বিষাক্ত সুৰাপান কৰি গুৰুতৰভাৱে অসুস্থ হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা লোকসকলক আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈ স্বাস্থ্য বিভাগক চিকিৎসাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
তাৰোপৰি বিষাক্ত সুৰাই প্ৰাণ কাঢ়ি নিয়া ব্যক্তিসকলৰ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।
মুখ্য মন্ত্ৰী সোণোৱালে নিহত প্ৰতিগৰাকী ব্যক্তিৰ পৰিয়ালললৈ ২ লাখ টকাকৈ আৰ্থিক সাহায্য আৰু চিকিৎসাধীন হৈ থকা ব্যক্তিসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে। লগতে চিকিৎসাধীন হৈ থকা লোকসকলক প্ৰয়োজনীয় সকলো ধৰণৰ উন্নত চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰাৰ বাবেও চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।
মুখ্য মন্ত্ৰী সোণোৱালে যোৰহাট আৰু গোলাঘাট দুয়োখন জিলাৰে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলকো আ্কান্ত পৰিয়ালসমূহক সকাহ দিয়াৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
আনহাতে আজি পুৱা মুখ্য মন্ত্ৰী সোণোৱালে এই ঘটনাক লৈ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। এইও বৈঠকত মুখ্য মন্ত্ৰী গৰাকীয়ে এই ঘটনাৰ লগত জড়িত থকা ব্যক্তিক শীঘ্ৰে কৰায়ত্ত কৰা আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়ে।