• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাতৃৰ পৰাই ‘সাহসৰ পাঠ’ লাভ কৰিছিল উয়িং কমাণ্ডাৰ অভিনন্দনে

গ্ৰুপ কেপ্টেইন (অৱসৰপ্ৰাপ্ত) তৰুণ কুমাৰ সিংহ by গ্ৰুপ কেপ্টেইন (অৱসৰপ্ৰাপ্ত) তৰুণ কুমাৰ সিংহ
February 28, 2019 6:18 pm
Abhinandan-Mother-750x375
2.8k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বায়ুসেনাৰ পাইলট উয়িং কমাণ্ডাৰ অভিনন্দনৰ বীৰত্বক লৈ যেতিয়া সমগ্ৰ ভাৰত অত্যুৎসাহী হৈ পৰিছে, সম্ভৱত: বায়ুসেনাৰ পৰিসৰৰ বাহিৰৰ অতি কম সংখ্যক লোকে তেওঁৰ তেজত থকা ‘সাহসৰ জিন’ৰ অধিক মাত্ৰাই যে মাতৃৰ পৰা লাভ কৰা সেই কথা অৱগত।তেওঁৰ মাতৃ ড০ শোভা বৰ্থমানে লাইবেৰিয়া, ইৰাক, আইভৰী ক’ষ্ট, পাপুৱা গুয়েনা হাইটি আৰু লাওচকে ধৰি বিশ্বৰ কিছুমান অত্যন্ত সংঘাত জৰ্জৰ যুদ্ধবিধ্বস্ত অঞ্চলত মুমুৰ্ষজনৰ পৰিচৰ্যাৰ বাবে মানৱ সেৱাত নিজকে উৎসৰ্গিত কৰিছিল।

তেওঁৰ সাহসী বীৰ পুত্ৰ অভিনন্দনক ‘যুদ্ধৰ প্ৰেৰণা’ দিয়াৰ সক্ৰিয় ভূমিকা গ্ৰহণ কৰি থকাৰ সময়তে ড০ শোভাই সন্ত্ৰাস জৰ্জৰ যুদ্ধ বিধ্বস্ত ক্ষেত্ৰৰ প্ৰসৱ কালীন মহিলাসকলক সংকটৰ পৰা ৰক্ষা কৰাটো নিশ্চিত কৰি বিশ্বজুৰি সহস্ৰ শিশুৰ মুখত হাঁহি বিৰিঙাই তুলিছিল আৰু সমাজ সেৱাৰ অতুলনীয় নতুন সংজ্ঞা নিৰ্দ্ধাৰণ কৰিছিল।

মাদ্ৰাজ মেডিকেল কলেজৰ স্নাতক আৰু ইংলেণ্ডৰ ৰয়েল কলেজ অৱ ছাৰ্জনৰ পৰা এনেছথেছিওল’জিৰ স্নাতকোত্তৰ ড০ শোভাই ‘মেডিচিন ছেনছ ফ্ৰন্টিয়াৰ্ছ’ৰ (এমএছএফ) এগৰাকী সদস্য হিচাপে বিশ্বত স্বেচ্ছাসেৱকৰ ৰূপত বিনামূলীয়া সেৱা আগবঢ়াইছিল।

এমএছএফৰ কামকাজৰ জৰিয়তে শেহতীয়া সময়ত তেওঁ কিছুমান অত্যন্ত সংঘাত জৰ্জৰ স্থানত কৰ্মৰত হ’বলগীয়া হৈছিল। সংঘাতপূৰ্ণ ক্ষেত্ৰত তেওঁৰ মানৱ সেৱাৰ অভিযান আৰম্ভ হৈছিল ২০০৫ চনত আইভৰী ক’ষ্টৰ উত্তৰ প্ৰান্তৰ এখন বিদ্ৰোহী দেশৰ আভ্যন্তৰত।ইয়াত তেওঁ এ কে-৪৭ আৰু তৰোৱালৰ শাসনৰ সাক্ষী হৈছিল।

সেই বৰ্ষতে তেওঁ পৰৱৰ্তী অভিযানত লাইবেৰিয়া পাইছিল। নিৰ্বাচনৰ সময় আছিল আৰু সম্ভাৱ্য সংঘাতৰ বাবে এক বৃহৎ সংখ্যক স্বাস্থ্যসেৱাৰ কৰ্মী তাত মজুত হৈছিল। গৃহযুদ্ধৰ পাছতে ৰাষ্ট্ৰসংঘই তাত শান্তি ঘুৰাই আনিছিল যদিও পৰিস্থিতি আছিল অত্যন্ত অস্থিৰ। এইদৰে ড০ শোভাই বিভিন্ন সংঘাত জৰ্জৰ অঞ্চলত সেৱা আগবঢ়াই আহিছে।

দ্বিতীয় উপসাগৰীয় যুদ্ধৰ সময়ত ইৰাকৰ ছুলেমানিয়াহত ড০ শোভাই এক আত্মঘাতী বোমা বিস্ফোৰণত জীৱনৰ প্ৰতি ভাবুকিৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিল। ইৰাণত তেওঁ ৰোগীসকলক সুস্থ হৈ উঠাৰ বাবে প্ৰাণায়াম শিকাইছিল আৰু ইয়াৰ বিশেষ সাফল্যৰ বাবে বহু অনুসৰণকাৰীৰ সৃষ্টি হৈছিল।

এমএছএফৰ মেডিকেল ডাইৰেক্টৰ হিচাপে তেওঁ ইৰাণ-ইৰাক সীমান্ত অঞ্চলতো কাম কৰা অভিজ্ঞতা লাভ কৰিছিল। ইৰাকীসকলে পুতি থোৱা লেণ্ডমাইনত জীৱন আহুতি দিয়া ইৰাণী যুৱসকলৰ দুৰ্দান্ত সাহসৰ সৈতে তেওঁ মুখামুখি হৈছিল।

উপসাগৰীয় অঞ্চলৰ পৰা ২০০৯ত পাপুৱা গুয়েনালৈকে যুদ্ধ বিধ্বস্ত অঞ্চললৈকে কাম কৰাৰ পাছত তেওঁ সম্পূৰ্ণ এক নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়। চীফ মেডিকেল কোৰ্ডিনেটৰ হিচাপে তেওঁ তিনিটা ভিন্ন প্ৰকল্পৰ দায়িত্ব লাভ কৰে- চাৰ্জিকেল, যৌন হিংসা আৰু এটা এইচআইভি প্ৰকল্প। মহিলাসকলক প্ৰায়েই ধৰ্ষণ কৰা হৈছিল আৰু চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈছিল। ফলস্বৰূপে এইচআইভি আক্ৰান্ত বা যৌন ৰোগত আক্ৰান্তসকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ এই প্ৰকল্পৰ দায়িত্ব তেওঁ ল’বলগীয়া হৈছিল।

তেওঁৰ পৰৱৰ্তী ডাঙৰ প্ৰত্যাহ্বানমূলক অভিযান আছিল লাওচত। ইয়াত তেওঁ উত্তৰ অংশত পথ নোহোৱা প্ৰায় ১৮০০ কিলোমিটাৰ এখন চাৰিচকীয়া বাহনেৰে ভ্ৰমণ কৰিবলগীয়া হৈছিল। তাত তেওঁ আৱিস্কাৰ কৰিছিল যে বিশ্ব বেংক আৰু এছিয়ান ডেভেল’পমেন্ট বেংকৰ উপস্থিতি থকা সত্ত্বেও বহু অঞ্চলত স্বাস্থ্যসেৱা আছিল শূন্য।

কিন্তু আটাইতকৈ ডাঙৰ অভিজ্ঞতা আছিল হাইটিত। ইয়াত ২০১০ চনত হোৱা ভূমিকম্পৰ ফলত প্ৰায় ৩০০,০০০ লোক মৃত্যুমুখত পৰাৰ লগতে প্ৰায় সমসংখ্যক লোক আহত হৈছিল। ড০ শোভাই ইয়াত স্বাস্থ্যসেৱাৰ জৰিয়তে দুৰ্গতজনক হতাশাৰ মাজত আশাৰ পোহৰ দেখুৱাইছিল।

উয়িং কমাণ্ডাৰ অভিনন্দনৰ মাতৃয়ে লগতে এগৰাকী পত্নীৰ ভূমিকাও বৰ নিষ্ঠাৰে পালন কৰিছিল। তেওঁ এবাৰ ৰাষ্ট্ৰসংঘৰ ত্ৰিনিদাদ আৰু টবাগোত ‘ট্ৰেইন এনাছথেটিষ্ট’ৰ প্ৰস্তাৱো প্ৰত্যাখ্যান কৰিছিল কিয়নো পেৰিচলৈ এক কূটনৈতিক মিশ্যনৰ বাবে যোৱা এগৰাকী জ্যেষ্ঠ বায়ুসেনা বিষয়াৰ পত্নী হিচাপে তেওঁ দায়বদ্ধতা অনুভৱ কৰিছিল।

(গ্ৰুপ কেপ্টেইন অসমৰ তৰুণ কুমাৰ সিংহ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু পাইলট)।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd