আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই আজি ডুমডুমা আৰু টীয়কত উপস্থিত হৈ দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডুমডুমাত লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ আৰু টীয়কত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ অভিযান চলায়।
ডুমডুমাত নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰি সাংবাদিকৰ আগত মন্ত্ৰী হিমন্তই কংগ্ৰেছক সমালোচনা কৰি তৃণমূল পৰ্যায়ত কংগ্ৰেছৰ ভেটী দুৰ্বল বুলি উল্লেখ কৰি কয় যে কংগ্ৰেছে গুৱাহাটীত সংবাদমেল পাতিহে চলি থাকে। লগতে হিমন্তই বিশ্ব শর্মাই কয় যে কংগ্ৰেছ দলৰ সদস্যই সময়, সুবিধা পালেই বৰপেটা, ধুবুৰীৰ চৰত গৈ বিশ্ৰাম লয়গৈ।
নিৰ্বাচনী সভাতে মন্ত্ৰী হিমন্তই ২০১৪ আৰু ২০১৬ তকৈ এইবাৰ নিৰ্বাচনত অধিক ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থীসকল জয়ী হ’ব বুলিও দৃঢ়তাৰে মত প্ৰকাশ কৰে।
আনহাতে টীয়কত নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি মন্ত্ৰী হিমন্তই যোৰহাট সংসদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ প্ৰচাৰ অভিযাল চলাই দেশৰ স্বাৰ্থৰ বাবে প্ৰধান মন্ত্ৰী পদত মোদীক অধিষ্ঠিত কৰাৰ কথা উল্লেখ কৰে। লগতে মন্ত্ৰী হিমন্তই নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।