• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম চৰকাৰৰ সন্মান ওভতাই দিলে শ্বহীদ পৰিয়ালে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 30, 2019 4:42 pm
Over 860 martyrs of the Assam Agitation intact, the martyrs’ families of the State towards to DC (metro ) office to return the honour given to them by the present State Government protest against Citizenship (Amendment) Bill,2016 is passed in Guwahati on 30-01-19.Pix by UB Photos

গুৱাহাটীত বুধবাৰে শাৰী পাতি শ্বহীদ সন্মান ঘূৰাই দিয়াৰ দৃশ্য। ছবি- ইউ বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ ইতিহাসৰ পৃষ্ঠাত এক নজিৰবিহীন ঘটনা। চহিদ (শ্বহীদ অৰ্থই বুজোৱা আমাৰ প্ৰতিষ্ঠান-গৃ্হীত বানান)ৰ কেঁচা তেজৰ মূল্য দিব নোৱাৰা সোণোৱাল চৰকাৰৰ দিনতে সংঘটিত হৈছে এনে কাৰ্য্য।

চহিদ পৰিয়ালে বুধবাৰে সোণোৱালক ঘূৰাই দিয়ে চহিদক দিয়া সন্মান। নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰোধিতাৰে বুধবাৰে অসম আন্দোলনৰ চহিদ পৰিয়ালে কামৰূপ মহানগৰৰ জিলা উপায়ুক্তক মুখ্য মন্ত্ৰীয়ে দিয়া সন্মান ও‌‌ভটাই দিলে।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় ১৫০টা চহিদ পৰিয়ালে লোৱা সিদ্ধান্ত মৰ্মে গুৱাহাটীৰ লতাশিলত থকা “শ্বহীদ ন্যাস”ৰ পৰা সমদল কৰি আহি বঁটা ওভটাবলৈ উপস্থিত হয় উপায়ুক্তৰ কাৰ্যালয়ত।

২০১৬ চনৰ  ১০ ডিচেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজ হাতে প্ৰদান কৰিছিল এই বঁটা। বঁটাৰ লগত প্ৰদান কৰা ৫ লাখ টকাও প্ৰয়োজন সাপেক্ষে ঘূৰাই দিব শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে।

পৰিষদৰ সভাপতি ৰাজেন ডেকাই নৰ্থ ইষ্ট নাও-ক কয়, “সৰ্বানন্দ সোণোৱালে চহিদৰ কেঁচা তেজৰ মূল্য দিব নোৱাৰিলে। গতিকে তেওঁ চহিদক দিয়া সন্মান ঘূৰাই দিয়া হ’ল।চহিদৰ আত্ম বলিদানৰ ফলত স্বাক্ষৰিত হৈছিল অসম চুক্তি। চুক্তিৰ ৫ নং দফাত উল্লেখ আছে যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা সকলো ধৰ্মাৱলম্বী লোকেই অসমৰ পৰা বহিস্কৃত হ’ব লাগিব। তাকে নকৰি ২০১৬ চনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক আনি বাহিৰৰ পৰা মানুহ আনি অসমত সংস্থাপিত কৰি হিন্দুত্ববাদেৰে অসমত কাম কৰিব বিচাৰিছে।”

বিধেয়কখনে ভাৰতীয় সংবিধানখনৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক আঘাত হানিছে বুলিও তেওঁ কয়।

ইয়াৰোপৰি ২০১৪ চনলৈকে অহা বিদেশীক স্বদেশী কৰি চহিদসকলক অপমান কৰাটো কোনোপধ্যেই মানি লোৱা নহ’ব বুলি তেওঁ কয়।

“সৰ্বানন্দ সোণোৱালে সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদেশী বহিস্কাৰ আন্দোলনৰ গুৰি ধৰিছিল। সেইজন সৰ্বানন্দ সোণোৱালে আই এম ডি টি আইন বাতিল কৰি জাতীয় নায়ক উপাধি লাভ কৰিছিল। তেওঁ নায়ক নহয়, তেওঁ খলনায়ক হ’বলৈ গৈ আছে,” মন্তব্য কৰে পৰিষদৰ সভাপতি ৰাজেন ডেকাই।

আনহাতে পৰিষদৰ সাধাৰণ সম্পাদক চন্দ্ৰকান্ত তালুকদাৰে কয় যে সোণোৱালে চহিদৰ আত্ম বলিদানৰ মূল্য দিব নোৱাৰিলে।

সৰ্বানন্দ সোণোৱালৰ সৈতে চহিদ পৰিয়ালসমূহ বিধেয়ক সন্দৰ্ভত ৫বাৰকৈ আলোচনাত বহাৰ পাছতো তেওঁৰ কৰা একো সঁহাৰি নোপোৱাত চহিদ পৰিয়ালে বঁটা ঘূৰাই দিয়া বুলিও তেওঁ উল্লেখ কৰে।

উল্লেখ্য যে, গুৱাহাটীৰ উপৰি ৰাজ্যৰ আন জিলা সমূহটো পৰিয়ালসমূহে উপায়ুক্তৰ জৰিয়তে আজিৰ দিনটোতে ঘূৰাই দিছে চহিদক দিয়া সন্মান।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd