পুলৱামাৰ সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত প্ৰাণ হেৰুৱা চহিদসকলক সন্মান জনাই ৰাজস্থানৰ গোপাল চাহৰাণ নামৰ এজন যুৱকে নিজৰ পিঠিত আটাইকেইজন চহিদৰ নাম টেটু কৰি লৈছে, য’ত অসমৰ মনেশ্বৰ বসুমাতাৰীৰ নামো আছে।
ভগত সিং য়ুথ ব্ৰিগেডৰ সদস্য যুৱকজনে পুলৱামাৰ ৪০জন চি আৰ পি এফৰ চহিদ আৰু আন ৩১জন চহিদৰ নামেৰে মুঠ ৭১জন চহিদৰ নাম নিজৰ শৰীৰত টেটু কৰিছে। যুৱকজনৰ চহিদসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ এই ধৰণটোৱে মনোযোগ আকৰ্ষণ কৰে বহুতৰ।
এই প্ৰসংগত সাংবাদিকে সোধাত ভাৰত ভূমিৰ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া এই বীৰ চহিদসকলৰ নাম জনসাধাৰণে কেতিয়াও পাহৰিব নালাগে বুলি উল্লেখ কৰি তেওঁ চহিদসকলৰ নাম নিজৰ মন আৰু শৰীৰত মৃত্যু পৰ্যন্ত কঢ়িয়াই লৈ ফুৰিব বুলি মন্তব্য কৰে।
আনহাতে, তেওঁৰ এই ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলিয়ে জনসাধাৰণক চহিদসকলৰ নামসমূহ মনত ৰখাত সহায় কৰিব বুলিও যুৱকজনে দাবী কৰে।
উল্লেখযোগ্য যে ১৪ ফেব্ৰুৱাৰিত কাশ্মীৰৰ পুলৱামাত আত্মঘাতী বোমাৰুৰ ভয়ংকৰ আক্ৰমণটোত অসমৰ বাক্সা জিলাৰ তামুলপুৰৰ মনেশ্বৰ বসুমতাৰীৰ লগতে ৪০জন চি আৰ পি এফ জোৱান চহিদ হৈছিল।