• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চহিদক সুঁৱৰি নাগৰিকত্ব সংশোধনী বিধেয়ক ব্যৰ্থ হোৱাত অগপৰ আনন্দ-উল্লাস

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
February 13, 2019 9:12 pm
715
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাজ্যসভাত উত্থাপনত বিজেপি ব্যৰ্থ হোৱাৰ পাছত বুধবাৰে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূবতে আনন্দ-উল্লাসৰ পৰিৱেশ দেখা গৈছে। এয়া উত্তৰ-পূববাসীৰ বাবে এক সাময়িক সকাহ বুলি বিধেয়ক বিৰোধী বিভিন্ন দল-সংগঠন আৰু ব্যক্তি বিশেষে ইতিমধ্যে মত প্ৰকাশ কৰিছে।

আজি বিধেয়কৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি বিজেপিৰ সংগ ত্যাগ কৰা অসম গণ পৰিষদ দলৰ নেতা-কৰ্মীসকলৰ মাজতো দেখা গ’ল আনন্দৰ পৰিৱেশ। দলটোৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত দলীয় নেতা-কৰ্মীসকলে অসম আন্দোলনৰ ৮৫৫ গৰাকী চহিদলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

ইয়াৰ পাছতেই মিঠাই বিতৰণ কৰি, আতচবাজি জ্বলাই দলটোৱে হৰ্ষোল্লাস কৰে। এই কাৰ্যসূচীত দলটোৰ বিধায়ক পবীন্দ্ৰ ডেকাকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে।

মুখ্য কাৰ্যালয়ৰ উপৰিও দলটোৰ জিলা সমিতি সমূহৰ কাৰ্যালয় সমূহতো চহিদ বেদীৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি চহিদলৈ শ্ৰদ্ধা জনোৱাৰ লগতে বিধেয়কখন ৰাজ্যসভাত উত্থাপন নোহোৱাৰ বাবে আনন্দ প্ৰকাশ কৰে।

ইফালে সম্প্ৰতি নতুন দিল্লীত থকা অগপ নেতৃত্বই এই বিজয়ক বিধেয়ক বিৰোধী অসম তথা উত্তৰ-পূবৰ সংগ্ৰামী জনসাধাৰণৰ নৈতিক বিজয় বুলি অভিহিত কৰিছে।

এক বিবৃতিযোগে দলৰ সভাপতি অতুল বৰাই কয়, ‘অসমৰ জনসাধাৰণে গণতান্ত্ৰিক আন্দোলনৰ জৰিয়তে বিজয় কিদৰে সাব্যস্ত কৰিব লাগে সেই কথা জানে। দমন, প্ৰলোভন আৰু বিভাজনৰ ৰাজনীতিৰে গণতান্ত্ৰিক সংগ্ৰামক প্ৰতিহত কৰিব পৰা নাযায়। ঐক্যবদ্ধ সংগ্ৰামৰ সন্মুখত পুনৰ নতশিৰ হ’ল দিল্লীস্থ কেন্দ্ৰীয় চৰকাৰ।’

লগতে বৰাই উত্তৰ-পূবৰ ৰাজ্যসমূহৰ দল-সংগঠনৰ ঐক্যবদ্ধ প্ৰতিবাদে সাতভনীৰ ঐক্য পুনৰ প্ৰতিপন্ন কৰা বুলিও মন্তব্য কৰে।

একেদৰে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তইয়ো অসমবাসীলৈ অভিনন্দন জ্ঞাপন কৰি অসমৰ অস্তিত্ব ৰক্ষাৰ যুঁজত পুনৰবাৰ ৰাজ্যৰ খিলঞ্জীয়াই নিজৰ প্ৰভুত্ব প্ৰতিষ্ঠা কৰিলে বুলি মন্তব্য কৰে।

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd