আসন্ন লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি গোটেই ৰাজ্যখনতে নিৰ্বাচনী উত্তাপ বৃদ্ধি পোৱাৰ সময়তে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ কিৰিপ চলিহাই কয় যে গুৱাহাটী সমষ্টিৰ সাংসদজনৰ দায়বদ্ধতা ৰাজ্যখনৰ আন ১৩ জন সাংসদৰ তুলনাত অধিক গুৰুত্বপূৰ্ণ।
চলিহাই এই মৰ্যাদাপূৰ্ণ লোকসভা আসনখনত ১৯৯১ আৰু ২০০৪চনত দুবাৰকৈ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে সংসদলৈ নিৰ্বাচিত হৈছিল। তেওঁ কয় যে সাংসদ এগৰাকীৰ প্ৰাথমিক দায়িত্ব হৈছে সমষ্টিটোৰ বিশেষ অঞ্চলৰ সমস্যাসমূহ সংসদত তুলি ধৰাটো।
‘’মই গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদগৰাকীৰ ভাল কথা ক’ব পৰা দক্ষতা থকাটো বিচাৰো যিয়ে নেকি সংসদত ভাল বক্তৃতা দিব পাৰে আৰু কেৱল অসমৰে নহয়, কিন্তু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰে সমস্যাসমূহ সংসদত তুলি ধৰিব পাৰে,‘’-তেওঁ কয়।
‘’গুৱাহাটী অসমৰ ৰাজধানী চহৰ আৰু লগতে উত্তৰ-পূৰ্বাঞ্চলৰো কেন্দ্ৰীয় মহানগৰ। গতিকে, গুৱাহাটী লোকসভাৰ সাংসদগৰাকীয়ে অকল সমষ্টিটোকে প্ৰতিনিধিত্ব নকৰে কিন্তু গোটেই উত্তৰ-পূৰ্বাঞ্চলকে প্ৰতিনিধিত্ব কৰিব পাৰে। তেওঁৰ প্ৰধান কাম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দৃষ্টিভংগী দাঙি ধৰা আৰু সমস্যাবোৰ সংসদৰ উপৰি ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়লৈ আগবঢ়াই নিয়া,’’-চলিহাই কয়।
প্ৰাক্তন সাংসদগৰাকীয়ে লগতে আঙুলিয়াই দিয়ে যে দুৰ্ভাগ্যজনকভাৱে ৰাইজে এগৰাকী লোকসভাৰ সাংসদক কিছুমান সাধাৰণ কাম যেনে তেওঁ গুৱাহাটীত কৃত্ৰিম বানপানীৰ সমস্যা বা আন নাগৰিকৰ সা-সুবিধাৰ সমস্যাৰ ওপৰত ভিত্তি কৰি মূল্যায়ন কৰে।
‘’এই ধৰণৰ কাম স্থানীয় বিধায়কৰ সহায়ত বা পৌৰনিগম অথবা পঞ্চায়ত প্ৰতিনিধিৰ সহায়তো কৰিব পৰা যায়। সাংসদ এগৰাকীৰ এক বৃহৎ ভূমিকা পালন কৰিবলগীয়া আছে,’’-চলিহাই কয়।
তেওঁ লগতে উল্লেখ কৰে যে সাংসদৰ ক্ষেত্ৰত দুখজনক কথাটো হ’ল যে প্ৰকৃততে সাংসদগৰাকীৰ কামকাজৰ মূল্যায়ন বেছিভাগ ব্যৱস্থাটোৰ যি অংশ নহয় সেইবোৰ লোকেহে কৰা দেখা যায় আৰু সাংসদগৰাকীয়ে প্ৰদান কৰা সেই সাৰুৱা ভাষণটো কাচিৎহে সংবাদ মাধ্যমে গুৰুত্ব দিয়ে বা কাচিৎহে গৱেষণাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়।
গুৱাহাটীৰ বৰ্তমান সাংসদ বিজয়া চক্ৰৱৰ্তীৰ মূল্যায়ন সন্দৰ্ভত সোধাত চলিহাই তেওঁ ব্যক্তিগত মন্তব্য দিব নিবিচাৰে বুলি কৈ মন্তব্য দিয়াৰ পৰা বিৰত থাকে।
আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী নিৰ্বাচন সন্দৰ্ভত সোধাত চলিহাই উল্লেখ কৰে যে প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কোনোৱে সম্পূৰ্ণ সুখী বা তীব্ৰ অসন্তুষ্ট হ’ব নোৱাৰে।
‘’ৰাজনৈতিক দলবোৰৰ তেওঁলোকৰ নিজা বাধ্যবাধকতা থাকে আৰু মই এই বিষয়ে বহলাই ক’ব নিবিচাৰো,’’-তেওঁ কয়।