এইকথা সকলোৰে মনত আছে যে অগপই নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬-ৰ “দুৰ্ঘোৰ” বিৰোধিতা কৰিছিল। “শংখনিনাদ” নামৰ কাৰ্যসূচীৰে খলক লগাইছিল। তেওঁলোকৰ নেতা-নেত্ৰীয়ে বিধেয়কপন্থী বিজেপিক “ৰাৱণ”, “বদন” আদি আখ্যা দিছিল। বিধেয়ক গৃ্হীত হ’লেই বিজেপিৰে মিত্ৰতা এৰি দিব বুলি হুংকাৰ দি আছিল। ৰাইজৰ বিপুল হেঁচাত মূৰকত মিত্ৰতা ভংগও কৰিছিল। তিনিজনকৈ অগপ মন্ত্ৰীয়ে– অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীয়ে –পদত্যাগ কৰিছিল।
কিন্তু, খবৰ অনুসাৰে তেওঁলোকৰ পদত্যাগ-পত্ৰ মুখ্য মন্ত্ৰীয়ে ৰাজ্যপাললৈ প্ৰেৰণেই কৰা নাছিল। তেওঁলোকৰ দপ্তৰৰ সমুখত থকা তেওঁলোকৰ নামফলক হেনো আঁতৰাই দিয়া হোৱাই নাছিল। বিভাগীয় নথি-পত্ৰবোৰতো তেওঁলোকৰ নাম হেনো বাহাল তবিয়তে ৰৈ গৈছিল। মুখ্য মন্ত্ৰীয়েও তেওঁলোকৰ দপ্তৰ আন কাৰো হাতত সঁপি দিয়া নাছিল।
অৰ্থাৎ বহু মানুহেই কৰা এটা অনুমান ভিত্তিহীন নহয়। বিজেপিৰ লগত অগপৰ এটা ভিতৰুৱা বুজাপৰা আছিল। (তৃণমূলৰ কৰ্মীয়ে কথাটোৰ টেৰ নোপোৱাই স্বাভাৱিক।) দুয়োদলে জানিছিল যে ৰাজ্যসভাত যিহেতু বিজেপি আৰু তাৰ মিত্ৰদলৰ সংখ্যাগৰিষ্ঠতা নাই, সেয়ে বিধেয়কখন তাত গৃ্হীত নহ’ব। কিন্তু, নিজ নিজ টাৰ্গেট ভোটাৰক আশ্বস্ত কৰিবলৈ এটা দলে বিধেয়কৰ সপক্ষে আৰু আনটো দলে তাৰ বিপক্ষে আৱাজ উঠাবই লাগিব। বিধেয়কৰ ইছ্যুটো সাময়িকভাৱে শাম কাটি গ’লে অগপ পুনৰ বিজেপিৰ লগ লাগিবহি। পৰিকল্পনা মতেই দুয়োদল আকৌ লগ লাগিছেহি।
পিছে, বিজেপিয়ে আজিও সজোৰে কৈ আছে যে আগন্তুক নিৰ্বাচনত বিজয়ী হৈ তেওঁলোকে পুনৰ সেই বিধেয়ক উত্থাপন কৰিব আৰু এইবাৰ তাক দুয়ো সদনত গৃ্হীত কৰাবই। এই বিধেয়ক যে অসমীয়া জাতিধ্বংসী আৰু ভাৰতীয় গণতন্ত্ৰ-ধ্বংসী সেই কথা অগপই নিজেই চিঞৰি চিঞৰি কৈছিল। সি ঐতিহাসিক অসম চুক্তিকো নাকচ কৰিব বুলিও অগপই চিঞৰিছিল। বুজা যায়- অগপই বিধেয়কখনৰ চৰিত্ৰ নুবুজাকৈ থকা নাছিল। তেন্তে জাতিধ্বংসী, গণতন্ত্ৰ-ধ্বংসী বিধেয়কখন আনিবলৈ দৃঢ়প্ৰতিজ্ঞ বিজেপিৰ সৈতে অগপই পুনৰ মিত্ৰতা কৰিছে কোন স’তে?
বিধেয়কৰ প্ৰসংগ উঠিলে বিজেপিয়ে হেনো অগপৰ সৈতে আলোচনা কৰিব! কিবা লিখিত চুক্তি হৈছে নেকি বাৰু? এইবেলি আলোচনা কৰিবলৈ কিবা বাকী ৰৈ গৈছিল নেকি বাৰু? স্পষ্ট কথা, অগপই ক’ব পৰাখিনি কৈছে আৰু বিজেপিয়ে সেইবোৰ নাপাত্তা কৰি উৰাই দিছে। গতিকে বিধেয়কখন প্ৰসংগত বিজেপিয়ে যে আকৌ অগপৰ কিবা কথা শুনি মত পৰিৱৰ্তন কৰিব সেই আশা যমৰ মাকক ছলি খোজাৰ সমান।
কংগ্ৰেছ-বিৰোধী ভোটৰ বিভাজন ৰুধিবলৈকে হেনো অগপ আকৌ বিজেপিৰ লগ লাগিছেহি। তাৰ মানে জাতিধ্বংসী বিধেয়ক বিৰোধিতাৰ তুলনাত কংগ্ৰেছ-বিৰোধিতাহে অগপৰ বাবে অধিক গুৰুত্বপূৰ্ণ হ’ল? অগপই কি পাহৰিলে যে কংগ্ৰেছৰ বলিষ্ঠ ভূমিকাৰ বাবেই এইবেলি বিধেয়কখন ৰাজ্যসভাত নুঠিল আৰু অসমীয়া জাতিয়ে এইবাৰলৈ সকাহ পালে? কংগ্ৰেছে পূৰ্বে বহু বেয়া কাম কৰি থৈছে- সঁচা। কিন্তু, এইবেলি কংগ্ৰেছৰ ভূমিকা অসম-অসমীয়াৰ বাবে অত্যন্ত উপকাৰী আছিল। বিপদৰ মুহূৰ্তত অসমীয়া জাতিৰ পক্ষত থিয় দিয়া কংগ্ৰেছক ৰুধিব খোজে অগপই, কিন্তু জাতিটোক খতম কৰিব খোজা বিজেপিৰে মিত্ৰতা কৰে! আৰু এই ৰাজনৈতিক প্ৰজ্ঞাৰে দলটোৱে নিজক “আঞ্চলিকতাবাদী”, “জাতীয়তাবাদী” বুলি কয়?
বুজাই বুজিছে যে সাধাৰণভাৱে দলটোৰ আৰু বিশেষভাৱে তাৰ নেতৃত্বৰ আৰু তাতোকৈও বিশেষভাৱে দলটোৰ তিনিওগৰাকী মন্ত্ৰীৰ বেলেগ কোনো “বাদ” নাই, আছে মাথোন “সুবিধাবাদ”। বাদ বাকী সকলো বাদ প্ৰদৰ্শন মাত্ৰ। অগপৰ ভেশছনত কিছু জাতীয়তাবাদী ভোট আনি বিজেপিৰ খালৈত ভৰাব লাগে আৰু তাৰ বিনিময়ত অন্ততঃ আগত তিনিবছৰলৈ মন্ত্ৰিত্বৰ মৌ চুপিব লাগে। অসমীয়া জাতিৰ স্বাৰ্থ, বিতৰ্কিত বিধেয়ক আদি তেওঁলোকৰ বাবে কথাৰ কথাই নহয়- আচল কথাই হৈছে ক্ষমতা।
বিজেপিয়ে অগপক সেই তিনিখন আসন এৰি দিছে য’ত অগপ জিকি অহাটো আশ্চৰ্যৰ কথা হ’ব। আটাইতকৈ অসুবিধাজনক আসন কেইখন অগপৰ ভাগত পৰিছে। অৰ্থাৎ অগপৰ আসন শূন্য হোৱাৰ সম্ভাৱনা অতি উজ্জ্বল। তথাপিও অগপই বুজন মিত্ৰৰ দৰে কোনো হাল্লা-চিল্লা নকৰি মানি লৈছে। অৰ্থাৎ দলৰ লাভ-লোকচান লৈ মূৰ ঘমাব খোজা নাই নেতৃত্বই। মন্ত্ৰিত্ব বাছি গ’ল যেতিয়া দল, জাতি, ভাষা আদি নাবাছিলেও হ’ব।
মুঠকথা, দেশজুৰি আজিৰ ৰাজনীতিত সুবিধাবাদেই প্ৰধান চালিকা-শক্তি যদিও তাৰ মাজতে অগপৰ সুবিধাবাদ একেবাৰে প্ৰথম শাৰীৰ।
লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক
ইমেইল- [email protected]