যুদ্ধ মানে কেৱল মানৱ জীৱনৰ অকাল মৃত্যু বা আন্তঃগাঁথনিৰ ধ্বংসলীলাই নহয়; ইয়াৰ আঁৰত লুকাই থাকে প্ৰকৃতি আৰু পৰিৱেশৰ এক ভয়াৱহ তথা চিৰস্থায়ী ধ্বংসসাধন। প্ৰথম বিশ্বযুদ্ধৰ পৰা আৰম্ভ কৰি উপসাগৰীয় যুদ্ধ আৰু শেহতীয়া ইউক্ৰেইন সংঘাতলৈকে—প্ৰতিখন যুদ্ধই ধৰিত্ৰীৰ বুকুত এনে কিছুমান গভীৰ ক্ষতৰ সৃষ্টি কৰিছে যিবোৰৰ উপশম হয়তো কেতিয়াও সম্ভৱ নহ’ব। যুদ্ধই যেনেদৰে পৰিৱেশ বিনষ্ট কৰে, পানী আৰু মাটি প্ৰদূষিত কৰে, আৰু গোলকীয় জলবায়ু পৰিৱৰ্তনত ইন্ধন যোগায়, সেয়া সমগ্ৰ বিশ্বৰ বাবেই এক গভীৰ উদ্বেগৰ বিষয়।
১৯১৪ চনৰ পৰা ১৯১৮ চনলৈ সংঘটিত প্ৰথম বিশ্বযুদ্ধই পৰিৱেশৰ ওপৰত উদ্যোগিক ধ্বংসলীলাৰ এক ক’লা অধ্যায়ৰ সূচনা কৰিছিল। এই যুদ্ধত প্ৰায় ১.৪৫ বিলিয়ন গোলা বা শ্বেল নিক্ষেপ কৰা হৈছিল, যাৰ ফলত উৰ্বৰ কৃষিভূমিবোৰ গাঁত আৰু বোকাময় মৰুভূমিত পৰিণত হৈছিল। বোমাৰ আঘাতত মাটিৰ গঠন সলনি হৈ গৈছিল আৰু জংঘলবোৰ বিস্তৰভাৱে ধ্বংস হৈছিল। কেৱল জাৰ্মানীয়েই প্ৰায় এক লাখ টন ৰাসায়নিক অস্ত্ৰ উৎপাদন কৰিছিল। পৰিসংখ্যা অনুসৰি, বৰ্তমানেও ফ্ৰান্সৰ প্ৰায় ১৪ মিলিয়ন একৰ মাটিত ১২ মিলিয়ন ৰাসায়নিক অস্ত্ৰ পোত গৈ আছে। ভাৰডুনৰ দৰে অঞ্চলৰ মাটিত আৰ্ছেনিকৰ মাত্ৰা প্ৰতি কিলোগ্ৰামত ১১২০ ৰ পৰা ২৫৯৫ মিলিগ্রামলৈকে পোৱা গৈছে, যিয়ে মাটিখিনি সম্পূৰ্ণৰূপে বসবাসৰ অনুপযোগী কৰি তুলিছে। ইয়াৰ উপৰিও এই যুদ্ধৰ সময়ত প্ৰায় ২.৫ বিলিয়ন ব’ৰ্ড ফুট কাঠ ধ্বংস কৰা হৈছিল আৰু ইউৰোপীয় বাইছনৰ সংখ্যা মাত্ৰ ৪০০ লৈ হ্ৰাস পাইছিল।
ইয়াৰ পিছত দ্বিতীয় বিশ্বযুদ্ধই আকৌ পৰিৱেশ ধ্বংসৰ মাত্ৰা আৰু অধিক ভয়াৱহ কৰি তুলিলে। এই যুদ্ধত পোলেণ্ডৰ ৱাৰ্শ্ব চহৰৰ ৮৫ শতাংশ ধ্বংস হৈছিল আৰু নাজী বাহিনীয়ে প্ৰায় ১৭০০ খন চহৰ-গাঁও ধ্বংসস্তূপলৈ ৰূপান্তৰিত কৰিছিল। আনহাতে, জাপানৰ ৬৬ খন চহৰৰ প্ৰায় ৪০ শতাংশ অঞ্চল ধ্বংস হৈছিল। ১৯৪৫ চনত হিৰোচিমা আৰু নাগাচাকিত পেলোৱা পাৰমাণৱিক বোমাই সমগ্ৰ পৰিৱেশত তেজষ্ক্ৰিয়তা বিয়পাই এক নতুন আতংকৰ সৃষ্টি কৰিছিল। এই বোমাৰ প্ৰায় ৩৯৮০ ডিগ্ৰী চেলচিয়াছ উত্তাপে মুহূৰ্তৰ ভিতৰতে সকলো জীৱ-জন্তু আৰু গছ-গছনি জ্বলাই ছাই কৰি দিছিল। পৰৱৰ্তী শীতল যুদ্ধৰ সময়ত আমেৰিকাৰ পাৰমাণৱিক প্ৰকল্পসমূহৰ পৰা নিৰ্গত আৱৰ্জনা পৰিষ্কাৰ কৰিবলৈ এতিয়ালৈকে ৭০ বিলিয়ন ডলাৰতকৈ অধিক ধন ব্যয় কৰা হৈছে যদিও এই বিষাক্ত আৱৰ্জনাৰ সমস্যা আজিও সম্পূৰ্ণৰূপে নিৰাময় হোৱা নাই।
১৯৫৫ চনৰ পৰা ১৯৭৫ চনলৈ চলা ভিয়েটনাম যুদ্ধত পৰিৱেশ ধ্বংসক এক নিৰ্মম সামৰিক কৌশল হিচাপে ব্যৱহাৰ কৰা হৈছিল। শত্ৰুৰ লুকোৱা ঠাই উদঙাই দিবলৈ আমেৰিকাৰ সেনাই ভিয়েটনামৰ অৰণ্যত প্ৰায় ২০ মিলিয়ন গেলন ৰাসায়নিক পদাৰ্থ বা হাৰ্বিচাইড ছটিয়াইছিল, যাৰ ভিতৰত ‘এজেণ্ট অৰেঞ্জ’ আছিল আটাইতকৈ ভয়ংকৰ। ইয়াত থকা ‘ডাইঅক্সিন’ নামৰ মাৰাত্মক বিষাক্ত পদাৰ্থটো মাটিত এশ বছৰলৈকে সক্ৰিয় হৈ থাকিব পাৰে। ৰেড ক্ৰছৰ তথ্য অনুসৰি, প্ৰায় ৩ মিলিয়ন ভিয়েটনামৰ লোক ইয়াৰ দ্বাৰা আক্ৰান্ত হৈছিল আৰু ১ লাখ ৫০ হাজাৰ শিশু জন্মগত বিসংগতি লৈ জন্ম হৈছিল। ১৯৬৫ চনৰ পৰা ১৯৭০ চনৰ ভিতৰত দক্ষিণ ভিয়েটনামৰ ৩০ শতাংশ মেংগ্ৰোভ বনাঞ্চল চিৰদিনৰ বাবে নষ্ট হৈছিল, যিয়ে জলবায়ু আৰু পৰিস্থিতিতন্ত্ৰত এক গভীৰ নেতিবাচক প্ৰভাৱ পেলাইছিল।
১৯৯১ চনৰ উপসাগৰীয় যুদ্ধই আধুনিক ইতিহাসৰ অন্যতম বৃহৎ পৰিৱেশ বিপৰ্যয় কঢ়িয়াই আনিছিল। ইৰাকী সেনাই কুৱেইটৰ পৰা উভতি অহাৰ সময়ত ৮০০ টাতকৈ অধিক খাৰুৱা তেলৰ খাদ ধ্বংস কৰিছিল আৰু ইয়াৰে ৬০০ টাত অগ্নিসংযোগো কৰিছিল। ইয়াৰ লগতে তেওঁলোকে ৪ ৰ পৰা ১১ মিলিয়ন বেৰেল তেল পাৰস্য উপসাগৰত পেলাই দিয়া হৈছিল, যিটো আছিল ইতিহাসৰ দ্বিতীয় বৃহত্তম তেল নিৰ্গমনৰ ঘটনা। জুইৰ ক’লা ধোঁৱাই সমগ্ৰ অঞ্চলটো আন্ধাৰ কৰি পেলাইছিল আৰু আকাশৰ পৰা ক’লা বৰষুণ পৰিবলৈ ধৰিছিল। স্থানীয় উষ্ণতা ১০ ডিগ্ৰী চেলচিয়াছলৈকে হ্ৰাস পাইছিল আৰু এই ধোঁৱা প্ৰায় ১২০০ মাইল দূৰলৈকে বিয়পি পৰিছিল। সাগৰৰ পানীত লাখ লাখ বেৰেল তেল মিহলি হোৱাৰ ফলত প্ৰায় ৩০ হাজাৰ সাগৰীয় চৰাই আৰু জলচৰ প্ৰাণীৰ কৰুণ মৃত্যু হৈছিল।
বৰ্তমান সময়ত চলি থকা ইউক্ৰেইন যুদ্ধয়ো অনুৰূপ ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। ২০২৩ চনৰ ৬ জুনত ইউক্ৰেইনৰ কাখোভকা নদীবান্ধ ভাঙি পেলোৱাৰ ফলত প্ৰায় ১৮ ঘন কিলোমিটাৰ পানী নিৰ্গত হৈ ভয়ংকৰ বানপানীৰ সৃষ্টি হয়। ইয়াৰ ফলত ১২ হাজাৰ হেক্টৰ বনাঞ্চল পানীৰ তলত বুৰ যায় আৰু ১.৫ মিলিয়ন হেক্টৰ কৃষিভূমি সংকটৰ সন্মুখীন হয়। আনহাতে যুদ্ধৰ সময়ত কাৰখানা আৰু পানী যোগান প্ৰকল্পবোৰত বোমা পেলোৱাৰ ফলত পানী আৰু বায়ু ভয়ংকৰভাৱে প্ৰদূষিত হয়।
এক পৰিসংখ্যা অনুসৰি, ইউক্ৰেইন যুদ্ধৰ প্ৰথম তিনি বছৰত প্ৰায় ২৩০ মিলিয়ন টন কাৰ্বন ডাই অক্সাইড নিৰ্গত হৈছে, যিটো চাৰিখন ইউৰোপীয় দেশৰ বাৰ্ষিক নিৰ্গমনৰ সমান। কেৱল যুদ্ধই নহয়, বিশ্বৰ সামৰিক বাহিনীসমূহৰ সাধাৰণ কাৰ্যকলাপৰ পৰাও প্ৰতি বছৰে প্ৰায় ২৭৫০ মিলিয়ন টন কাৰ্বন নিৰ্গত হয়, যিটো সমগ্ৰ বিশ্বৰ মুঠ নিৰ্গমনৰ ৫.৫ শতাংশ আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ এক প্ৰধান কাৰণ।
যুদ্ধৰ পৰিৱেশগত প্ৰভাৱ কোনো সাময়িক ঘটনা নহয়; ই পুৰুষানুক্ৰমে মানৱ জাতি আৰু ধৰিত্ৰীৰ বাবে অভিশাপ হৈ ৰৈ যায়। এই সকলোবোৰৰ বাহিৰেও বিশ্বৰ সামৰিক বাহিনীসমূহৰ কাৰ্যকলাপৰ ফলত প্ৰতি বছৰে প্ৰচুৰ পৰিমাণে কাৰ্বন গেছ নিৰ্গত হয়, যি গোলকীয় উষ্ণতা বৃদ্ধিৰ এক প্ৰধান কাৰণ। হিচাপ অনুসৰি সমগ্ৰ বিশ্বৰ প্ৰদূষণৰ প্ৰায় চাৰে পাঁচ শতাংশ কেৱল সামৰিক বাহিনীৰ পৰাই হয়। যুদ্ধৰ ফলত মাটি, পানী আৰু বায়ু সদায় দূষিত হৈ আহিছে। বৰ্তমান বিশ্বই জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক সম্পদৰ দ্ৰুত অৱক্ষয়ৰ দৰে গুৰুতৰ সংকটৰ সন্মুখীন হৈ থকাৰ সময়ত, যুদ্ধই পৰিৱেশলৈ কঢ়িয়াই অনা এই ধ্বংসলীলাৰ বিষয়ে গভীৰভাৱে চিন্তা কৰাৰ সময় সমাগত। যুদ্ধৰ আটাইতকৈ নীৰৱ আৰু অসহায় বলি হৈছে আমাৰ প্ৰকৃতি, যাৰ ঘাঁ কেতিয়াও সম্পূৰ্ণৰূপে নুশুকায় আৰু ইয়াৰ কৰুণ পৰিণতি মানৱ সমাজে যুগ যুগ ধৰি ভোগ কৰিবলগীয়া হয়।





