মাৰ্ঘেৰিটা সমষ্টিৰ প্ৰস্তাৱিত ব্ৰহ্মাজান খণ্ড উন্নয়ন কাৰ্যালয় আৰু ২০১৮-১৯ বৰ্ষৰ বিত্তীয় বাজেটত অন্তৰ্ভূক্ত কৰা দীনদয়াল উপাধ্যায় আদৰ্শ স্নাতক মহাবিদ্যালয় যুদ্ধকালীন ক্ষিপ্ৰতাৰে নিৰ্মাণৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পেঙেৰী বৰডুমচা আঞ্চলিক সমিতিয়ে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷
পৰিষদৰ জিলা প্ৰচাৰ সম্পাদক দেৱজিৎ সোণাৰ, সদস্য ৰোহিত গোহাঁইৰ নেতৃত্বত ব্ৰহ্মাজান ৰাজহুৱা ৰংগমঞ্চত ৰূপায়ণ কৰা ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত নেতাদ্বয়ে অতি ক্ষোভেৰে কয়, ‘মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ আহি বিধায়ক ভাস্কৰ শৰ্মাক কাষত বহুৱাই ঘোষণা কৰিছিল যে যদি বিজেপি ক্ষমতালৈ আহে তেন্তে মাত্ৰ ৬ মাহৰ ভিতৰত ব্ৰহ্মাজান খণ্ড উন্নয়ন কাৰ্যালয় নিৰ্মাণ কৰা হব৷’
‘কিন্তু অতি পৰিতাপৰ বিষয় বিজেপি শাসনলৈ অহাৰ ৩ বছৰ উকলি যোৱাৰ পাছতো ব্লক নিৰ্মাণৰ কাৰণে ইটা এটাও নপৰিলে৷ এই ক্ষেত্ৰত স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাইও চূড়ান্ত নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে৷ আনকি স্থানীয় সাংসদ ৰামেশ্বৰ তেলীও সমষ্টি উন্নয়নত পিঠি দি কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ আছে৷’ তেওঁলোকে লগতে কয়।
উল্লেখযোগ্য যে ২০১৮-১৯ বৰ্ষৰ বিত্তীয় বাজেটত মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং মৌজাত এখন পূৰ্ণাংগ আদৰ্শ মহাবিদ্যালয় নিৰ্মাণৰ কাৰণে অন্তভূৰ্ক্ত কৰা হৈছিল যদিও এই পৰ্যন্ত মহাবিদ্যালয় নিৰ্মাণৰ কোনো উমঘাম দেখা পোৱা নগ’ল৷
ইয়াৰ বিপৰীতে একেখন বাজেটত অন্তৰ্ভূক্ত হোৱা ডিগবৈ সমষ্টিৰ টিংৰাইত ষ্টেডিয়াম নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হল। মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবে বুঢ়ীদিহিং ডিগ্ৰী কলেজ নিৰ্মাণৰ কোনো অগ্ৰগতি ন’হল বুলি উল্লেখ কৰি সংগঠনটোৱে অনতিপলমে মহাবিদ্যালয়খন নিৰ্মাণৰ দাবী জনায়।