• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

পঞ্চায়ত নিৰ্বাচন : বিজেপিৰ সফল মেৰুকৰণৰ প্ৰথম পৰ্ব

কিশোৰ কুমাৰ কলিতা by কিশোৰ কুমাৰ কলিতা
January 27, 2019 2:54 pm
Panchayat-elections-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষত পঞ্চায়তীৰাজ ব্যৱস্থা গঢ়ি তোলাৰ যিটো ভিত্তিগত দৰ্শন আছিল তাক স্বৰাজোত্তৰ ভাৰতৰবৰ্ষৰ পঞ্চায়তী ব্যৱস্থাটোৱে একেবাৰে মষিমূৰ কৰি দিছে বুলি ক’লে হয়তো বঢ়াই কোৱা নহ’ব। ভাৰতবৰ্ষৰ প্ৰতিখন গাঁৱক এক ক্ষুদ্ৰ স্বতন্ত্ৰ আত্মনিৰ্ভৰশীল ৰিপাব্লিক কৰাৰ উদ্দেশ্য আগত ৰাখিয়েই মহাত্মা গান্ধীৰ মনলৈ আহিছিল গ্ৰাম্য স্বৰাজৰ ধাৰণাটো। দুখৰ কথা হৈছে মহাত্মা গান্ধীৰ গ্ৰাম্য স্বৰাজৰ এই সপোনটো কেৱল এক সপোন হৈ থাকিল। গাঁওবোৰ আৰ্থিক, ৰাজহ, ৰাজনৈতিক নীতি বা সিদ্ধান্ত নিৰ্বাচন কৰাৰ স্বায়ত্ত শাসিত গোট হৈ পৰাৰ সলনি হৈ পৰিল ভাৰতবৰ্ষৰ কেন্দ্ৰীভূত শাসন ব্যৱস্থাৰ কিছুমান স্থানীয় এজেণ্ট স্বৰূপ। এই আমোলাতান্ত্ৰিক ব্যৱস্থাটোত বিভিন্ন আঁচনি, হিতাধিকাৰমূলক পৰিকল্পনা আদিৰ ৰূপায়ণকাৰী প্ৰতিষ্ঠান স্বৰূপ পঞ্চায়তবোৰে গ্ৰাম্য স্বৰাজৰ মূল উদ্দীপনাটোকে নিঃশেষ কৰিলে বুলি ক’ব পাৰি। সৰ্বশেষত পঞ্চায়ত হৈ পৰিল বিভিন্ন ৰাজনৈতিক দলৰ বাবে বিধানসভা বা লোকসভাত শক্তি-সামৰ্থ্য গোটোৱাৰ প্ৰাথমিক আধাৰ স্বৰূপ। এই ধাৰণাত পঞ্চায়ত নিৰ্বাচন হ’লগৈ বিধানসভা বা লোকসভাৰ কোৱালিফায়িং ৰাউণ্ড স্বৰূপ।

বিগত পঞ্চায়ত নিৰ্বাচনৰ আগে আগে সকলোৰে মুখে মুখে চলা কথাটো আছিল এনেধৰণৰ যে যদিহে বিজেপি দলে পঞ্চায়তত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ’ব পাৰে তেন্তে বুজা যাব যে দলটোৰ বিৰুদ্ধে যিমানে প্ৰতিষ্ঠানিক  ঢৌ নুঠক কিয়, সমাগত লোকসভা নিৰ্বাচনত এই ঢৌৱে বিশেষ কাম নিদিব। লগতে দলটো বা শাসনাধিষ্ঠিত চৰকাৰ দুখনৰ বিৰুদ্ধে বিমুদ্ৰাকৰণ, কৃষক বিৰোধী নীতি, নিৰ্বাচনৰ প্ৰতিশ্ৰুতি পালন কৰিব নোৱৰাৰ ব্যৰ্থতা, ব্যাপক পৰিমাণৰ দুৰ্নীতি আদি বিষয়ত যিমানবোৰ অভিযোগ উঠিছে তাক অসমৰ গ্ৰাম্য সমাজে মানি লৈছে নে সেইবোৰক নাকচ কৰিছে তাৰো এক উমান পাব পৰা যাব এই পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত। বাস্তৱত পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে যিটো ফলাফল হ’ল সিয়ে কিছু পৰিমাণে এখন ধূসৰিত ছবিহে আমাৰ আগত উপস্থাপন কৰিলে। যিহেতু নীতি, আদৰ্শ, চৰকাৰৰ সফলতা-বিফলতা আদিতকৈ যি দলৰ চৰকাৰেই ৰাজ্য চৰকাৰ পৰিচালনা কৰে সেই দলে পঞ্চায়তত আধিপত্য বিস্তাৰ কৰে, সেয়েহে বহুতে আকৌ উল্লিখিতৰূপত পূৰ্বধাৰণা লোৱাতো ভুল বুলি মন্তব্য দিছে। সেইচাম লোকৰ মতে চহৰাঞ্চলকেন্দ্ৰিক মধ্যবিত্তীয় আন্দোলনৰ প্ৰভাৱ গ্ৰাম্য সমাজ চুবলৈ ভালেপৰ লাগি যায়, সেয়েহে নাগৰিকত্ব (সংশোধনী) বিধেয়কে হওক বা বিমুদ্ৰাকৰণৰ বিষয়ে হওক সেইবোৰৰ ক্ষেত্ৰত গ্ৰাম্য লোকক এক দৃঢ় অৱস্থান ল’বলৈ বহু সময় লাগি যায়। এই বিষয়বোৰৰ ক্ষেত্ৰত গ্ৰাম্য সমাজখন সংগঠিত ৰূপত সচেতন কৰাৰ বাবে যদি যথাযথ ৰাজনৈতিক সংগঠন নাথাকে তেন্তে বহুক্ষেত্ৰত প্ৰতিষ্ঠানবিৰোধিতাৰ সৰ্বশেষ ফলাফলে শাসকীয় দলক কোনোধৰণে ক্ষতি কৰিব নোৱাৰে। অসমৰ ক্ষেত্ৰতো বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে ব্যাপক স্তৰত প্ৰতিবাদ আন্দোলন আদি চলাৰ পিছতো দলটোক অসমৰ গ্ৰাম্য সমাজখনে একেবাৰে নাকচ কৰি নিদিয়াৰ কাৰণো সেইটো হ’ব পাৰে।

বিগত পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত শাসনাধিষ্ঠিত বিজেপিয়ে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ সদস্য পদত সৰ্বাধিক আসন লাভ কৰি ৰাজনৈতিক দলসমূহৰ ভিতৰত প্ৰথমস্থান লাভ কৰিছে ঠিকেই কিন্তু ২০১৪ৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ তুলনাত দলটোৱে দুৰ্বল স্থিতি প্ৰদৰ্শন কৰিছে। নিৰ্বাচনৰ পূৰ্বে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যে বিজেপিয়ে ৮০ শতাংশ জিলা পৰিষদ দখল কৰিব। কিন্তু ফলাফলৰ পৰিসংখ্যাৰ পৰা দেখা গৈছে যে কমেও ১৫খন নিৰ্বাচনী জিলাত শাসকীয় বিজেপি প্ৰাৰ্থীক ভোটাৰে প্ৰত্যাখ্যান কৰিছে। জিলা পৰিষদৰ সদস্যৰ ক্ষেত্ৰত ১৫খন নিৰ্বাচনী জিলা ক্ৰমে যোৰহাট, তিতাবৰ, ধনশিৰি, নগাঁও, হোজাই, মৰিগাঁও, বৰপেটা, বঙাইগাঁও, উত্তৰ শালমাৰা, ধুবুৰী, বিলাসীপাৰা, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, হাইলাকান্দি আৰু কৰিমগঞ্জত বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসন লাভ কৰাত ব্যৰ্থ হৈছে। আকৌ গোলাঘাট জিলাত কংগ্ৰেছ বিজেপিয়ে সমান আসন লাভ কৰা দেখা গৈছে। একেদৰে গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়ত সদস্যৰ ক্ষেত্ৰতো ফলাফলৰ অনুৰূপ ছবি এখন দেখিবলৈ পোৱা গ’ল। ১৪খন জিলা ক্ৰমে নাজিৰা, যোৰহাট, তিতাবৰ, গোলাঘাট, মৰিগাঁও, বৰপেটা, বঙাইগাঁও, উত্তৰ শালমাৰা, ধুবুৰী, বিলাসীপাৰা, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা, হাইলাকান্দি আৰু কৰিমগঞ্জত গাঁও পঞ্চায়ত সভাপতি আৰু আঞ্চলিক পঞ্চায়ত সদস্যৰ ক্ষেত্ৰত বিজেপিয়ে তৃতীয় স্থানহে লাভ কৰা দেখা গৈছে। নগাঁৱৰ ক্ষেত্ৰত কংগ্ৰেছৰ আঞ্চলিক সদস্য অধিক পোৱাৰ বিপৰীতে দৰঙত কংগ্ৰেছ-বিজেপিয়ে সমান আসন পাইছে। গুৰুত্বপূৰ্ণ কথাটো হৈছে প্ৰায় ১২,২৬০তকৈও অধিক গাঁৱত বিজেপিক ভোটাৰ ৰাইজে প্ৰত্যাখ্যান কৰিছে। মন কৰিবলগীয়া কথাটো হ’ল কংগ্ৰেছে শাসনত থকা কালত ২০১৩ চনত ৪২০টা জিলা পৰিষদৰ ২৭৩টা সমষ্টিয়ে দখল কৰিছিল। বিশেষ কোনোধৰণৰ ব্যক্তিৰ ঢৌ নথকাকৈ মোটামুটিভাৱে এক প্ৰতিষ্ঠান বিৰোধী ৰাজনৈতিক প্ৰবাহৰ মাজতো কংগ্ৰেছে ৬৫ শতাংশ জিলা পৰিষদৰ সদস্য দখল কৰিছিল। ইয়াৰ তুলনাত পৰিবৰ্তন প্ৰচণ্ড ঢৌ আৰু মোডী প্ৰবাহ চলি থকাৰ পাছতো বিজেপি দলে এক বৃহৎ সংখ্যক জিলা পৰিষদ হেৰুৱাব লগাতো তাৎপৰ্যপূৰ্ণ।

অৱশ্যে কাংক্ষিত ধৰণে ভাৰতীয় জনতা দলে এইবেলি ধৰ্মীয় আৰু ভাষিক মেৰুকৰণ ঘটাবলৈ সক্ষম হৈছে, যাৰ ফলত গ্ৰাম্য অসম প্ৰথমবাৰৰ বাবে বিজেপিৰ দখললৈ গ’ল। প্ৰস্তাৱিত নাগৰিকত্ব (সংশোধনী) বিধেয়কখন গৃহীত কৰি বিজেপিয়ে অসমীয়া ভাষিক জাতীয়তাবাদ, অসমৰ বিভিন্ন থলুৱা জাতি-জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন কৰিব বুলি বহুল প্ৰচাৰ চলোৱাৰ পাছতো কিন্তু গৰিষ্ঠসংখ্যক অসমীয়া, বাংলা, নেপালী আদি ভাষিক সম্প্ৰদায়বোৰে ধৰ্মীয় মেৰুকৰণৰ মায়াত বন্দী হৈ বিজেপিক ভোট প্ৰদান কৰিলে। বাংলাভাষী হিন্দু লোকৰ সৰহভাগ এলেকাত বিজেপি দলে আধিপত্য স্থাপন কৰাৰ সমান্তৰালভাৱে অসমীয়া ভাষিক সংখ্যাগৰিষ্ঠতা থকা এলেকাত (যেনে– বজালী, নলবাৰী, বিশ্বনাথ আদি) বিজেপি দলে প্ৰায় বাধাহীনভাৱে পঞ্চায়ত দখল কৰাটোৱে এই মেৰুকৰণৰ প্ৰভাৱকে সূচাইছে বুলি ভাবিব পাৰি। বাংলাভাষিক আগ্ৰাসন তথা হিন্দু বাঙালী লোকৰ সংখ্যা বৃদ্ধিয়ে অসমীয়া আৰু অন্যান্য খিলঞ্জীয়া লোকৰ ভাষিক-সাংস্কৃতিক অস্তিত্ব বিপন্ন কৰিব বুলি যিটো ভয় ইমান বছৰে অসমৰ থলুৱা লোকৰ মনত শিপাইছিল তাক বিজেপি দলে ‘হিন্দুত্ব’ৰ আৱৰণেৰে যে নোহোৱা কৰিব পাৰিছে তাক এই নিৰ্বাচনে প্ৰমাণ কৰি দেখুৱালে। অসমত বাস কৰি থকা বাংলাভাষী হিন্দুসকলৰ একমাত্ৰ ত্ৰাণকৰ্তা বুলি বিজেপিয়ে ইতিমধ্যে নিজকে প্ৰমাণ কৰিছে আৰু সেয়েহে এনে এলেকাবোৰত বেলেগ ৰাজনৈতিক দলে সুযোগ লোৱাৰ সম্ভাৱনা দেখা নগ’ল।

গতিকে ভাৰতীয় জনতা পাৰ্টিয়ে বিগত পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে অসমীয়া ভাষিক জাতীয়তাবাদৰ মূল ভিত্তিটোক অস্বীকাৰ কৰি অসমীয়াভাষী লোকসকলৰ মাজতেই যে হিন্দুত্ববাদী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব পৰিছে তাক প্ৰমাণ কৰিব পাৰিলে। অসমীয়া ভাষিক জাতীয়তাবাদক ক্ৰমাগতভাৱে দুৰ্বল কৰি আনি তাৰ ঠাইত এক গোড়া হিন্দুত্ববাদী ৰাষ্ট্ৰীয়তাবাদ প্ৰতিষ্ঠা কৰিব পাৰিলে দলটোৰ সম্প্ৰসাৰণ উত্তৰ-পূব ভাৰতত নিশ্চিতৰূপত বাঢ়িব বুলি সম্ভৱত দলটোৱে বিশ্বাস কৰে। সেই অৰ্থত বিগত পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে অসমত সফল মেৰুকৰণৰ প্ৰথম পৰ্ব সমাপ্ত কৰিল বুলি ক’ব পাৰি।

কিশোৰ কুমাৰ কলিতা

কিশোৰ কুমাৰ কলিতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

August 16, 2025 5:12 pm
গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

August 16, 2025 4:58 pm
বিশ্বৰ ভিতৰতে শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল নিৰ্মাণ কৰিব ভাৰতবৰ্ষই!

বিশ্বৰ ভিতৰতে শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল নিৰ্মাণ কৰিব ভাৰতবৰ্ষই!

August 16, 2025 4:52 pm
শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

August 16, 2025 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

August 16, 2025 5:12 pm
গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

August 16, 2025 4:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd