• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

মাতৃৰ পৰাই ‘সাহসৰ পাঠ’ লাভ কৰিছিল উয়িং কমাণ্ডাৰ অভিনন্দনে

গ্ৰুপ কেপ্টেইন (অৱসৰপ্ৰাপ্ত) তৰুণ কুমাৰ সিংহ by গ্ৰুপ কেপ্টেইন (অৱসৰপ্ৰাপ্ত) তৰুণ কুমাৰ সিংহ
February 28, 2019 6:18 pm
Abhinandan-Mother-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় বায়ুসেনাৰ পাইলট উয়িং কমাণ্ডাৰ অভিনন্দনৰ বীৰত্বক লৈ যেতিয়া সমগ্ৰ ভাৰত অত্যুৎসাহী হৈ পৰিছে, সম্ভৱত: বায়ুসেনাৰ পৰিসৰৰ বাহিৰৰ অতি কম সংখ্যক লোকে তেওঁৰ তেজত থকা ‘সাহসৰ জিন’ৰ অধিক মাত্ৰাই যে মাতৃৰ পৰা লাভ কৰা সেই কথা অৱগত।তেওঁৰ মাতৃ ড০ শোভা বৰ্থমানে লাইবেৰিয়া, ইৰাক, আইভৰী ক’ষ্ট, পাপুৱা গুয়েনা হাইটি আৰু লাওচকে ধৰি বিশ্বৰ কিছুমান অত্যন্ত সংঘাত জৰ্জৰ যুদ্ধবিধ্বস্ত অঞ্চলত মুমুৰ্ষজনৰ পৰিচৰ্যাৰ বাবে মানৱ সেৱাত নিজকে উৎসৰ্গিত কৰিছিল।

তেওঁৰ সাহসী বীৰ পুত্ৰ অভিনন্দনক ‘যুদ্ধৰ প্ৰেৰণা’ দিয়াৰ সক্ৰিয় ভূমিকা গ্ৰহণ কৰি থকাৰ সময়তে ড০ শোভাই সন্ত্ৰাস জৰ্জৰ যুদ্ধ বিধ্বস্ত ক্ষেত্ৰৰ প্ৰসৱ কালীন মহিলাসকলক সংকটৰ পৰা ৰক্ষা কৰাটো নিশ্চিত কৰি বিশ্বজুৰি সহস্ৰ শিশুৰ মুখত হাঁহি বিৰিঙাই তুলিছিল আৰু সমাজ সেৱাৰ অতুলনীয় নতুন সংজ্ঞা নিৰ্দ্ধাৰণ কৰিছিল।

Apply Now

মাদ্ৰাজ মেডিকেল কলেজৰ স্নাতক আৰু ইংলেণ্ডৰ ৰয়েল কলেজ অৱ ছাৰ্জনৰ পৰা এনেছথেছিওল’জিৰ স্নাতকোত্তৰ ড০ শোভাই ‘মেডিচিন ছেনছ ফ্ৰন্টিয়াৰ্ছ’ৰ (এমএছএফ) এগৰাকী সদস্য হিচাপে বিশ্বত স্বেচ্ছাসেৱকৰ ৰূপত বিনামূলীয়া সেৱা আগবঢ়াইছিল।

এমএছএফৰ কামকাজৰ জৰিয়তে শেহতীয়া সময়ত তেওঁ কিছুমান অত্যন্ত সংঘাত জৰ্জৰ স্থানত কৰ্মৰত হ’বলগীয়া হৈছিল। সংঘাতপূৰ্ণ ক্ষেত্ৰত তেওঁৰ মানৱ সেৱাৰ অভিযান আৰম্ভ হৈছিল ২০০৫ চনত আইভৰী ক’ষ্টৰ উত্তৰ প্ৰান্তৰ এখন বিদ্ৰোহী দেশৰ আভ্যন্তৰত।ইয়াত তেওঁ এ কে-৪৭ আৰু তৰোৱালৰ শাসনৰ সাক্ষী হৈছিল।

সেই বৰ্ষতে তেওঁ পৰৱৰ্তী অভিযানত লাইবেৰিয়া পাইছিল। নিৰ্বাচনৰ সময় আছিল আৰু সম্ভাৱ্য সংঘাতৰ বাবে এক বৃহৎ সংখ্যক স্বাস্থ্যসেৱাৰ কৰ্মী তাত মজুত হৈছিল। গৃহযুদ্ধৰ পাছতে ৰাষ্ট্ৰসংঘই তাত শান্তি ঘুৰাই আনিছিল যদিও পৰিস্থিতি আছিল অত্যন্ত অস্থিৰ। এইদৰে ড০ শোভাই বিভিন্ন সংঘাত জৰ্জৰ অঞ্চলত সেৱা আগবঢ়াই আহিছে।

দ্বিতীয় উপসাগৰীয় যুদ্ধৰ সময়ত ইৰাকৰ ছুলেমানিয়াহত ড০ শোভাই এক আত্মঘাতী বোমা বিস্ফোৰণত জীৱনৰ প্ৰতি ভাবুকিৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিল। ইৰাণত তেওঁ ৰোগীসকলক সুস্থ হৈ উঠাৰ বাবে প্ৰাণায়াম শিকাইছিল আৰু ইয়াৰ বিশেষ সাফল্যৰ বাবে বহু অনুসৰণকাৰীৰ সৃষ্টি হৈছিল।

এমএছএফৰ মেডিকেল ডাইৰেক্টৰ হিচাপে তেওঁ ইৰাণ-ইৰাক সীমান্ত অঞ্চলতো কাম কৰা অভিজ্ঞতা লাভ কৰিছিল। ইৰাকীসকলে পুতি থোৱা লেণ্ডমাইনত জীৱন আহুতি দিয়া ইৰাণী যুৱসকলৰ দুৰ্দান্ত সাহসৰ সৈতে তেওঁ মুখামুখি হৈছিল।

উপসাগৰীয় অঞ্চলৰ পৰা ২০০৯ত পাপুৱা গুয়েনালৈকে যুদ্ধ বিধ্বস্ত অঞ্চললৈকে কাম কৰাৰ পাছত তেওঁ সম্পূৰ্ণ এক নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। চীফ মেডিকেল কোৰ্ডিনেটৰ হিচাপে তেওঁ তিনিটা ভিন্ন প্ৰকল্পৰ দায়িত্ব লাভ কৰে- চাৰ্জিকেল, যৌন হিংসা আৰু এটা এইচআইভি প্ৰকল্প। মহিলাসকলক প্ৰায়েই ধৰ্ষণ কৰা হৈছিল আৰু চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছিল। ফলস্বৰূপে এইচআইভি আক্ৰান্ত বা যৌন ৰোগত আক্ৰান্তসকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ এই প্ৰকল্পৰ দায়িত্ব তেওঁ ল’বলগীয়া হৈছিল।

তেওঁৰ পৰৱৰ্তী ডাঙৰ প্ৰত্যাহ্বানমূলক অভিযান আছিল লাওচত। ইয়াত তেওঁ উত্তৰ অংশত পথ নোহোৱা প্ৰায় ১৮০০ কিলোমিটাৰ এখন চাৰিচকীয়া বাহনেৰে ভ্ৰমণ কৰিবলগীয়া হৈছিল। তাত তেওঁ আৱিস্কাৰ কৰিছিল যে বিশ্ব বেংক আৰু এছিয়ান ডেভেল’পমেন্ট বেংকৰ উপস্থিতি থকা সত্ত্বেও বহু অঞ্চলত স্বাস্থ্যসেৱা আছিল শূন্য।

কিন্তু আটাইতকৈ ডাঙৰ অভিজ্ঞতা আছিল হাইটিত। ইয়াত ২০১০ চনত হোৱা ভূমিকম্পৰ ফলত প্ৰায় ৩০০,০০০ লোক মৃত্যুমুখত পৰাৰ লগতে প্ৰায় সমসংখ্যক লোক আহত হৈছিল। ড০ শোভাই ইয়াত স্বাস্থ্যসেৱাৰ জৰিয়তে দুৰ্গতজনক হতাশাৰ মাজত আশাৰ পোহৰ দেখুৱাইছিল।

উয়িং কমাণ্ডাৰ অভিনন্দনৰ মাতৃয়ে লগতে এগৰাকী পত্নীৰ ভূমিকাও বৰ নিষ্ঠাৰে পালন কৰিছিল। তেওঁ এবাৰ ৰাষ্ট্ৰসংঘৰ ত্ৰিনিদাদ আৰু টবাগোত ‘ট্ৰেইন এনাছথেটিষ্ট’ৰ প্ৰস্তাৱো প্ৰত্যাখ্যান কৰিছিল কিয়নো পেৰিচলৈ এক কূটনৈতিক মিশ্যনৰ বাবে যোৱা এগৰাকী জ্যেষ্ঠ বায়ুসেনা বিষয়াৰ পত্নী হিচাপে তেওঁ দায়বদ্ধতা অনুভৱ কৰিছিল।

(গ্ৰুপ কেপ্টেইন অসমৰ তৰুণ কুমাৰ সিংহ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু পাইলট)।

গ্ৰুপ কেপ্টেইন (অৱসৰপ্ৰাপ্ত) তৰুণ কুমাৰ সিংহ

গ্ৰুপ কেপ্টেইন (অৱসৰপ্ৰাপ্ত) তৰুণ কুমাৰ সিংহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

গ্ৰাহকৰ ধনেৰে অনলাইন শ্বপিং, গেম, জুৱা; লাখ লাখ টকা উৰুৱাই আৰক্ষীৰ জালত বেংকৰ কেচিয়াৰ

June 16, 2026 9:56 am
দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

টেক অফৰ পিছতে দুৰ্যোগ! কেলিফৰ্ণিয়াত ভাঙি পৰিল আমেৰিকাৰ বোমাৰু বিমান, ৮ জনৰ মৃত্যু

June 16, 2026 11:34 am
চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

চিবিআই বিষয়াৰ ভুৱা পৰিচয়েৰে প্ৰৱঞ্চনাৰ অভিযোগ; জালিয়াতিৰ গোচৰত আটক পাঠশালাৰ যুৱক

June 16, 2026 10:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd