• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকক ‘দুগৰাকী পত্নী বিতৰ্ক’ৰ পৰা বচাবলৈ হিমন্তৰ ফোন”

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
April 5, 2019 5:50 pm
Himanta_Biswa. Abdul Khalek
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিলৈ গৈ কংগ্ৰেছৰ ঘোৰ বিৰোধী হৈ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকক এটা অভিযোগৰ পৰা বচোৱাৰ চেষ্টাত নামিছে। মন্ত্ৰীজনৰ বিৰুদ্ধে এই অভিযোগ এ আই য়ু ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামৰ।

শুকুৰবাৰে এ আই য়ু ডি এফৰ গুৱাহাটীৰ মুখ্য কাৰ্য্যালয়ত এখন সংবাদমেলত আমিনুল ইছলামে কয় যে কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ লগত থকা সু-সম্পৰ্কৰ বাবেই খালেকৰ বিৰুদ্ধে বৰপেটাৰ ৰিটাৰ্নিং অফিচাৰৰ ওচৰত দাখিল হোৱা এটা অভিযোগ হিমন্ত বিশ্ব শৰ্মাই ফোন কৰি নাকচ কৰাইছে।

Apply Now

খালেকৰ বিৰুদ্ধে দাখিল হোৱা অভিযোগটো আছিল তেওঁ মনোনয়ন পত্ৰৰ লগত দাখিল কৰা শপতনামাত মিছা তথ্য দাখিল কৰিছিল। খালেকে দুগৰাকী পত্নী থকাৰ পাছতো এগৰাকী বুলিহে শপতনামাত লিখিছে বুলি এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে ৰিটাৰ্নিং অফিচাৰৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

“খালেকৰ বিৰুদ্ধে মিছা তথ্য দিয়াৰ অভিযোগ দিয়াৰ পাছত সেই অভিযোগ ৰিটাৰ্নিং অফিচাৰে গ্ৰহণ কৰিছে। এই সন্দৰ্ভত আব্দুল খালেকেও শপতনামা দাখিল কৰিছে আৰু বিষয়টোৰ শুনানি হ’ব লগীয়া আছিল। কিন্তু আমি জানিব পাৰিছো হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক ক্ষমতা প্ৰয়োগ কৰি ৰিটাৰ্নিং অফিচাৰক ফোন কৰি এই বিষয়টো নাকচ কৰাইছে”, আমিনুল ইছলামে সংবাদমেলত কয়।

আমিনুল ইছলামে লগতে ‘কংগ্ৰেছৰ প্ৰাৰ্থীৰ বিষয়ত বিজেপিৰ মন্ত্ৰীয়ে কিয় ফোন কৰিব লগীয়া হ’ল’ বুলিও প্ৰশ্ন উত্থাপন কৰে। লগতে নামনি অসমৰ দুই কংগ্ৰেছ প্ৰাৰ্থীৰ লগত বিজেপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠতা থকা বুলিও মন্তব্য কৰে।

“নামনি অসমৰ দুইজন প্ৰাৰ্থী, ক্ৰমে বৰপেটাৰ আব্দুল খালেক আৰু ধুবুৰীৰ আবু তাহেৰ বেপাৰী হিমন্তপন্থী। আবু তাহেৰ বেপাৰী কংগ্ৰেছত আছিল, পাছত বিজেপিলৈ যায়, পাছত আকৌ কংগ্ৰেছলৈ আহে। খালেকে বিজেপিলৈ যোৱা নাই যদিও হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ”, আমিনুল ইছলামৰ দাবী।

কংগ্ৰেছৰ ভিতৰত এতিয়াও হিমন্তৰ ৰাজনীতি চলি আছে নেকি বুলি প্ৰশ্নৰ অৱতাৰণা কৰি আব্দুল খালেকে কাৰ লগত মিলি নিৰ্বাচনত অৱতীৰ্ণ হৈছে সন্দেহৰ থল আছে বুলিও আমিনুল ইছলামে কয়।

Tags: নিৰ্বাচন ২০১৯
অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd