• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ আহ্বান : বিহুৰ দিনা দবা, শংখ, তাল বজাই বিধেয়কৰ বিৰুদ্ধে অসমীয়া এক হওক

“শংকৰদেৱ সঞ্চালকালয়, ১২৬টা সমষ্টিত সাংস্কৃতিক কেন্দ্ৰ স্থাপন কৰি ৰাজ্য চৰকাৰে জাতিপ্ৰেমৰ নিদৰ্শন দাঙি ধৰক”

এন ই নাও নিউজ by এন ই নাও নিউজ
January 14, 2019 5:10 pm
Citizenship-Amendment-Bill-2016

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ ব্যাপক বিৰোধিতাৰ মাজেৰে অসম্প্ৰদায়িক চৰিত্ৰ প্ৰদৰ্শন কৰা অসমীয়াসকলক আজি অহা সংকটৰ সময়ত গুৰু দুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ একত্ৰিত হ’বলৈ আহ্বান জনাইছে শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চই। শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চই আজি এটা বিজ্ঞপ্তিৰ জৰিয়তে সকলো ভকত-বৈষ্ণৱ এই আহ্বান জনায়৷

“মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ আৰু কুৰিজন আতা পুৰুষে বৰ অসমৰ ভাষা, সাহিত্য, সংস্কৃতি, আধ্যাত্মিক ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি বিভিন্ন জাতি-জনগোষ্ঠীক সামাজিকভাৱে সত্ৰ, নামঘৰৰ মজিয়াত একত্ৰিত কৰি বৃহত্তৰ অসমীয়া জাতিৰ বুনিয়াদ নিৰ্মাণ কৰিছিল৷ সেইখন বৰ অসমত আজি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ প্ৰতি ভয়াৱহ সংকট নমাই অনা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন জাপি অসমীয়া জাতিৰ মূল পৰিকাঠাম ভাঙি পেলাবলৈ ভয়াৱহ ষড়যন্ত্ৰ কৰিছে৷” এইদৰে কোৱা হয় বিজ্ঞপ্তিটোত।

শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চই এই ষড়যন্ত্ৰ উৎখাত কৰিব লাগিব বুলি উল্লেখ কৰি কয়, “এই ষড়যন্ত্ৰ উৎখাত কৰিবলৈ সকলো মহাপুৰুষীয়া আদৰ্শত বিশ্বাসী ভকত-বৈষ্ণৱ, আইমাতৃ একগোট হ’ব লাগিব৷ সত্ৰ, নামঘৰৰ মজিয়াত দবা. শংখ, তাল বজাই, চাকি জ্বলাই মেজিৰ সন্মুখত ভোগালী বিহুৰ দিনা অসমীয়া জাতিয়ে একত্ৰিত হৈ সংকল্প গ্ৰহণ কৰক৷”

“জাতি থাকিলেহে শংকৰ-মাধৱৰ সংস্কৃতি আদৰ্শ, দৰ্শন জীয়াই থাকিব৷” বুলি তাৎপৰ্য্যপূৰ্ণ অভিমত আগ বঢ়ায় মহাপুৰুষীয়া আদৰ্শত বিশ্বাসী যুৱ মঞ্চটোৱে।

যুৱ মঞ্চৰ কাৰ্যকৰী সভাপতি দীপজ্যোতি চহৰীয়া আৰু সাধাৰাণ সম্পাদক অপূৰ্ব অধিকাৰীয়ে স্বাক্ষৰ কৰা বিবৃতিটোত চৰকাৰৰ প্ৰতিও আছে আহ্বান।

গণতান্ত্ৰিকভাৱে নিৰ্বাচিত দিচপুৰৰ চৰকাৰে অসমবাসীৰ আৱেগ-অনুভূতিক গুৰুত্ব প্ৰদান কৰি এই আহ্বানবোৰ গ্ৰহণ কৰিবলৈ কয় বিবৃতিটোত। “জগত গুৰু শংকৰদেৱৰ দ্বাৰা সৃষ্ট ভাষা-সাহিত্য-সংস্কৃতিৰ সুৰক্ষাৰ স্বাৰ্থত আৰু ৯২৬খন সত্ৰ, ৪০হাজাৰ নামঘৰ সুৰক্ষাৰ বাবে অনতিপলমে শংকৰদেৱ সঞ্চালকালয় স্থাপন, অসমৰ থলুৱা সংস্কৃতি বৰগীত, সত্ৰীয়া নৃত্য, ভোৰতাল নৃত্য, লোকগীত, বিহু, জনগোষ্ঠীয় নৃত্য চৰ্চা বিকাশৰ বাবে অসমৰ ১২৬টা সমষ্টিত শংকৰ-মাধৱ সাংস্কৃতিক বিকাশ কেন্দ্ৰ স্থাপন, সত্ৰৰ ভূমি বেদখল মুক্ত, ৰজাদিনীয়া সম্পদ ৰাজসভা, নামদাং শিলৰ সাঁকো, ধোদৰআলি, গোসাঁই কমল আলি, অসুৰআলি, আজান পীৰৰ স’ৰাগুৰি চাপৰিকে ধৰি ঐতিহাসিক বয়বস্তুসমূহ সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা, অসমীয়া মাতৃভাষাক বৰাক-ব্ৰহ্মপুত্ৰ উপত্যকাত অচিৰেই চৰকাৰী কাৰ্যালয়, বিদ্যালয়ত বাধ্যতামূলক কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্য মন্ত্ৰী সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই হাতে কামে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰক”। এইদৰে আহ্বান জনায় বিবৃতিটোত।

বিবৃতিটোত স্পষ্টকৈ কয়, “বহিঃৰাষ্ট্ৰৰ পৰা হিন্দু বঙালীয়ে আহি অসমীয়া জাতিক বচাব নোৱাৰে”

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাত অসমৰ নাগৰিকৰ সৰ্বাত্মক আন্দোলন আৰু প্ৰতিবাদ দেখিয়েই শ্ৰীমন্ত শংকৰদেৱ সংঘয়ো যোৱা ১৩ জানুৱাৰিত আগন্তুক অধিৱেশনলৈ নিমন্ত্ৰিত অতিথি প্ৰধান মন্ত্ৰী মোদীক ‘নহাটোৱেই বিচাৰো’ বুলি কৈছিল। মহাপুৰুষীয়া উদাৰনৈতিক আদৰ্শত বিশ্বাসী অসমীয়া সমাজত ধৰ্মৰ বিভাজন সিঁচিব খোজা শক্তিৰ বিৰুদ্ধে এই আদৰ্শক অন্তৰত ঠাই দি থকাসকলৰ এই শেহতীয়া বিদ্ৰোহ মন কৰিব লগীয়া।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰাঘৰত উদ্ধাৰ মৃতদেহ, বিদেশী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

ভাৰাঘৰত উদ্ধাৰ মৃতদেহ, বিদেশী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

September 13, 2025 11:46 am
ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

September 13, 2025 10:34 am
বৰ্বৰ! যোগী ৰাজ্যত দলবদ্ধ ধ*ৰ্ষণৰ বলি মূকবধিৰ গৰ্ভৱতী মহিলা, চিকিৎসালয়ত মৃত্যু

বৰ্বৰ! যোগী ৰাজ্যত দলবদ্ধ ধ*ৰ্ষণৰ বলি মূকবধিৰ গৰ্ভৱতী মহিলা, চিকিৎসালয়ত মৃত্যু

September 13, 2025 10:33 am
ভদীয়া প্ৰসাদ খাই বিষক্ৰিয়া : চিকিৎসাধীন ১০ শিশুসহ ৪০ গৰাকী লোক

ভদীয়া প্ৰসাদ খাই বিষক্ৰিয়া : চিকিৎসাধীন ১০ শিশুসহ ৪০ গৰাকী লোক

September 13, 2025 10:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰাঘৰত উদ্ধাৰ মৃতদেহ, বিদেশী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

ভাৰাঘৰত উদ্ধাৰ মৃতদেহ, বিদেশী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি চাঞ্চল্য

September 13, 2025 11:46 am
ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

ৰাছিয়াত ৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি; ছুনামী সতৰ্কতা জাৰি

September 13, 2025 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd