শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ১০৩ নং আমগুৰি, ১০৭ নং থাওৰা আৰু ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিৰ ভোটাৰক আগন্তুক লোকসভা নিৰ্বাচনত ভোটদান কৰিবলৈ আকৃষ্ট কৰাৰ হকে অহা ৭ এপ্ৰিলত পুৱা ৭ বজাৰ পৰা সমগ্র নিৰ্বাচনী জিলাখনতে “ৱাক ফৰ ভোট (Walk for Vote)” শীৰ্ষক ভোটদান সজাগতা ৰেলি অনুষ্ঠিত কৰা হ’ব।
শিৱসাগৰ নগৰৰ ব’ৰ্ডিং খেলপথাৰৰ লগতে জিলাখনৰ ৪টা উন্নয়ন খণ্ড আৰু ৬২খন গাঁও পঞ্চায়ত এই ৰেলি অনুষ্ঠিত কৰা হ’ব। শিৱসাগৰ নগৰত ৰেলিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব SVEEP(Systematic Voters’ Education and Electoral Participation )-অৰ শিৱসাগৰ জিলা আইকন (Diatrict Icon) অৰ্জুন ভোগেশ্বৰ বৰুৱাই। অন্যান্যসকলৰ সৈতে SVEEP ৰ জিলা দূত (District Ambassador) মানস ৰবীনেও ৰেলিত অংশগ্ৰহণ কৰিব।
এই ৰেলিত জিলা প্ৰশাসনৰ সমূহ বিষয়-ববীয়া আৰু কৰ্মচাৰী, জ্যেষ্ঠ নাগৰিক, ব্যৱসায়ী সন্থা আৰু সাধাৰণ ৰাইজেও অংশগ্ৰহণ কৰিব।
ৰেলিটো সম্পৰ্কে সবিশেষ জনোৱাৰ উদ্দেশ্যে আজি উপায়ুক্তৰ কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়। সভাত উপস্থিত থাকি নিৰ্বাচন বিষয়া জগদীশ ব্ৰহ্মই SVEEP -অৰ অধীনত সমাগত লোকসভা নিৰ্বাচনত নির্বাচনী জিলাখনৰ ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে অৱগত কৰে।
SVEEP ৰ অধীনত ইতিমধ্যে জিলাখনত ৪৫,৫৬৫টা ম’ক প’ল অনুষ্ঠিত কৰি ৫৫,০০০ ভোটাৰ ৰাইজৰ মাজত ই ভি এম আৰু ভিভিপেট (VVPAT)-অৰ ব্যৱহাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা হৈছে।
সাধাৰণ সেৱাকেন্দ্ৰসমূহৰ i-help পদক্ষেপৰ মাধ্যমেৰে তৃণমূল পৰ্য্যায়ত চি-ভিজিল, PWD আদি এপৰ সেৱা আগ বঢ়াই থকা হৈছে বুলিও ব্ৰহ্মই উল্লেখ কৰে। সভাত উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত দিলীপ তেৰাঙে জিলাখনত স্বচ্ছ আৰু নিৰপেক্ষ ভোটদান সুনিশ্চিত কৰাৰ হ’কে সংশ্লিষ্ট সকলোৰে সহায়- সহযোগিতা কামনা কৰে।
সভাত অৰ্জুন ভোগেশ্বৰ বৰুৱা, অধ্যাপক ডঃ প্ৰতীম শৰ্মা, প্ৰশাসনিক বিষয়া-কৰ্মচাৰী আৰু ভালে সংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে।