• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দীপক দাস-ভূপেন ৰায়ক লৈ বিমোৰত অগপ; আজি ঘোষণা কৰিব বৰপেটা, ধুবুৰীৰ প্ৰাৰ্থী!

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2019 12:02 pm
AGP (1)(1)

প্ৰতিনিধিত্বমূলক চিত্ৰ

628
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব বিধেয়কক লৈ মিত্ৰতা ত্যাগ কৰা বিজেপিৰে পুনৰ মিত্ৰতাৰ পাশত আৱদ্ধ হোৱা অসমৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদ চমুকৈ অগপই আজি বৰপেটা আৰু ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে।

মিত্ৰতা হোৱাৰ পাছত বিজেপিয়ে দলটোক আসন্ন লোকসভা নিৰ্বাচনত কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে এৰি দিছিল। সেই মৰ্মে কলিয়াবৰত সদ্য পদত্যাগী আছু নেতা মণিমাধৱ মহন্তই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যদিও বৰপেটা আৰু ধুবুৰীক লৈ দলটোৱে এতিয়াও খাটাং কৰিব পৰা নাই প্ৰাৰ্থী।

সেই উদ্দেশ্যে সোমবাৰে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টি কমিটিৰ সৈতে অগপৰ কেন্দ্ৰীয় নেতা ক্ৰমে ডাঃ কমলা কলিতা আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই অগপৰ বৰপেটা জিলা কাৰ্যালয়ত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত সমষ্টি কমিটি সমূহৰ সৈতে লোকসভা সমষ্টিটোৰ বাবে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস নে প্ৰাক্তন বিধায়ক ভূপেন ৰায় উপযুক্ত প্ৰাৰ্থী হ’ব সেই সম্পৰ্কে আলোচনা কৰে।

বৈঠকৰ অন্তত অগপৰ সাধাৰণ সম্পাদক কমলা কলিতাই জানিবলৈ দি কয় যে বৈঠকত সমষ্টি কমিটি সমূহৰ প্ৰতিজন সভাপতি সম্পাদকৰ মতামত লোৱা হৈছে আৰু এই মতামতৰ ওপৰতে প্ৰতিবেদন প্ৰস্তুত কৰি কেন্দ্ৰীয় সমিতিলৈ প্ৰেৰণ কৰা হ’ব। আৰু কেন্দ্ৰীয় সমিতিয়ে এই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই মঙলবাৰে সমষ্টিটোৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব।

আনহাতে অগপৰ বাবে অস্তিত্বহীন সমষ্টি ধুবুৰীত জাভেদ ইছলামকেই প্ৰাৰ্থিত্ব আগবঢ়াব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে মানকাচৰৰ প্ৰাক্তন বিধায়ক জাভেদ ইছলামে যোৱা বৰ্ষৰ মাৰ্চ মাহত আঞ্চলিকতাবাদী দল অগপত যোগদান কৰিছিল।

উল্লেখ্য যে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া নিৰ্বাচনৰ বাবে এই পৰ্যন্ত কংগ্ৰেছ দলেও বৰপেটা আৰু ধুবুৰীত প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। কিন্তু ইয়াৰ বিপৰীতে এ আই য়ু ডি এফে ধুবুৰীৰ পৰা দলটোৰ প্ৰমুখ বদৰুদ্দিন আজমল আৰু বৰপেটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে ড০ হাফিজ ৰফিকুল ইছলামক।

Recent News

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

বিহাৰ এছআইআৰ বিতৰ্ক: উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ ক্ষমতাৰ ন্যায্য প্ৰয়োগ অপৰিহাৰ্য

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

আজিৰে পৰা ৪০০০ বিঘাতকৈও অধিক মাটি মুকলি কৰিবলৈ উচ্ছেদ অভিযান চলাব অসম চৰকাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd