যোৱা কালি ৩০ জানুৱাৰি বুধবাৰে ইষ্টাৰ্ন কামাণ্ডৰ ভাৰপ্ৰাপ্ত জেনেৰেল অফিচাৰ কামাণ্ডিং লেফটেনেনেণ্ট জেনেৰেল মনোজ মুকুণ্ড নাৰাৱানে ছিকিমৰ মুখ্য মন্ত্ৰী পৱন চামলিঙক মুখ্য মন্ত্ৰীগৰাকীৰ বাসভৱনত সাক্ষাৎ কৰে।
এটা, সংবাদ টোকাত প্ৰকাশ পোৱা অনুসৰি যোৱা বছৰ ১ অক্টোবৰত ইষ্টাৰ্ন কামাণ্ডৰ ডিঅ’চিৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত এয়া প্ৰথমবাৰৰ বাবে সেনা বিষয়াগৰাকীৰ সৈতে মুখ্য মন্ত্ৰীগৰাকীৰ এটা প্ৰথম বৈঠক।
সৌজন্যতা বিনিময়ৰ পাছত মুখ্য মন্ত্ৰীগৰাকীয়ে ছিকিম ভ্ৰমণ কৰাৰ বাবে সেনাৰ ইষ্টাৰ্ন কামাণ্ডৰ মুৰব্বীগৰাকীক ধন্যবাদ জনায়। মুখ্য মন্ত্ৰী চামলিঙে কয় যে ৰাজ্য চৰকাৰ আৰু সেনাৰ মাজত যথেষ্ট সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে আৰু কোনো ধৰণৰ সামৰিক-অসামৰিক মনোমালিন্য নাই।
প্ৰাকৃতি দুৰ্যোগ আৰু বিভিন্ন সমস্যাৰ সময়ত পৰ্যটক আৰু জনসাধাৰণলৈ সহায় আগবঢ়োৱাৰ বাবে মুখ্য মন্ত্ৰীগৰাকীয়ে সেনালৈ ধন্যবাদ জনায়।
আনহাতে সকলো সময়তে সেনালৈ সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে ইষ্টাৰ্ন কামাণ্ডৰ জেনেৰেল অফিচাৰ কামাণ্ডিংগৰাকীয়েও মুখ্য মন্ত্ৰীগৰাকীলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পৰিৱেশ নীতিৰ ভূয়সী প্ৰশংসা কৰে আৰু অনাময় ব্যৱস্থাৰ ওপৰত জোৰ দিয়ে।
পৰ্যটক আৰু দৰ্শনাৰ্থীৰ বাবে বিনামূলীয়া যাতায়াতৰ সুবিধা প্ৰদান কৰাৰ বাবে সাম্ভাব্য পৰিসীমালৈকে সকলো ধৰণৰ সেনা বিষয়াগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰে।
সৰ্বশেষত জিঅ’চি নাৰাৱানে মুখ্য মন্ত্ৰীগৰাকীক কলিকতাস্থ ইষ্টাৰ্ন কামাণ্ডৰ প্ৰধান কাৰ্যালয় ভ্ৰমণ কৰাৰ বাবে আমন্ত্ৰণ জনায়।মুখ্য মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰাৰ সময়ত জিঅ’চিগৰাকীক ইষ্টাৰ্ন কামাণ্ডৰ শীৰ্ষস্থানীয় বিষয়াসকলে সংগদান কৰিছিল।
জিঅ’চিগৰাকীৰ সৈতে ত্ৰিশক্তি কৰ্পছৰ কামাণ্ডাৰগৰাকীয়ে ফৰৱাৰ্ড এলেকাসমূহ ভ্ৰমণ কৰে। তাত তেওঁ সেনাসকলৰ সৈতে বাৰ্তালাপত অংশগ্ৰহণ কৰে আৰু তাত তেওঁক সীমাৰ নিৰাপত্তা পৰিস্থিতি সম্পৰ্কত এটা চমু আভাষ দিয়া হয়।
ইষ্টাৰ্ন কামাণ্ডৰ মুখ্য সেনা বিষয়াগৰাকীয়ে তেওঁলোকৰ পেচাদাৰিত্ব, নিষ্ঠা আৰু এই দুৰ্গম আৰু কষ্টদায়ক বাতাৱৰণৰ এই এলেকাটোত ২৪ ঘণ্টাই সতৰ্ক পহৰা ৰখাৰ বাবে সেনাসকলক প্ৰশংসা কৰে।





