প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে ভোটাৰক আকৰ্ষিত কৰাৰ উদ্দেশ্যে প্ৰত্যেকটো দলে নিজৰ নিজৰ ষ্টাৰ কেম্পেইনাৰৰ জৰিয়তে তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ কাৰ্য। ঠিক সেই উদ্দেশ্যে অসমৰ বিত্ত মন্ত্ৰী তথা প্ৰভাৱশালী বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই আজি চাৰিটা স্থানত প্ৰচাৰ অভিযান চলাব।
জানিব পৰা মতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেজপুৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসৰ হৈ ঢেকিয়াজুলি, ৰঙাপাৰা, বিহালী আৰু তেজপুৰত ভাষণ প্ৰদান কৰিব।
হেলিকপ্টাৰ যোগে ৰাতিপুৱা প্ৰায় ৯.৪৫ বজাত প্ৰথমে ঢেকিয়াজুলিত উপস্থিত হ’ব মন্ত্ৰী শৰ্মা। আৰু তাৰ পাছত অংশ ল’ব এক ৰোড শ্ব’ত। ৰোড শ্ব’ শেষ কৰিয়েই বিশাল নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰিব মন্ত্ৰীগৰাকীয়ে।
প্ৰথমখন জনসভা সম্বোধন কৰি মন্ত্ৰী শৰ্মাই পোন পোনে ৰাওনা হ’ব ৰঙাপাৰা ৰে’লৱে ফিল্ডত অনুষ্ঠিত হ’ব লগীয়া প্ৰচাৰ সভালৈ। ইয়াত ভাষণ প্ৰদান কৰি বিহালীৰ নিউ কেটলা ফিল্ডত আয়োজিত তৃতীয়খন জনসভালৈ ৰাওনা হ’ব মন্ত্ৰী শৰ্মা।
তৃতীয়খন জনসভাৰ অন্তত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ ডিপোটা মিলনপুৰ বিহু ফিল্ডত দিনটোৰ শেষৰখন প্ৰচাৰ সভা সম্বোধন কৰিব। এই সভাখন অন্ত পৰাৰ পাছত মন্ত্ৰী শৰ্মাই তেজপুৰ চহৰত অনুষ্ঠিত হ’ব লগীয়া এক বিশাল ৰোড শ্ব’তো অংশ ল’ব।
উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়ী কৰোৱাৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ লগতে বহুতো শীৰ্ষ পৰ্যায়ৰ নেতাই অসমত প্ৰচাৰ চলাইছে যদিও অসমত বিজেপিৰ প্ৰচাৰৰ মূল চালিকা শক্তি হ’ল হিমন্ত বিশ্ব শৰ্মা।