ভৱিষ্যতে নিজৰ জৈৱিক সন্তান জন্ম দিয়াৰ সম্ভাৱনা অটুট ৰাখি বৰ্তমান মাতৃ হোৱাৰ সিদ্ধান্ত পিছুৱাই দিব বিচৰা মহিলাসকলৰ বাবে ডিম্বাণু সংৰক্ষণ বা ‘এগ ফ্ৰিজিং’ এক জনপ্ৰিয় বিকল্প হিচাপে পৰিগণিত হৈছে। এতিয়া প্ৰযুক্তিৰ ক্ৰমবিকাশৰ লগে লগে এই প্ৰক্ৰিয়াত কৃত্ৰিম বুদ্ধিমত্তা বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে (এআই) এক নতুন মাত্ৰা সংযোজন কৰিছে। নতুন প্ৰযুক্তিৰ সহায়ত প্ৰজনন বিশেষজ্ঞসকলে সংৰক্ষিত ডিম্বাণুৰ পৰীক্ষণ আৰু ইয়াৰ ভৱিষ্যতৰ সম্ভাৱনা সম্পৰ্কে আগতীয়াকৈ অনুমান কৰিবলৈ সক্ষম হৈছে। মুম্বাইৰ লীলাৱতী হাস্পতাল আৰু দিল্লী তথা চণ্ডীগড়ৰ ফৰ্টিছ হাস্পতালৰ স্ত্ৰীৰোগ আৰু আইভিএফ বিশেষজ্ঞ ডাঃ হৃষীকেশ পাইৰ মতে, সংৰক্ষিত ডিম্বাণুৰ অণুবীক্ষণিক ৰূপ বিশ্লেষণ কৰি সেইবোৰে উন্নত প্ৰজনন ক্ষমতাৰ বৈশিষ্ট্য বহন কৰিছে নে নাই, সেয়া নিৰ্ণয় কৰাৰ বাবে বৰ্তমান এআই প্ৰগ্ৰেমৰ ব্যৱহাৰ সম্পৰ্কে গৱেষণা চলি আছে।
বিশেষজ্ঞ ডাঃ হৃষীকেশ পায়ে জানিবলৈ দিয়া মতে, কৃত্ৰিম বুদ্ধিমত্তাই ডিম্বাণুৰ ফট’মাইক্ৰ’গ্ৰাফ বিশ্লেষণ কৰি ভৱিষ্যতে গৰ্ভধাৰণৰ বাবে সেইবোৰ কিমান উপযুক্ত সেয়া নিৰ্ণয় কৰিব পাৰে। ডিম্বাণু সংৰক্ষণ বা উচাইট ক্ৰায়’প্ৰিজাৰভেচন প্ৰক্ৰিয়াত হৰম’নৰ জৰিয়তে ডিম্বাশয়ক উদ্দীপ্ত কৰা হয় আৰু পৰীক্ষা-নিৰীক্ষাৰ অন্তত পৈণত ডিম্বাণু সংগ্ৰহ কৰি ‘ভিট্ৰিফিকেচন’ পদ্ধতিৰে দ্ৰুতভাৱে সংৰক্ষণ কৰা হয়। পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে গৰ্ভধাৰণৰ বাবে প্ৰস্তুত হ’লে, সেই ডিম্বাণুসমূহ উলিয়াই আইভিএফ পদ্ধতিৰে নিষেচন ঘটাই ভ্ৰূণলৈ বিকশিত কৰা হয়। অৱশ্যে, কেৱল ডিম্বাণু সংৰক্ষণ কৰিলেই ভৱিষ্যতে গৰ্ভধাৰণৰ নিশ্চিতি প্ৰদান কৰিব নোৱাৰি। কিয়নো, বহু সময়ত ডিম্বাণুসমূহ সাধাৰণ উষ্ণতালৈ অনাৰ সময়ত নষ্ট হ’ব পাৰে বা নিষেচন সফল নহ’বও পাৰে।
ডিম্বাণু সংৰক্ষণৰ সময়ত মহিলাগৰাকীৰ বয়স আৰু সংগ্ৰহ কৰা পৈণত ডিম্বাণুৰ সংখ্যাই ভৱিষ্যতৰ সফলতাত বিশেষ প্ৰভাৱ পেলায়। এইক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগ অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কেৱল অণুবীক্ষণ যন্ত্ৰৰ জৰিয়তে কৰা পৰম্পৰাগত পৰীক্ষণৰ ওপৰত নিৰ্ভৰ নকৰি এআইৰ এলগৰিথমে ডিম্বাণুৰ সুক্ষ্ম ছবি পৰীক্ষা কৰি মানৱ চকুৰে মণিব নোৱৰা বহুতো বিসংগতি বা আৰ্হি চিনাক্ত কৰিব পাৰে। যদিহে এআইৰ বিশ্লেষণে বৰ্তমান সংৰক্ষিত ডিম্বাণুৰ জৰিয়তে ভৱিষ্যতে গৰ্ভধাৰণৰ সম্ভাৱনা কম বুলি সূচায়, তেন্তে চিকিৎসকে ৰোগীক পুনৰবাৰ ডিম্বাণু সংৰক্ষণৰ প্ৰক্ৰিয়া গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিব পাৰে। ইয়াৰ ফলত কম সংখ্যক ডিম্বাণু সংৰক্ষণ কৰা মহিলাসকলে সময় থাকোঁতেই চিকিৎসকৰ পৰামৰ্শ অনুসৰি সঠিক সিদ্ধান্ত ল’বলৈ সক্ষম হ’ব বুলি ডাঃ পায়ে উল্লেখ কৰে।
প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি পালেও মহিলাৰ প্ৰজনন ক্ষমতাৰ এক বাস্তৱ সলনি নহয় যে, বয়স বৃদ্ধিৰ লগে লগে ডিম্বাণুৰ পৰিমাণ আৰু গুণাগুণ হ্ৰাস পায়। আমেৰিকান ছ’চাইটি ফৰ ৰিপ্ৰডাক্টিভ মেডিচিনৰ তথ্য অনুসৰি, কম বয়সত ডিম্বাণু সংৰক্ষণ কৰিলে ভৱিষ্যতে সফলতাৰ হাৰ অধিক হয়। ‘অভেৰিয়ান ৰিজাৰ্ভ’ পৰীক্ষাৰ জৰিয়তে চিকিৎসকে এটা প্ৰক্ৰিয়াত কিমান ডিম্বাণু সংগ্ৰহ কৰিব পৰা যাব সেয়া অনুমান কৰিব পাৰে যদিও ই ভৱিষ্যতে সন্তান জন্মৰ পোনপটীয়া ভৱিষ্যতবাণী কৰিব নোৱাৰে। ডিম্বাণুৰ পৰিমাণতকৈ মহিলাগৰাকীৰ বয়সেই হৈছে প্ৰজনন সফলতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্ণায়ক।
ডিম্বাণু সংৰক্ষণৰ কথা বিবেচনা কৰা মহিলাসকলৰ বাবে ভৱিষ্যতে এআই এক গুৰুত্বপূৰ্ণ ব্যক্তিগত পৰামৰ্শদাতা সঁজুলি হৈ উঠিব পাৰে যদিও ই চিকিৎসকৰ চিকিৎসা সম্পৰ্কীয় সিদ্ধান্তৰ বিকল্প হ’ব নোৱাৰে। ডাঃ পাইৰ মতে, বৰ্তমান মাতৃ হ’বলৈ প্ৰস্তুত নথকা কিন্তু ভৱিষ্যতৰ বাবে পথ মুকলি ৰাখিব বিচৰা মহিলাসকলৰ বাবে এই পদ্ধতি অতি ফলপ্ৰসূ। সামগ্ৰিকভাৱে, ডিম্বাণু সংৰক্ষণত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগে মহিলাসকলক অধিক বিতং আৰু ব্যক্তিগত তথ্য প্ৰদান কৰাত সহায় কৰিব, কিন্তু প্ৰযুক্তিগত উন্নতিৰ সমান্তৰালকৈ প্ৰজনন প্ৰক্ৰিয়া সন্দৰ্ভত এক বাস্তৱসন্মত প্ৰত্যাশা ৰখাটোও সমানেই গুৰুত্বপূৰ্ণ।





