• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুৱাহাটীত “আপোন মানুহ”ৰ সন্ধানত কুইন ওজা বনাম ববিতা শৰ্মা

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 29, 2019 9:08 pm
Loksabha election: Guwahati to witness fight between Congress' Bobbeeta and BJP's Queen

ববিতা শৰ্মা আৰু কুইন ওজা। ছবি সৌজন্য- ফে’চবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বিদেশতো আপোন মানুহ” টি ভি ধাৰাবাহিকেৰে অসমৰ লগতে গোটেই পৃথিৱীৰ অসমীয়া মানুহৰ মাজত ব্যাপকভাৱে জনপ্ৰিয় হৈ পৰা ববিতা শৰ্মাৰ লগতে কুইন ওজাই এইবাৰ গুৱাহাটী লোকসভা সমষ্টিত সন্ধান কৰিছে আপোন মানুহৰ।

কংগ্ৰেছ প্ৰাৰ্থীৰূপে শৰ্মাৰ নাম ঘোষিত হোৱাৰ পিছত ২৩ এপ্ৰিলৰ ভোটযুদ্ধত তেওঁ আৰু বিজেপি মিত্ৰজোঁটৰ কুইন ওজাৰ মাজতে মূল প্ৰতিদ্বন্দ্বিতা হ’ব বুলি ধাৰণা কৰা হৈছে।

অসমৰ ১৪টাৰ বা সমগ্ৰ উত্তৰ-পূবৰ ২৫ টা সমষ্টিৰ ভিতৰত সকলোৰে লক্ষ্য ৭ নম্বৰ গুৱাহাটী লোকসভা সমষ্টিলৈ। উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰীৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টি আৰু আন ছটা বিধান সভা সমষ্টিক লৈ গঠিত এই সংসদীয় সমষ্টিটোত আছে ২১ লক্ষাধিক ভোটাৰ।

দুয়োগৰাকী প্ৰাৰ্থীয়েই গুৱাহাটীৰ স্থায়ী বাসিন্দা তথা দীৰ্ঘদিন ধৰি ৰাজনীতিৰ লগতে প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। অসমৰ লগতে উত্তৰ-পূবৰেই সুকীয়া গুৰুত্ব থকা গুৱাহাটী সমষ্টিৰ বাবে দুই প্ৰধান ৰাজনৈতিক শক্তি বিজেপি আৰু কংগ্ৰেছে আগবঢ়োৱা প্ৰাৰ্থীৰ অৰ্হতা সম্পৰ্কে এই প্ৰতিবেদনত তথ্য দাঙি ধৰা হৈছে।

সমষ্টিটোৰ বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ বয়স ৬৭ বছৰ। ১৯৬৮ চনত পাণবজাৰ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল এইবাৰৰ বিজেপিৰ প্ৰাৰ্থীগৰাকী। আনহাতে, কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ বয়স ৫২ বছৰ। তেওঁ কটন কলেজৰ পৰা স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ। পৰৱৰ্তী সময়ত পশ্চিমবংগৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত গৱেষণাৰ ছাত্ৰী আছিল যদিও গৱেষণা সম্পূৰ্ণ নকৰিলে।

বিজেপিৰ প্ৰাৰ্থী কুইন ওজা অসম আন্দোলনৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ পাছত ১৯৮৫ চনত অসম গণ পৰিষদৰো সদস্য হৈ প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত হৈ পৰে। ১৯৯৬ চনৰ পৰা ১৯৯৭ চনলৈ তেওঁ গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰে। ২০১১ চনৰ বিধান সভা নিৰ্বাচনত পূব গুৱাহাটী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল যদিও পৰাজিত হয়। ২০১৪ চনলৈ তেওঁ অগপৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদৰো সাধাৰণ সম্পাদিকাৰ দায়িত্বত আছিল। পাছত ২০১৪ চনত তেওঁ অগপ ত্যাগ কৰি বিজেপিত যোগ দিয়ে। শেহতীয়াভাৱে দলটোৰ অসম ৰাজ্যিক সমিতিৰ মুখপাত্ৰৰ দায়িত্বত আছে কুইন ওজা।

ইপিনে, কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাও ১৯৮৫ চনত ছাত্ৰী অৱস্থাতেই ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্যা হয়। অৱশ্য ২০০২ চনৰ পৰাহে তেওঁ ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় হৈ পৰে। ২০০২ চনত তেওঁ কংগ্ৰেছৰ মুখপাত্ৰ হিচাপে নিযুক্ত হয়।

পৰৱৰ্তী সময়ত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক, উত্তৰ-পূব কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক, বিধান সভা আৰু লোকসভা নিৰ্বাচনৰ প্ৰচাৰ বিভাগৰ তত্বাৱধায়ক হিচাপেও দায়িত্ব লাভ কৰে। বৰ্তমান দলটোৰ সাধাৰণ সম্পাদক, জ্যেষ্ঠ মুখপাত্ৰ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ গৱেষণা বিভাগৰ অধ্যক্ষা হিচাপে দায়িত্বত আছে ববিতা শৰ্মা। ২০১৬ চনত ববিতা শৰ্মাই পূব গুৱাহাটী সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হৈছিল যদিও পৰাজিত হয়।

বিজেপিৰ প্ৰাৰ্থীগৰাকী সুদীৰ্ঘ ৩৩ বছৰ ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰৰ লগত ওতপ্ৰোতভাৱে জড়িত। আনহাতে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী প্ৰথমাৱস্থাত শৈক্ষিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ লগতহে বেছিকৈ জড়িত আছিল।

ববিতা শৰ্মা ১৯৯৩ চনৰ ২০০২ চনলৈ গুৱাহাটীৰ পাণ্ডু কলেজৰ বুৰঞ্জী বিভাগৰ প্ৰবক্তা হিচাপে চাকৰি কৰিছিল। তেওঁ এগৰাকী অভিনেত্ৰী হোৱাৰ উপৰিও তেওঁ প্ৰযোজক তথা পৰিচালক হিচাপেও চিনাকি আছে।

শৈশৱৰ পৰাই অভিনয় জগতৰ লগত জড়িত ববিতা শৰ্মাই ১৯৭৮ চনত মুক্তিলাভ কৰা ভবেন্দ্ৰ নাথ শইকীয়াৰ ‘অনিৰ্বাণ’ ছবিত শিশু অভিনেতা হিচাপে ছবিজগতত আত্মপ্ৰকাশ কৰে। পৰৱৰ্তী সময়ত কেইবাখনো চলচিত্ৰ আৰু ধাৰাবাহিকতো অভিনয় কৰে তেওঁ।

বিদেশত আপোন মানুহ ধাৰাবাহিকেৰে জনপ্ৰিয়তা অৰ্জন কৰিছিল শৰ্মাই। আমেৰিকা, গ্ৰে’ট বৃটেইন, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, চিংগাপুৰ, থাইলেণ্ড, ডুবাই, নেডাৰলেণ্ডছ, জাৰ্মেনি আদি দেশ ভ্ৰমণ কৰি তাত থকা প্ৰবাসী অসমীয়াসকলক লৈ তেওঁ এই ধাৰাবাহিক নিৰ্মাণ কৰিছিল। গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ ইংৰাজী বাতৰি পৰিৱেশকো আছিল ববিতা শৰ্মা।

তেওঁ অসমীয়া চলচ্চিত্ৰৰ ইতিহাসক লৈ লিখি উলিয়াইছিল The Moving Image and Assamese Culture: Joymoti, Jyotiprasad Agarwala and Assamese Cinema নামৰ ইংৰাজী গ্ৰন্থখন। অক্সফ’ৰ্ড য়ুনিভাৰ্চিটি প্ৰে’ছে প্ৰকাশ কৰিছিল এই গ্ৰন্থখন।

ইপিনে, ২০০৫ চনৰ পৰা ২০১৬ চনলৈ তেওঁ অসম চৰকাৰৰ অধীন অসম চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ  অধ্যক্ষও আছিল। কেইবাটাও সামাজিক অনুষ্ঠানৰ সৈতেও জড়িত ববিতা শৰ্মা।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am
গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

বৈদেশিক ঋণত ডুব গৈছে মোডীৰ ভাৰত; এবছৰত ১০ শতাংশ বৃদ্ধি পাই ধাৰ হৈছে ৬৫ লাখ কোটিৰ

September 19, 2025 8:34 am
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ NGO হিচাপে কাম-কাজৰ তথ্য দিবলৈ অস্বীকাৰ নিটি আয়োগৰ!

September 19, 2025 8:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd