• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাঁচ বছৰত মাত্ৰ ৪জন বিদেশীকহে বহিষ্কাৰ; অসম চৰকাৰৰ উদ্যম পুতৌজনক বুলি উচ্চতম ন্যায়ালয়ক জনালে মুখ্য সচিবে

“ডিটেনশ্যন কেম্পৰ ৯১৫জন বন্দী আৰু কিমান দিন বন্দী হৈ থাকিব?” প্ৰশ্ন মুখ্য ন্যায়াধীশৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2019 9:46 pm
Alok Kumar_Supreme Court
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনত থকা ডিটেনশ্যন কেম্পবোৰৰ আৱাসীসকলৰ অৱস্থা সম্পৰ্কীয় এটা গোচৰৰ আজিৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ ব্যৰ্থতা উদঙাই মুখ্য সচিব আলোক কুমাৰে কিছুমান চাঞ্চল্যকৰ তথ্য দিয়ে।

তেওঁ ৰাজ্য চৰকাৰখনৰ বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ উদ্যমক যোৱা ৫ বছৰত “দুখলগা” আৰু “সন্তোষজনক নহয়” বুলি মৌখিক স্বীকাৰোক্তি দিয়ে। ৰঞ্জন গগৈৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠখনে লগে লগে কুমাৰক এই কথা ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে (“Put that on record”)।

Apply Now

২০১৫-২০১৮ সময়ছোৱাত চিনাক্ত কৰা ৪৬ হাজাৰ বিদেশীৰ কিমানজনক বহিষ্কাৰ কৰা হৈছে বুলি ন্যায়াধীশ ৰঞ্জন গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত আলোক কুমাৰে কয়, “চৰকাৰে মাত্ৰ ৪জনকহে বহিষ্কাৰ কৰিব পাৰিছে”।

মুখ্য সচিবৰ উত্তৰত অসন্তুষ্ট ৰঞ্জন গগৈয়ে ভৰ্ৎসনাৰ সুৰত কয়, “৪৬ হাজাৰ চিনাক্ত বিদেশীৰ আপোনালোকে মাত্ৰ ২০০০ জনকহে বিচাৰি উলিয়াব পাৰিছে। ইয়াৰে কেৱল ৪জনক বহিষ্কাৰ কৰিছে?”

“আপোনাৰ চৰকাৰ সংবিধানক আধাৰ কৰি চলিছেনে?” কৈফিয়ত দিব খোজা মুখ্য সচিবক উভতি ধৰি ন্যায়াধীশ গগৈৰ প্ৰশ্ন।

১ এপ্ৰিলত গোচৰটোৰ শুনানিত অনুমতিবিহীনভাৱে অনুপস্থিত থাকি বিচাৰপীঠখনৰ জামিনবিহীন গ্ৰেপ্তাৰৰ ভাবুকি পোৱা মুখ্য সচিব আলোক কুমাৰে তাৰ পাছতে চৰকাৰৰ ব্যৰ্থতা অধিক মুকলিকৈ স্বীকাৰ কৰে।

“যোৱা পাঁচ বছৰত ৰাজ্যখনত অবৈধ বিদেশী চিনাক্তকৰণৰ কাম দুখ লগা”, কুমাৰে কয়। লগে লগে ন্যায়াধীশ গগৈয়ে সেই কথাও লিপিবদ্ধ কৰিবলৈ কয়।

বিদেশী চিনাক্তকৰণৰ বাবে গঠিত টাস্ক ফ’ৰ্চৰ কাম-কাজো সন্তোষজনক নহয় বুলিও কুমাৰে স্বীকাৰ কৰে, যিটোও ৰেকৰ্ডত অন্তৰ্ভুক্ত কৰিবলৈ ন্যায়াধীশ গগৈয়ে নিৰ্দেশ দিয়ে।

বিচাৰপীঠখনে ইয়াৰোপৰি মুখ্য সচিবজনক অহা ২৫ এপ্ৰিলৰ ভিতৰত অসমৰ ডিটেনশ্যন কেম্পবোৰত বছৰ বছৰ ধৰি দুৰ্দশাগ্ৰস্ত অৱস্থাত বন্দিত্বৰ জীৱন কটোৱা বন্দীসকলক মুকলি কৰি দিবলৈ কি কি পদক্ষেপ ল’ব পাৰি তাৰ পৰামৰ্শ সম্বলিত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

“তেওঁলোকক স্বদেশী অপৰাধীবোৰক কৰাৰ দৰে মুকলি কৰি দিব নোৱাৰি”, মহান্যায়াভিকৰ্তা তুষাৰ মেহতাই দাখিল কৰা শপতনামাৰ এই বক্তব্যৰ প্ৰসংগত ন্যায়াধীশজনে ওপৰৰ নিৰ্দেশটো দিয়ে।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কয় যে ডিটেনশ্যন কেম্পবোৰ যিকোনো মানুহৰ বাবেই অবাঞ্ছিত ঠাই। “এইবোৰত ৯১৫জন বন্দী আছে। তেওঁলোক আৰু কিমান দিন বন্দী হৈ থাকিব?” প্ৰশ্ন মুখ্য ন্যায়াধীশজনৰ। তেওঁ এই বন্দীসকলৰ অৱস্থাৰ বিষয়ে অৱগত বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য যে তিনিজনীয়া বিচাৰপীঠখনত মুখ্য ন্যায়াধীশ গগৈৰ উপৰি ন্যায়াধীশ দীপক গুপ্তা আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাও আছে।

মানৱ অধিকাৰ কৰ্মী হৰ্ষ মাণ্ডাৰে অসমৰ ডিটেইনশ্যন কেন্দ্ৰসমূহৰ আৱাসীসকলৰ ক্ষেত্ৰত ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘন হোৱা বুলি দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ ভিত্তিত এই গোচৰটো চলি আছে।

মানৱ অধিকাৰ কৰ্মী মাণ্ডাৰেই আৱেদনখনত কৰা মূল অভিযোগটো হৈছে, ডিটেনশ্যন কেম্পবোৰত আৱাসীসকলক অনিৰ্দিষ্টকালীনভাৱে আবদ্ধ কৰি ৰখা হয় আৰু তেওঁলোকক অবৈধ বিদেশী হিচাপে ধৰা হয়।

আৱেদনখনৰ মতে, ভাৰত আৰু বাংলাদেশৰ মাজত ঘোষিত বিদেশীসকলক প্ৰত্যৰ্পণৰ কোনো আনুষ্ঠানিক চুক্তি নথকা বাবে বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা বাংলাদেশী বুলি ঘোষিত লোকসকলক ডিটেনশ্যন কেম্পতে বন্দী কৰি ৰখা হয়। তেওঁলোকৰ কাৰাবাস অনিৰ্দিষ্টকালীন আৰু আইনসন্মত নহয় (arbitrary), লগতে অনুচ্ছেদ ১৪ আৰু ২১-অৰ উলংঘনো।

লগতে পঢ়ক জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানাৰ পৰা কথমপি ৰক্ষা অসমৰ মুখ্য সচিব আলোক কুমাৰৰ

মাণ্ডাৰেৰ আৱেদনখন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (NHRC)ৰ বাবে মাণ্ডাৰে নিজে প্ৰস্তুত কৰা এটা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি দাখিল কৰা হৈছে। এই প্ৰতিবেদনত অসমৰ ডিটেনশ্যন কেম্পবোৰত বন্দীসকলৰ দুৰ্দশাগ্ৰস্ত অৱস্থাৰ বিৱৰণ আছে। তেওঁলোকৰ ক্ষেত্ৰত স্বাস্থ্য, শিক্ষা, পৰিয়ালৰ সৈতে মিলন, কাম আৰু জিৰণি আৰু আইনী সেৱা প্ৰাপ্তিৰ অধিকাৰ উলংঘন কৰা বুলিও প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd