• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৌ চলিব পাৰে ৰাজেন গোহাঁইৰ ৰে’ল; আদালতৰ সকাহৰ পিছতে মনোনয়ন পত্ৰ সংগ্ৰহ

গোহাঁইৰ ৰে’ল পুনৰ চলিলে ক্ৰছিঙত ৰৈ বাট এৰি দিব লগীয়া হ’ব পাৰে ৰূপক শৰ্মাই

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
March 25, 2019 6:47 pm
Rajen Gohain

ৰাজেন গোহাঁই। ফাইল ফটো।

519
VIEWS
Share on FacebookShare on Twitter

সম্পূৰ্ণ নিৰ্বাপিত হোৱা নাই বিজেপিৰ জ্যেষ্ঠ সাংসদ তথা ৰে’ল ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰাৰ্থিত্ব পোৱাৰ আশা। ২৫ মাৰ্চত গুৱাহাটী উচ্চ ন্যায়ালয়ে মন্ত্ৰীজনক তেওঁৰ বিৰুদ্ধে চলি থকা যৌন কেলেংকাৰিৰ গোচৰত স্থায়ী সকাহ দিয়াৰ পিছত  মন্ত্ৰীজনে যে আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিন্দ্বন্দ্বিতা কৰাৰ ক্ষীণকৈ হ’লেও আশা দেখিছে আজিৰ শেহতীয়া অগ্ৰগতিখিনি মন কৰি অনুমান কৰিব পাৰি।

আদালতত গোহাঁইৰ বিৰুদ্ধে চলি থকা যৌন নিৰ্য্যাতনৰ গোচৰটোৰ আজি তাৰিখ আছিল যদিও গোচৰীয়াই হঠাতে নিজৰ স্থিতি সলনি কৰি গোচৰটো “ভুল বুজাবুজিৰ পৰিণতি” বুলি কোৱাৰ পিছত আদালতে মন্ত্ৰীজনক গোচৰৰ পৰা মুক্তি দিয়ে। অৱশ্যে গোচৰটোৰ বাবে ইতিমধ্যে যথেষ্ট ক্ষতিৰ সন্মুখীন হ’ল মন্ত্ৰী গোহাঁই। তেওঁৰ বিৰুদ্ধে থকা গোচৰৰ অজুহাতত দলে তেওঁক আগন্তুক লোকসভা নিৰ্বাচনত এজন প্ৰাৰ্থী হিচাপে বিবেচনা নকৰিলে। তেওঁ ইয়াক “দলৰ মানুহৰ ষড়যন্ত্ৰ” আখ্যা দিছিল।

যথেষ্ট সংখ্যক সমৰ্থক লৈ সংবাদ মাধ্যমৰ আগত গোহাঁয়ে দলৰ ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে মুকলি বিষোদগাৰ কৰাৰ পাছত নগাওঁ সমষ্টিটোৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পৰা এই পৰ্য্যন্ত বিৰত আছে দলটো। ৰাজ্যখনত দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰিব লগীয়া বাকী আটাইকেইটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণাৰ আনুষ্ঠানিকতা ইতিমধ্যে সম্পূৰ্ণ হৈছে।

নগাওঁ সমষ্টিটো ঘোষণা নকৰাকৈ ৰখাটো গোহাঁইৰ বাবে “অপেক্ষা” বুলি গণ্য কৰিব পৰা যাব, যদিহে তেওঁকে দলটোৱে টিকট দিয়ে।

বিশ্বস্ত সূত্ৰৰ খবৰ মতে কেন্দ্ৰীয় মন্ত্ৰীজনে আজি আদালতে দিয়া সকাহৰ পিছতে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে। গোহাঁয়ে লগতে দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক তেওঁক আদালতে গোচৰৰ পৰা মুক্তি দিয়াৰ প্ৰমাণপত্ৰও জমা দিয়ে। ১৮ এপ্ৰিলত দ্বিতীয় পৰ্য্যায়ত সমষ্টিটোত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু কাইলৈ, অৰ্থাৎ ২৬ মাৰ্চত মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিন।

“মই আগতেই কৈছিলো, এই গোচৰটোৰ কাৰণে নিৰ্বাচন নেখেলো বুলি। কিন্তু এতিয়া যিহেতু মোক আদালতে দোষমুক্ত কৰিছে, গতিকে দলে যদি বিবেচনা কৰে এতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু”, গোহাঁয়ে নৰ্থ-ইষ্ট নাওক টেলিফোনত কয়। মন্ত্ৰীজনে টিকট বিচাৰি দলৰ সৈতে যোগাযোগ কৰাৰ কোনো ইংগিত নিদিলে।

কি হ’ব ৰূপক শৰ্মাৰ ৰাষ্ট্ৰীয় ৰাজনীতিলৈ যোৱাৰ সপোন?

আনহাতে, ঘটনাৰ অভাৱনীয় পাকত গোহাঁই যৌন নিৰ্যাতনৰ গোচৰত হঠাতে দোষমুক্ত হোৱাৰ পিছত নগাওঁ সমষ্টিত গোহাঁইৰ বিপৰ্য্যয়ৰ বাবে টিকট লাভৰ প্ৰায় দুৱাৰ মুখত উপনীত হোৱা বিধায়ক ৰূপক শৰ্মাৰ আশা আধৰুৱা হৈ ৰ’ব পাৰে। ৰাজেন গোহাঁইৰ ৰে’ল পুনৰ চলিলে ৰূপক শৰ্মাই ক্ৰছিঙত ৰৈ বাট এৰি দিব লগীয়া হ’ব পাৰে।

 

Recent News

কৰ্ম সংস্কৃতি! ১৩-১৪ আগষ্টৰ পৰা ২৪ ঘন্টা অবিৰতভাৱে কাম কৰিব বিধানসভাই, নিৰ্দেশ যোগী আদিত্যনাথৰ

কৰ্ম সংস্কৃতি! ১৩-১৪ আগষ্টৰ পৰা ২৪ ঘন্টা অবিৰতভাৱে কাম কৰিব বিধানসভাই, নিৰ্দেশ যোগী আদিত্যনাথৰ

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ উচ্ছেদ অভিযানত ১৯ আগষ্টলৈকে স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ   

গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ উচ্ছেদ অভিযানত ১৯ আগষ্টলৈকে স্থগিতাদেশ জাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ   

জনজাতি বিৰোধী মন্তব্য বিজেপি নেতাৰ! ৰাজ্যিক সভাপতিক বৰ্জনৰ আহ্বান অসম জনজাতি সংঘৰ

জনজাতি বিৰোধী মন্তব্য বিজেপি নেতাৰ! ৰাজ্যিক সভাপতিক বৰ্জনৰ আহ্বান অসম জনজাতি সংঘৰ

অৱতৰণ কৰাৰ সময়তে ৰখাই থোৱা বিমানত খুন্দা মাৰি ভয়াবহ অগ্নিকাণ্ড; ছানি ধৰিলে জুই-ধোঁৱাই

অৱতৰণ কৰাৰ সময়তে ৰখাই থোৱা বিমানত খুন্দা মাৰি ভয়াবহ অগ্নিকাণ্ড; ছানি ধৰিলে জুই-ধোঁৱাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd