কিছুদিন আগতে কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদীৰ আত্মঘাতী আক্ৰমণত চল্লিচৰ অধিক জোৱানৰ মৃত্যু যথাৰ্থৰূপেই কেৱল ৰাষ্ট্ৰীয়ই নহয়, আন্তঃৰাষ্ট্ৰীয় চৰ্চাৰো বিষয় হৈ পৰিছিল। তাৰ পিছে পিছে অসমৰ যোৰহাট আৰু গোলাঘাট জিলাত বিষাক্ত চুলাই মদ সেৱন কৰি পুলৱামা-কাণ্ডৰ প্ৰায় চাৰিগুণ অধিক অৰ্থাৎ ডেৰ শতাধিক চাহ-শ্ৰমিকৰ আওমৰণ ঘটা ঘটনাই আন্তঃৰাষ্ট্ৰীয় নালাগে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো বিশেষ দৃষ্টি আকৰ্ষণ কৰা নাই। অসমতে কোনো কোনোৱে ভাবিছে- মদ পিহে মৰিছে, কি ইমান ডাঙৰ কথাটো হ’ল? অৱশ্যে দুই-চাৰিজন চেলিব্ৰিটী যদি বিষাক্ত বিলাতী সুৰা খাই মৃত্যুমুখত পৰিলেহেঁতেন (তেনে ঘটনা নঘটক!) তেন্তে মানুহৰ প্ৰতিক্ৰিয়া সম্পূৰ্ণ ওলোটা হৈ পৰিলহেঁতেন।
শ্ৰমশোষণৰ ওপৰত ভিত্তিশীল এখন সমাজত শ্ৰমিকৰ দামেই সবাতোকৈ কম। কাৰণ শ্ৰমিকক যথোচিত মূল্য দিব লগা হ’লেই শোষণ-ব্যৱস্থা খহি পৰিব পাৰে, আমাৰ স্বচ্ছন্দ জীৱনধাৰাত আউল লাগিব পাৰে। যি মুনাফাৰ ওপৰত ভিত্তি কৰি আমাৰ সমাজ-সভ্যতা-সংস্কৃতি থিয় দি আছে, সেই মুনাফা গঠন হোৱাৰ পথ ৰুদ্ধ হৈ যাব পাৰে। সেয়ে যথোচিত মূল্যৰে শ্ৰমিকক শোষণমুক্ত কৰিব নোৱাৰি, শ্ৰমিকক উন্নত জীৱনৰ আস্বাদ দিব নোৱাৰি। তেওঁলোক যথাসম্ভৱ অচেতন আৰু অমানৱীয় শ্ৰমৰ সুলভ টোপোলা হৈ জীয়াই থকাটো শ্ৰেণীসমাজ বৰ্তি থকাৰ স্বাৰ্থতে জৰুৰী।
সেয়েহে চাহবাগানৰ পৰা সৰ্বোচ্চ মুনাফা লাভ কৰাৰ স্বাৰ্থতে ব্ৰিটিছে সস্তা শ্ৰমৰ সুলভ আৰু অনন্ত আধাৰ হিচাপে চাহ-শ্ৰমিকক বৰ্তাই ৰাখিব বিচাৰিছিল। ব্ৰিটিছ পুঁজিবাদে উপলব্ধি কৰিছিল যে চাহ-শ্ৰমিকক শিক্ষা-দীক্ষা, সুস্বাস্থ্য আৰু সুচল জীৱনৰ সুবিধা দিয়া হ’লে তেওঁলোক হয় শ্ৰমিক হ’বলৈ এৰিব, নহয় এদিনাখন নিজেই বাগান চলাবলৈ আগ বাঢ়ি আহিব; আন নহ’লেও আলোকিত শ্ৰমিকে শোষণ সহ্য কৰি নাথাকিব। সেয়ে উন্নত মানৱীয় জীৱনৰ উপকৰণবোৰৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰখা হ’ল। অমানুষিক শ্ৰমৰ কষ্ট পাহৰি থাকিবলৈ বা সহ্য কৰি থাকিবলৈ তেওঁলোকৰ হাতত তুলি দিয়া হ’ল চুলাই মদ- আন বিনোদনৰ পথ তেওঁলোকৰ বাবে আছিল সীমিত।
সেই পৰিস্থিতিৰ মৌলিক পৰিৱৰ্তন আজিও ঘটা নাই। সমাজৰ আন অংশৰ জীৱনত কাম আৰু বিনোদনৰ যি সহাৱস্থান আছে, সেয়া চাঽ-শ্ৰমিকৰ ক্ষেত্ৰত সেই একে মাত্ৰাত নাই। জীৱনৰ জঞ্জাল পাহৰি থাকিবলৈ আনৰ বাবে খোলা থাকে অনেক পথ, সেই পথৰ প্ৰয়োগ ঘটাবলৈ হাতত থাকে পৰ্যাপ্ত ধন। চাহ-শ্ৰমিকৰ বহুতেই সদায়ে কাম নাপায়, যিয়ে পায় তেৱোঁ দিনে ডেৰ শ টকা মানহে উপাৰ্জন কৰে। জীৱনৰ মহাকষ্টৰ পৰা সকাহ পাবলৈ বিনোদন বিচাৰি তেওঁ এদিনত দহ বা বিচ টকাতকৈ বেছি খৰচ কৰিব নোৱাৰে। গতিকে বিনোদনৰ বা কষ্ট-বিস্মৰণৰ সস্তা পথ হিচাপে চুলাই মদৰ আশ্ৰয় ল’বলৈ তেওঁ বাধ্য। সেয়ে চুলাই মদৰ বিৰুদ্ধে ব্যৱস্থা ল’ব খোজাসকলে চাহ-শ্ৰমিকৰ জীৱনৰ মান উন্নত কৰাৰ ব্যৱস্থা লওক আগতে।
মৃত চাহ-শ্ৰমিকসকলৰ পৰিয়াললৈ চৰকাৰে অনুদান আগ বঢ়োৱাত যিসকলৰ চকু পুৰিছে বা যিসকলে উস্-আস্ লগাইছে সেইসকলে জানি থওক যে অসমৰ জাতীয় জীৱনলৈ সেইসকলৰ তুলনাত চাহ-শ্ৰমিকৰ অৰিহণা বহুত বেছি। অসমৰ সবাতোকৈ গুৰুত্বপূৰ্ণ উৎপাদন চাহ আৰু অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰো এটা ঘাই উপকৰণ চাহ বাগিচা। চাহ-শ্ৰমিকৰ মহাশ্ৰম অবিহনে অসমৰ এই গৌৰৱ থিয় হৈ থাকিব নোৱাৰে। বিন্দু বিন্দুকৈ নিজৰ জীৱন বিনষ্ট কৰি অসমক গৌৰৱান্বিত কৰি ৰখা চাহ-শ্ৰমিকৰ এই বিৰাট মৃত্যুক ভেঙুচালি কৰাৰ নৈতিক অধিকাৰ কাৰো নাই।
আৰু চৰকাৰেও কেৱল অনুদান দিয়েই দায় সাৰিব নোৱাৰে। নিজৰ ব্যৰ্থতা চৰকাৰে মানি লোৱা উচিত। সংশ্লিষ্ট চৰকাৰী বিভাগবোৰে কি কৰি থাকে? চুলাই মদ বিষাক্ত হয় কেনেকৈ? সেৱনৰ পূৰ্বে তাক পৰীক্ষা কৰাৰ কোনো ব্যৱস্থা কেলেই নাই? কম মাত্ৰাত এনে ঘটনাতো আগতেও ঘটিছিল। তেন্তে আবকাৰী বিভাগকে ধৰি চৰকাৰী প্ৰশাসন যন্ত্ৰই এইক্ষেত্ৰত একো কাম কৰা নাছিল কিয়? চুলাই মদৰ অবৈধ ব্যৱসায় চৰকাৰৰ নজৰৰ বাহিৰত আছিল নেকি?
আজি কোনো কোনো লোকে সন্দেহ কৰিছে যে চুলাই মদত বিহ মিহলি হোৱা ঘটনাটো এক পৰিকল্পিত চক্ৰান্ত। কোনোবা ন্যস্ত স্বাৰ্থই বিচাৰিছে নেকি যে অসমৰ বিপুল সংখ্যক চাহ-শ্ৰমিক চুলাই মদৰ পৰা আঁতৰি আহক আৰু নতুনকৈ প্ৰস্তুত হ’ব লগা কিবা বিকল্প মদ- যি চুলাই মদৰ দৰেই সস্তা- গ্ৰহণ কৰক। কোনোবাই কেইশমান চাহ-শ্ৰমিকৰ প্ৰাণৰ বিনিময়ত কিবা বিকল্প সস্তা মদৰ বৃ্হৎ বজাৰ এখন গঢ় দিয়াৰ ফন্দি কৰিছে নেকি? চৰকাৰে যথোচিত তদন্তৰে এই সন্দেহ দূৰ কৰিবনে?
সুৰাৰ ব্যৱসায়যোগে যথেষ্ট ৰাজহ সংগ্ৰহ হয় বুলি চৰকাৰেই বুকু ফিন্দাই কয়। বিলাতী সুৰাৰ দোকান কাঠফুলাৰ দৰে য’তে-ত’তে গঁজি উঠিবলৈ চৰকাৰেই অনুজ্ঞা-পত্ৰ দিয়ে। দেশী সুৰা তৈয়াৰ আৰু বিক্ৰীৰ অনুজ্ঞা-পত্ৰ দিয়াৰো হেনো গুণা-গঁথা চলি আছে। গতিকে “সুৰামুক্ত অসম”ৰ শ্ৰুতিমধুৰ শ্ল’গান বাস্তৱত ৰূপায়িত হোৱাত চৰকাৰেই যে বাধা দিব সেইকথা সহজেই অনুমেয়।
সেয়ে চাহ-বাগিচাবোৰো চুলাইমুক্ত হ’ব পাৰে কিন্তু সুৰামুক্ত নহ’ব; চুলাইৰ বিকল্প কিবা সস্তা সুৰাহে তাত উন্মুক্ত হৈ পৰিব পাৰে। চাহ-শ্ৰমিকক কৃত্ৰিম উপায়ে সুৰামুক্ত বা চুলাইমুক্ত কৰাৰ কল্পনা অলীক। সেইটো বাস্তৱায়িত কৰিব লাগিলে তেওঁলোকৰ জীৱনৰ মান পৰ্যাপ্তভাৱে উন্নত কৰিব লাগিব। পিছে শিক্ষাৰ জোনাকেৰে, স্বাস্থ্যৰ তৰালীৰে চাহ-শ্ৰমিকৰ জীৱনাকাশ ফৰকাল কৰি, শোষণৰ ক’লীয়া মেঘ আঁতৰাই মুনাফাৰ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা নাইকিয়া কৰাৰ পথ সংশ্লিষ্ট ডাঙৰীয়া মহলে মঞ্জুৰ কৰিব জানো?
লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক
ইমেইল- [email protected]