অসমত এআইয়ুডিএফৰ উত্থানৰ সাক্ষী বৰপেটা লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ তথা দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমলক এইবাৰ প্ৰাৰ্থিত্ব দিয়া নহ’ল।
এআইয়ুডিএফ দলে প্ৰাৰ্থী ঘোষণা কৰা তিনিটা সমষ্টিৰ অন্যতম বৰপেটা লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ চিৰাজুদ্দিন আজমলৰ পৰিৱৰ্তে এইবাৰ জনিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।
কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত হৈ অহা সংখ্যালঘু অধ্যুষিত বৰপেটা লোকসভা সমষ্টিত ২০১৪ ৰ লোকসভা নিৰ্বাচনত বৰ্তমানৰ এআইয়ুডিএফৰ সাংসদ চিৰাজুদ্দিন আজমলে বিজেপি প্ৰাৰ্থী চন্দ্ৰ মোহন পাটোৱাৰীক ৪২,০০০ তকৈয়ো অধিক ভোটৰ ব্যৱধানত পৰাজিত কৰি নিৰ্বাচিত হৈছিল।
১৯৫১ চনৰ পৰা ২০০৯ চনলৈকে দহবাৰকৈ সমষ্টিটো দখল কৰা কংগ্ৰেছৰ দুৰ্গ খহাই যোৱাটো নিৰ্বাচনত চিৰাজুদ্দিন আজমল বিজয়ী হোৱাই নহয়, লগতে কংগ্ৰেছক প্ৰথমবাৰৰ বাবে তৃতীয় স্থানলৈ অৱনমিত কৰিছিল।
আনহাতে, সমষ্টিটোত অগপৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ফণীভূষণ চৌধুৰীয়ে চতুৰ্থ স্থানতে সীমাবদ্ধ থাকিবলগীয়া হয়।
তথাপি, এআইয়ুডিএফে বৰ্তমানৰ সাংসদ চিৰাজুদ্দিন আজমলক প্ৰাৰ্থিত্ব নিদিয়াকলৈ ৰাজনৈতিক মহলত বিষয়টোৱে চৰ্চা লাভ কৰিছে। জানিব পৰা মতে, সাংসদগৰাকীয়ে স্বাস্থ্যজনিত কাৰণতে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই। কিন্তু ৰাজনৈতিক ভূ ৰখা মহলৰ মতে শেহতীয়াকৈ ধৰ্মীয় সংখ্যালঘু অঞ্চলত এআইয়ুডিএফৰ জনপ্ৰিয়তা হ্ৰাস পোৱা আৰু কংগ্ৰেছৰ উত্থানৰ প্ৰতি লক্ষ্য ৰাখিহে প্ৰাৰ্থী সলনি কৰা হৈছে।
উল্লেখযোগ্য যে বৰপেটা লোকসভা সমষ্টিৰ ভিতৰত আছে দহটা বিধানসভা সমষ্টি ক্ৰমে বঙাইগাওঁ, অভয়াপূৰী পূব, অভয়াপুৰী দক্ষিণ, পাটাছাৰকুছি, বৰপেটা, জনিয়া, বাঘবৰ,সৰুক্ষেত্ৰী, চেঙা আৰু ধৰ্মপুৰ। সমষ্টিবাসীৰ অভিযোগ যে বিগত পাঁচ বছৰত তেওঁলোকে সাংসদ চিৰাজুদ্দিন আজমলৰ ছাঁ-টোকে দেখা নাপালে। তদুপৰি, বিগত কাৰ্যকালত সাংসদ উন্নয়ন পুঁজিৰ ধনেৰে সমষ্টিটোৰ কোনো উন্নয়নৰ কাম কৰাও দেখা পোৱা নগ’ল।
আনহাতে, সাংসদ গৰাকীয়ে সমষ্টিটোৰ জলন্ত সমস্যাসমূহ সংসদত উত্থাপন কৰাত ব্যৰ্থ হোৱাৰ লগতে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ লগতো কোনোদিনে যোগাযোগ ৰক্ষা কৰি চলা নাই।
বৰ্তমান সাংসদ চিৰাজুদ্দিন আজমলৰ প্ৰতি সমষ্টিৰ ৰাইজৰ লগতে সমৰ্থকসকলো আনকি সাংসদগৰাকীৰ প্ৰতি বিতুষ্ট হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত দলটোৰ মুৰব্বী বদৰুদ্দিন আজমলে ভাতৃ চিৰাজুদ্দিন আজমলক প্ৰাৰ্থিত্ব দি ৰাইজৰ ৰোষ বৃদ্ধি কৰিব বিচৰা নাই। তাৰ পৰিৱৰ্তে তেওঁৰে অতি বিশ্বাসী, ঘনিষ্ঠ জনিয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক হাফিজ ৰফিকুল ইছলামকহে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে।
আন দলীয় সূত্ৰৰ মতে, এআইয়ুডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে ভাতৃ চিৰাজুদ্দিন আজমলক প্ৰাৰ্থিত্ব দিলে হাৰিব বুলি নিশ্চিত হোৱাৰ পাছত নতুন এগৰাকী প্ৰাৰ্থীক প্ৰক্ষেপ কৰি ধৰ্মীয় সংখ্যালঘু ভোটাৰক পুনৰ আকৃষ্ট কৰিবলৈ প্ৰচেষ্টা চলাব বিচাৰিছে।