• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি বাণেশ্বৰ বসুমতাৰীৰ নামত স্থাপন কৰিব মহাবিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
January 11, 2018 10:34 am
হাগ্ৰামা মহিলাৰী
141
VIEWS
Share on FacebookShare on Twitter

নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি, বড়ো সাহিত্যসভাৰ ৰোমান লিপি আন্দোলনৰ সময়ৰ প্ৰতিষ্ঠাপক সম্পাদক, সাহিত্যিক, সমাজকৰ্মী, শিক্ষক বাণেশ্বৰ বসুমতাৰীৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ বুধবাৰে আয়োজন কৰা হয়। ৰাজহুৱা আদ্যশ্ৰাদ্ধখন জিলাখনৰ ককলাবাৰীত বিভিন্ন ৰাজনৈতিক নেতৃবৃন্দ, বিভিন্ন ছাত্ৰ-যুৱ আৰু মহিলা সংগঠনৰ নেতৃবৃন্দ তথা সৰ্বসাধাৰণ ৰাইজৰ উপস্থিতিত সম্পন্ন কৰে। এই অনুষ্ঠআনতে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ককিলাবাৰী ফাৰ্মত স্থাপন হ’বলগীয়া অসম কৃষি, বন আৰু জৈৱ-বৈচিত্ৰ মহাবিদ্যালয়খন বানেশ্বৰ বসুমতাৰীৰ নামত স্থাপন কৰাৰ কথা উল্লেখ কৰে।

উল্লেখ্য যে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে পুৱা স্মৃতি তৰ্পণস্থলীৰ দ্বাৰ উদঘাটন কৰাৰ পাছতে বাথৌ আৰ’জৰ সুৰ আৰু খাম-চিফুঙৰ মাংগলিক ধ্বনিৰ মাজেৰে বানেশ্বৰ বসুমতাৰীৰ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়। আৰু ইয়াৰ পিছতে দল-সংগঠনৰ নেতৃবৃন্দ তথা স্থানীয় লোকে প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে।

ইয়াৰ পিছতে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৰ সভাপতিত্বত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। আদ্যশ্ৰাদ্ধ উদযাপন সমিতিৰ সভাপতি বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে আদৰণী ভাষণ আগবঢ়োৱাৰ পাছতে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে স্মৃতিগ্ৰন্থ ‘আগদাৰি’ উন্মোচন কৰে। এই স্মৃতিচাৰণ সভাতে মহিলাৰীয়ে মহাবিদ্যালয়খন বিশিষ্ট সাহিত্যিক বানেশ্বৰ বসুমতাৰীৰ নামত স্থাপন কৰিব বুলি জনায়।

বুধবাৰে অনুষ্ঠিত হোৱা সভাত সাংসদ ইউ জি ব্ৰহ্ম, সদৌ বাথৌ মহাসভাৰ প্ৰতিষ্ঠাপক সভাপতি ৰূপনাথ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ সম্পাদক প্ৰশান্ত বড়ো, সদৌ বড়ো মহিলা কল্যাণ পৰিষদৰ সভানেত্ৰী বিভাৰাণী ব্ৰহ্ম, প্ৰাক্তন সাংসদ চানচুমা খুংগুৰ বিছমুতিয়াৰী, সাংসদ বিশ্বজিৎ দৈমাৰী, প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক চন্দন ব্ৰহ্ম, বিধায়ক মহেশ্বৰ বসুমতাৰী, মনেশ্বৰ বড়ো, ই এম অনচুমৈ খংগুৰ বড়ো, এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী, বাথৌ মহাসভাৰ সভাপতি বসন্ত স্বৰ্গীয়াৰী, বড়ো ওমেন জাষ্টিচ ফৰামৰ সভানেত্ৰী অঞ্জলী দৈমাৰী আদি উপস্থিত থাকে।

Recent News

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd