• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমত ভুল চিকিৎসাই বিকৃতি ঘটোৱা নাক ১০ লাখ টকা খৰচেৰে চেন্নাইত ঠিক কৰিলে যুৱকে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2019 9:20 pm
Shyam Sundar Gupta

শ্যাম সুন্দৰ গুপ্তা। ফটো : জি প্লাছ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাকত হোৱা সামান্য এটা ফোঁহাৰ চিকিৎসা কৰাবলৈ গৈ গোটেই নাকটোৰ বিকৃতি ঘটাৰ দৰে বিড়ম্বনাৰ সন্মুখীন হয় এজন যুৱক। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভুল চিকিৎসাৰ বলি হোৱা বুলি অভিযোগ তোলা যুৱকজনে পিছত চেন্নাইত কেইবাটাও প্লাষ্টিক ছাৰ্জেৰি কৰাব লগীয়া হয়।

শ্যাম সুন্দৰ গুপ্তা নামৰ ভুক্তভোগী যুৱকজনে অলপতে এখন সংবাদমেল দিয়াত এই গোটেই কাহিনীটো পোহৰলৈ আহে। তেওঁ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।

Apply Now

শ্যাম সুন্দৰ গুপ্তাই জনোৱামতে, ২০১৫ চনৰ মাৰ্চ মাহত নাকত হোৱা সংক্ৰমণৰ চিকিৎসাৰ বাবে তেওঁ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ৰ প্লাষ্টিক চাৰ্জন ডাঃ পাৰ্থপ্ৰতিম দত্তৰ কাষ চাপে। “চিকিৎসাৰ বাবে তেওঁ মোৰ নাকতেই বেজী দিয়ে”, গুপ্তাই কয়।

তাৰ পাছতে তেওঁৰ নাকৰ অৱস্থা আগতকৈ বেছি বেয়াৰ ফালে গতি কৰে আৰু ইয়াৰ পৰিণতিত নাকটো দিনে দিনে ক’লা হৈ গৈ থাকে। নিজৰ দুৰ্ভোগৰ দিনবোৰ সুঁৱৰি কয় শ্যাম সুন্দৰ গুপ্তাই।

“চিকিৎসা গ্ৰহণৰ কেইদিনমান পাছৰ পৰাই মোৰ নাকটো ক’লা পৰি যোৱাৰ লগতে নাকৰ ওপৰৰ অংশৰ ছালবোৰ এৰিবলৈ ধৰিলে আৰু সেই অংশসমূহৰ পৰা পূঁজ জাতীয় বস্তু ওলাবলৈ ধৰিলে”, শ্যাম সুন্দৰে কয়।

তাৰ পিছত সমাধান বিচাৰি তেওঁ কেইবাজনো চিকিৎসকৰ কাষ চাপিল। যদিও কোনো সুফল নোপোৱাত অৱশেষত তেওঁ চিকিৎসাৰ বাবে চেন্নাইলৈ যোৱাৰ সিদ্ধান্ত লোৱা বুলি জনায়।

অসমৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে তেওঁ চেন্নাইত চিকিৎসাৰ নামত ১০ লাখ টকাৰো অধিক ব্যয় কৰিব লগীয়া হয় বুলি আক্ষেপ কৰে।

তেওঁ লগতে কয়, “ইয়াৰ বাবে মই শাৰিৰীক আৰু মানসিকভাৱে বহু আঘাত পাইছো। ইয়াৰ উপৰি চিকিৎসাৰ বাবে মই মোৰ গুৰুত্বপূৰ্ণ একাডেমিকৰ এটা বছৰ হেৰুৱাইছো”।

তেওঁ লগতে এই সংক্ৰান্তত চিকিৎসকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে মেডিকেল কাউন্সিল অব ইণ্ডিয়াক (MCI)  চিঠিযোগে অনুৰোধ জনোৱাৰো কথা উল্লেখ কৰে। কিন্তু এই সমগ্ৰ ঘটনাটো তদন্তৰ বাবে এম চি আয়ে অসম মেডিকেল কাউন্সিলক দায়িত্ব দিয়ে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

ইয়াৰ উপৰি Assam State Consumer Disputes Redressal Commissionতো ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল আৰু ঘটনাটো বৰ্তমান বিচাৰাধীন হৈ আছে বুলি জনালে ভুক্তভোগী শ্যামসুন্দৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd