• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উপঢৌকন লোৱাৰ বাবে গ্ৰেপ্তাৰ নিৰ্বাচন বিভাগৰ কাৰ্যালয়ৰ মহিলা কৰ্মচাৰী

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
March 29, 2019 12:09 pm
ANNN-1-750x375

আতশী দত্ত তৰফদাৰ।

520
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক ও তদাৰকী শাখাই উপঢৌকন লোৱাৰ অপৰাধত বৃহস্পতিবাৰে সন্ধিয়া কাছাৰ জিলা নিৰ্বাচন বিভাগৰ কাৰ্যালয়ৰ এগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষী বিষয়াই জানিব দিয়ে যে দুৰ্নীতি নিবাৰক ও তদাৰকী শাখাৰ এটা নজনীয়া দলে কাছাৰ জিলা নিৰ্বাচন কাৰ্যালয়ৰ মুখ্য সহায়কাৰী আতশী দত্ত তৰফদাৰক তেওঁৰ কাৰ্যালয়ৰ কক্ষৰ ভিতৰত এগৰাকী ছপাশালৰ গৰাকীৰ পৰা উপঢৌকন লোৱাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ কৰে।

সূত্ৰসমূহে কয় যে মহিলা কৰ্মচাৰীগৰাকীয়ে শিলচৰৰ এটা ছপাশালৰ গৰাকী সুজিত চন্দাৰ পৰা তেওঁৰ ২.৫ লাখ টকাৰ অনাদায় বিল মুকলি কৰি দিয়াৰ বাবদ নগদ ৯৫,০০০ টকা দাবী কৰিছিল।

সুজিতে দাখিল কৰা এক অভিযোগৰ ওপৰত ভিত্তি কৰি দুৰ্নীতি নিবাৰক ও তদাৰকী শাখাৰ দলটোৱে ৰচা ফান্দত ভৰি দি তেওঁ নগদ ৩০,০০০ টকা লৈ থকা অৱস্থাতে ধৰা পৰে।

সূত্ৰসমূহে কয় যে কৰ্মচাৰীগৰাকীৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইন,১৯৮৮ৰ ধাৰা ৭(এ)ৰ অধীনত ৪/২০১৯ নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে।

‘’ মোৰ ২.৫ লাখ টকাৰ বিল মুকলি কৰি দিয়াৰ বাবে তেওঁ ৯৫,০০০ টকা দাবী কৰিছিল। যেতিয়া মই তেওঁক কিছু ছপাৰ কামৰ নিৰ্দেশ দিবলৈ অনুৰোধ কৰিছিলো, তেওঁ তেওঁৰ ধন খিনি নিদিয়াৰ বাবে কোনো ছপাৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰিছিল,’’-সুজিত চন্দাই নৰ্থইষ্ট নাওৰ আগত কয়।

‘’তেওঁ মোক ফোন কৰি মোক বহুত হাৰাশাস্তি কৰিছিল যাৰবাবে মই চিবিআইক অৱগত কৰিছিলো। চিবিআয়ে মোক ৰাজ্যিক দুৰ্নীতি নিবাৰক ও তদাৰকী সঞ্চালকালয়ক অৱগত কৰাবলৈ ক’লে,’’-তেওঁ লগতে কয়।

দুৰ্নীতি নিবাৰক ও তদাৰকী শাখাৰ দলটোৱে লগতে ধৃত কৰ্মচাৰীগৰাকীৰ জিম্মাৰ পৰা ২,৭৪,৫০০ টকা উদ্ধাৰ কৰে।

ধৃত মহিলা কৰ্মচাৰীগৰাকীক চিকিৎসাজনিত পৰীক্ষা কৰাৰ লগতে নিশাটোৰ বাবে শিলচৰ সদৰ থানাৰ মহিলা চেলত ৰখা হয়।

আজি তেওঁৰ ঘৰতো তালাচী চলোৱাৰ পাছত পৰৱৰ্তী জেৰাৰ বাবে গুৱাহাটীলৈ নিয়া হ’ব বুলি নাম প্ৰকাশত অনিচ্ছুক এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd