‘জনসাধাৰণৰ অধিকাৰ পুনৰুদ্ধাৰৰ বাবে হ’ব আসন্ন লোকসভা নিৰ্বাচনৰ যুঁজ’। বুধবাৰে কংগ্ৰেছ প্ৰাৰ্থী কে জেইমছৰ হৈ প্ৰচাৰ চলাবলৈ গৈ এইদৰে বিজেপিক লক্ষ্য কৰি তীব্ৰ ভাষাৰে সমালোচনা কৰে মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ গেইখাংগামে।
উক্ত জনসভাতে গেইখাংগামে মণিপুৰবাসীৰ অধিকাৰ সুৰক্ষিত কৰাৰ স্বাৰ্থত আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলক ভোট দিবলৈ আহ্বান জনায়।
বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি প্ৰাক্তন উপ মুখ্য মন্ত্ৰী গেইখাংগামে কয় যে এইবাৰৰ নিৰ্বাচনী যুঁজ কংগ্ৰেছ-বিজেপিৰ নহয়, প্ৰকৃততে যুঁজখন হ’ব গেৰুৱা বাহিনী আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত।
উক্ত জনসভাতে প্ৰাক্তন মুখ্য মন্ত্ৰী ও ইববি সিঙেও বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ ভাষাৰে কটাক্ষ কৰে। উন্নয়নৰ নামত একো নকৰা বর্তমানৰ চৰকাৰখনে কেৱল কংগ্ৰেছৰ দিনত গ্ৰহণ কৰা আঁচনিসমূহৰ শ্ৰেয় লোৱাতহে ব্যস্ত আছে বুলি সিঙে মন্তব্য কৰে।
তেওঁ লগতে এইবাৰৰ নিৰ্বাচনত কংগ্ৰেছ দলটোৱে জনসাধাৰণৰ সম্পূৰ্ণ সহায়-সহযোগিতা লাভ কৰিব বুলিও আশাবাদী।
ইফালে সভাৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থী কে জেইমছে সংবাদ মাধ্যমৰ আগত সদৰী কৰি কয় যে যদিহে মই নিৰ্বাচনত জয়ী হও তেন্তে সমাজৰ দুখীয়া শ্ৰেণীৰ হৈ কাম কৰি যোৱাৰ বাবে মই বদ্ধপৰিকৰ।
আনহাতে ইববি সিঙেও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি কয় যে যদিহে ১৭ সংখ্যক লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিব পাৰে তেন্তে কংগ্ৰেছ দলে বিভিন্ন অৰ্থনীতিবিদৰ সহায়ত প্ৰস্তুত কৰা নূন্যতম আয় যোজনাৰ জৰিয়তে দেশৰ দৰিদ্ৰতা দূৰ কৰিব পৰা যাব।