মিজোৰামৰ এটা কণমানি শিশুৰ মহানুভৱতাই এতিয়া ছ’চিয়েল মিডিয়াত খলকনি তুলিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা কণমানিটোৰ ফটো আৰু কাহিনীটোৱে এতিয়া জনসাধাৰণক ভবাই তুলিবলৈ বাধ্য কৰিছে।
প্ৰাপ্ত খবৰ অনুসৰি মিজোৰামৰ চাইৰাং অঞ্চলৰ এটি কণমানি শিশুৱে চাইকেল চলাই আছিল আৰু চাইকেল চলাই থাকোতে অসাৱধনবসত শিশুটোৱে ৰাস্তাত ওচৰ চুবুৰীয়াৰ এটা কুকুৰাৰ পোৱালীৰ গাৰ ওপৰেৰে চাইকেলখন চলাই দিয়ে। চাইকেলৰে চেপাৰ ফলত কুকুৰা পোৱালীটো আঘাতপ্ৰাপ্ত হয়।
কণমানি শিশুটোৱে ঘটনাটোত দুখ পাই কুকুৰা পোৱালীটো হাতত তুলি ললে আৰু নিজৰ ঘৰলৈ দৌৰ মাৰি গৈ নিজে জমা কৰা পইচাৰে সৈতে ওচৰৰ চিকিৎসালয় পালে।
শিশুটিয়ে চিকিৎসকৰ ওচৰলৈ গৈ ক’ল যে এয়া মোৰ সাচতীয়া ধন এই ধনৰ বিনিময়ত আপুনি কুকুৰা পোৱালীটোক চিকিৎসা কৰি সুস্থ কৰি তোলক। শিশুটিৰ মহানুভৱতা আৰু হাতত থকা দহটকীয়া নোটখন দেখি চিকিৎসকগৰাকী আচৰিত হৈ পৰে।
আনহাতে, এই সমগ্ৰ ঘটনাটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছত এতিয়া বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত কাম কৰি থকা স্বেচ্ছাসেৱী সংগঠন আৰু লোকসকলে শিশুটোৰ মহানুভৱতাক প্ৰশংসাৰে ওপচাই পেলাইছে।