• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰে সম্পৰ্ক অধিক সুদৃঢ় কৰাত গুৰুত্ব আফগান সাংবাদিকৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 4, 2019 12:15 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত আৰু আফগানিস্তানৰ সম্পৰ্ক প্রাচীন আৰু সৌহাদ্যপূৰ্ণ। এই সম্পৰ্ক অধিক  সমৃদ্ধ কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে উদ্যোগ লোৱাটো আফগান জনসাধাৰনে কামনা কৰে – এই মন্তব্য আফগানিস্তানৰ জ্যেষ্ঠ সাংবাদিক আব্দুল মজিদ খালভাটগাৰৰ।

ৰাজধানী চহৰ কাবুলৰ পৰা দেওবাৰে অৰ্থাৎ ৩ মাৰ্চত এক ভিডিও কনফাৰেঞ্চত গুৱাহাটী প্ৰেছ ক্লাৱৰ সাংবাদিক সকলক উদ্দেশ্যি মুজিবে আৰু কয় যে আফগান ন- শিকাৰু আৰু বিভিন্ন ৰোগত আক্রান্ত ব্যক্তিৰ বাবে ভৰত অন্যতম গান্তব্য স্থল ৰূপে বিবেচিত হৈছে।

Apply Now

তেওঁ লগতে কয় যে যুদ্ধ-বিধ্বস্ত আফগানিস্তানৰ শিক্ষা আৰু স্বাস্থ্য ক্ষেত্র অত্যন্ত শোচনীয় অৱস্থাত আছে। সেয়ে বন্ধুত্বৰ খাতিৰতে  সাহায্যপ্ৰাৰ্থী আফগান সকলক ভাৰতে ইতিবাচক সহাঁৰি জনাব লাগে।

নিজ দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ কথা ব্যাখ্যা কৰি মুজিবে তালিবান আৰু চৰকাৰৰ শান্তি প্ৰক্ৰিয়া বাৰে বাৰে ব্যাঘাত হোৱাৰ কথা উল্লেখ কৰে। শেহতীয়াকৈ পাকিস্তানৰ অস্থিৰতাই এই আলোচনাত পুনৰ  বাধাৰ সৃষ্টি কৰিছে, কাৰণ তালিবান আৰু মাৰ্কিন  চৰকাৰৰ মাজৰ আলোচনাত মধ্যস্থতাকাৰী হিচাপে আছে ইছলামবাদৰ প্ৰশাসন।

ভাৰত-পাকিস্তানৰ মাজৰ সংঘাতৰ কথা উল্লেখ কৰি মুজিবে স্পষ্ট ভাবে কয় যে নিজক সুৰক্ষা দিয়াৰ সম্পূৰ্ণ অধিকাৰ আছে ভাৰতবাসীৰ। সেয়েহে পাকিস্তানৰ আশ্ৰয়ত থকা সন্ত্ৰসবাদী সকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ নতুন দিল্লীক বিভিন্ন ৰাষ্ট্ৰই সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছে।

পাকমদত পুষ্ট সন্ত্ৰাসবাদী সকলৰ দ্বাৰা ভাৰতৰ লগতে আফগানিস্তানো সমানেই ক্ষতিগ্ৰস্ত বুলি উল্লেখ কৰি মুজিবে নতুন দিল্লী আৰু কাবুলৰ মাজত অধিক দৃঢ় কূটনৈতিক সম্পৰ্কৰ পোষকতা কৰে। শেহতীয়াকৈ ইৰাণৰ চাবাহৰ বন্দৰৰ জৰিয়তে আফগানিস্তান আৰু ভাৰতৰ মাজত বাণিজ্যিক সম্পর্কৰ শুভাৰম্ভত মুজিবে সন্তোষ প্ৰকাশ কৰি কয় যে ইয়াৰ দ্বাৰা পাকিস্তানৰ অস্থিৰতাই এতিয়াৰে পৰা এই বাণিজ্যিক সম্পৰ্কত প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব।

হিন্দী চলচ্চিত্ৰ আৰু ধাৰাবাহিক নিজ দেশত প্ৰচুৰ জনপ্ৰিয় বুলি উল্লেখ কৰি মুজিবে লগতে জনাই যে এনে বহু ধাৰাবাহিক স্থানীয় ভাষাত ডাব কৰি কেব’ল চেনেলৰ যোগেৰে তেওঁলোকৰ দেশত প্ৰচাৰ কৰা হয়।

আফগান মহিলা সকলে হিন্দী ধাৰাবাহিকত ভাৰতীয় মহয়সী সকলৰ কাহিনী শুনিবলৈ ব্যগ্ৰ হৈ থাকে। সেয়ে বেছিভাগ আফগান জিয়ৰীয়ে ভাৰতলৈ আহিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

শেহতীয়াকৈ আফগানিস্তানত মহিলা শিক্ষাৰ হাৰ বৃদ্ধি পোৱা বুলি জনাই মুজিবে কয় যে  তেওঁলোকৰ বেছিভাগেই ইণ্টাৰনেট সেৱা ব্যৱহাৰ কৰে।

এই প্ৰসংগতে তেঁও আফগানিস্তানত বাতৰি কাকত আৰু নিউজ চেনেলৰ প্ৰভাৱ লাহে লাহে জনসাধাৰণৰ মাজত হ্ৰাস পোৱাৰ কথা দোহাৰে। তাৰ ঠাইত বিকল্প সংবাদ মাধ্যমৰ প্ৰতি আফগানিস্তানৰ নতুন প্ৰজন্ম আকৰ্ষিত হোৱা বুলি মন্তব্য প্ৰকাশ কৰে।

শেষত তেঁও ভাৰতৰ পৰম্পৰাগত সংবাদ মাধ্যম আৰু আফগান সাংবাদিক সকলৰ মাজত অধিক  তথ্যৰ আদান- প্ৰদানত গুৰুত্ব আৰোপ কৰে। মুজিবৰ মতে গণতান্ত্ৰিক ভাৰতৰ ঐতিহ্যমণ্ডিত সংবাদমাধ্যমৰ পৰা আফগান যুৱ-সাংবাদিক সকলে অভিজ্ঞতা আহৰণৰ যথেষ্ট থল আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd