।‘

সংবাদমেলৰ জৰিয়তে এন আৰ চি কৰ্তৃপক্ষক এই ষড়যন্ত্ৰমূলক আৰু নীতি বহিৰ্ভূত আপত্তি-আবেদনসমূহ খাৰিজ কৰিবৰ বাবে আহ্বান জনায় সংগঠনটোৰ উপদেষ্টাজনে।

Recent News

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd