• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

লোকসভা নিৰ্বাচন: মোৰ ভোট অগপ-বিজেপিৰ বিৰুদ্ধে

শিৱজিত দত্ত by শিৱজিত দত্ত
April 5, 2019 3:48 pm
AGP_BJP-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভোট দিম বুলি পাঙি আছিলো আঞ্চলিকতাবাদ-জাতীয়তাবাদৰ নামাৱলী পিন্ধি জাতিধ্বংসী ‘কেব’ৰ বিৰোধিতাত শংখনিনাদ কৰি তাৰ উৎকট সমৰ্থক বিজেপিৰে মিত্ৰতা ভংগ কৰা অগপক। পিছে, জাতিদ্ৰোহী-দেশদ্ৰোহী-ভাষাদ্ৰোহী-গণদ্ৰোহী বিজেপিৰ সৈতে মিতিৰ হৈ সিও গণস্বাৰ্থৰ কাল শতৰুত পৰিণত হ’ল। এই দুই চকৰিফেঁটীৰ ফণাৰ নাচোন থমাবলৈকে মই ভোট দিম এই অসাধু জোঁটৰ বিৰুদ্ধে যুঁজিব পৰা আৰু তাক ঘটুৱাবৰ সম্ভাৱনা থকা আন কোনোবা দলক, আন কোনোবা প্ৰাৰ্থীক।

এজন নিৰ্ভেজাল অসমীয়া হিচাপে মই অগপ-বিজেপিৰ বিৰুদ্ধে ভোট দিম। হিন্দু বাংলাদেশীক বৰপীৰা পাৰি দি অসমীয়াক ভাষিক সংখ্যালঘুত পৰিণত কৰাৰ চক্ৰান্ত কৰা বিজেপি আৰু তাক শক্তিদান কৰা অগপক নুৰুধিলে অসমীয়া জাতি-গঠনৰ স্বপ্ন ৰুদ্ধ হ’ব, ঠান-বান হ’ব। বিদেশীক বিদায় দিয়াৰ মিছা সপোন দেখুৱাই অসমীয়াৰ ভোট আজুৰি নি আজি বিশ্বাসঘাতকতা কৰা বিজেপিক সাংগো-পাংগে উৎখাত নকৰিলে অসমীয়া এদিন নিজেই উৎখাত হ’ব লাগিব বুলি মই নিশ্চিত হৈছো; অসমতে অসমীয়া সংখ্যালঘু ভগনীয়া হ’ব বুলি আৰু অসমীয়া ভাষা দ্বিতীয় ভাষা হ’ব বুলি মই পতিয়ন গৈছো। কাৰণ এই দল জিকিলে আকৌ সেই বিধেয়ক আনিব, আকৌ অসমীয়াই প্ৰাণটাকি যুঁজিব লগা হ’ব আৰু হয়তো এইবাৰ যুঁজিও ৰক্ষা নপৰিব।

Apply Now

বিজেপি আৰু তাৰ মিত্ৰশক্তি দুৰ্বল হ’লেহে অসমীয়া বাচি থাকিব পাৰে। নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬-ৰ বিৰুদ্ধে অসমীয়াৰ ৰুদ্ৰমূৰ্তি দেখি অভিনয়-কুশল অগপই বিধেয়ক-বিৰোধী আন্দোলনত চামিল হৈ সাময়িকভাৱে আমাৰ আস্থা জিনিছিল, কিন্তু ক্ষমতাৰ লালসাত নিজেই ‘ৰাৱণ’ আৰু ‘বদন’ বুলি অভিহিত কৰা বিজেপিৰ লগ লাগিছেগৈ। অৰ্থাৎ ক্ষমতাৰ বাবে অগপই যে অসমী আইৰ পেটত ছুৰী মাৰিবও পাৰে, সেইকথা সি আজি পৰিষ্কাৰ কৰি দিছে। সেয়ে ভোট মই অগপ-বিজেপিৰ বিৰুদ্ধেহে দিম।

এজন ভাৰতীয় হিচাপেও মই অগপ-বিজেপিক প্ৰত্যাখ্যান কৰিম। এই বিতৰ্কিত বিধেয়ক আছিল ভাৰতৰ সাংবিধানিক, গণতান্ত্ৰিক প্ৰমূল্য, সমতা আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰমূল্যক, ভৰিৰে মোহাৰিব খোজা বিধেয়ক। দুৰ্নীতি-ভ্ৰষ্টাচাৰত দীৰ্ঘকাল নিমজ্জিত যদিও কংগ্ৰেছেও দেশৰ গণতন্ত্ৰক এনে বিপদৰ খালত পেলাই দিয়া নাছিল। দেশপ্ৰেম আৰু সুৰক্ষাৰ চেলু লৈ বিজেপিয়ে বিশ্ববিদ্যালয়, ৰিজাৰ্ভ বেংক, এন্. এছ্. এছ্. ও. আদিৰ স্বতন্ত্ৰতা আৰু বাক-স্বাধীনতাৰ ওপৰত অভাৱনীয় হস্তক্ষেপ কৰিলে, ৰিজাৰ্ভ বেংকৰ ৰিজাৰ্ভ হৈ থকা ধনৰাশিত হাত দিলে। লগতে তাৰ আছে আদৰ্শগতভাৱেই এক সাম্প্ৰদায়িক এজেণ্ডা। ধনকুবেৰৰ টকাৰ জোৰত অত্যাধুনিক প্ৰচাৰ-কৌশলেৰে বিজেপিয়ে মোদীক ‘অসাধাৰণ নেতা’ৰূপে ভুৱা প্ৰচাৰ চলাইছে যদিও মোৰ মনত তেওঁ এক অতি সাধাৰণ পৰ্যায়ৰ নেতা। মোক তেওঁৰ আলংকাৰিক ভাষণৰ প্ৰয়োজন নাই- মোক লাগে ২০১৪-ত তেওঁ দিয়া প্ৰতিশ্ৰুতিবোৰ কিমান সাকাৰ কৰিলে তাৰ হিচাপ। ১০ কোটি চাকৰি দিলেনে নাই, ১৫ লাখকৈ টকা একাউণ্টত সোমাল নে নাই, স্মাৰ্ট চিটী, বুলেট ট্ৰেইন হ’ল নে নাই, কৃষকে ৫০% ন্যূনতম সমৰ্থন মূল্য পালেনে নাই, পে’ট্ৰল-ডিজেলৰ দাম কমালেনে নাই, ডলাৰৰ বিপৰীতে টকাৰ মূল্য কিমান হ’ল- মই এইবোৰহে জানিব বিচাৰোঁ। এইবোৰৰ ভিত্তিতহে মোদী কিমান শক্তিশালী নেতা তাৰ হিচাপ মই কৰিম, তেওঁৰ ভাষণৰ আধাৰত নকৰোঁ।

পাকিস্তানত হোৱা এয়াৰ-ষ্ট্ৰাইকৰ ভিত্তিতো নকৰোঁ, কাৰণ মোৰ স্পষ্ট মনত আছে যে ইন্দিৰা গান্ধীৰ দিনত ভাৰতে পাকিস্তানক দুটুকুৰা কৰি পেলাইছিল, কাৰণ মই বুজোঁ যে যুঁজ সৈন্যই যুঁজে- মোদী, ইন্দিৰা বা ৰাহুলে নুযুঁজে। বিজেপিয়ে দেশপ্ৰেম, ‘মোদী হেঁতো মুমকিন হেঁ’ আদি ভুৱা আৱাজ আৰু ইছ্যু লৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে। নিবনুৱা সমস্যা, কৃষকৰ সমস্যা, মূল্যবৃদ্ধিৰ সমস্যা আদি জনজীৱ্ন জড়িত বুনিয়াদী বিষয়ক ইছ্যু হিচাপে লৈ আগবঢ়াৰ সাহস এই দলৰ নাই।

এজন বিশ্ব-নাগৰিক হিচাপেও মই ভোট বিজেপিৰ বিৰুদ্ধেই দিম। বিজেপিৰ হিন্দুত্ববাদ আন কোনো দেশতে প্ৰয়োগযোগ্য দৰ্শন নহয়, কাজেই তাৰ বিশ্বজনীনতা নাই। অৰ্থাৎ সি সংকীৰ্ণ। তাৰ দেশপ্ৰেমৰ ভ্ৰান্ত ধাৰণা আনৰ প্ৰতি বিদ্বেষৰ ওপৰত প্ৰতিষ্ঠিত। হিন্দুত্বৰ গৌৰৱৰ নামত সি বিজ্ঞান আৰু বুৰঞ্জীৰ বিকৃতি সাধন কৰে, সি আমাক মধ্যযুগলৈ ওভোতাই নিব খোজে। তাৰ ভ্ৰান্ত দাবীবোৰ বহল বিশ্বৰ বাবে হাঁহিৰ খোৰাক। সত্য, সভ্যতা আৰু জ্ঞানৰ বিশ্বজনীন পথ আগভেটি ধৰিব খোজা অংগুলিমাল বিজেপিক ৰুধিবলৈকে মই তাক আৰু তাৰ মিত্ৰদলক ভেটিব পৰা কোনোবা দল বা প্ৰাৰ্থীক মোৰ ভোটটো দিম।

 

লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী প্ৰবক্তা

ইমেইলঃ [email protected]

Tags: নিৰ্বাচন ২০১৯
শিৱজিত দত্ত

শিৱজিত দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd