• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিটেইনশ্যন কেম্পৰ গোচৰ : জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানাৰ পৰা কথমপি ৰক্ষা অসমৰ মুখ্য সচিব আলোক কুমাৰৰ

দুৰ্লভ গগৈ by দুৰ্লভ গগৈ
April 1, 2019 5:47 pm
Alok Kumar_Supreme Court
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিটেইনশ্যন কেম্প আৰু বিদেশীৰ তথ্য সম্পৰ্কীয় এখন শপতনামাৰ প্ৰসংগত আজি সৰ্বোচ্চ ন্যায়ালয়ে অভূতপূৰ্ব কঠোৰতম ভাষাত সকীয়াই দিছে ৰাজ্যখনৰ মুখ্য সচিব আলোক কুমাৰক।

ৰাজ্যখনত থকা ডিটেইনশ্যন কেম্পবোৰৰ আৱাসীসকলৰ অৱস্থা সম্পৰ্কীয় এটা গোচৰৰ শুনানিত অনুমতিবিহীনভাৱে অনুপস্থিত থকা অসম চৰকাৰৰ মুখ্য সচিবজনৰ বিৰুদ্ধে ন্যায়ালয়ে “জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পৰা কোনোমতে বিৰত থকা” বুলি জনায়। লগতে অহা ৮ এপ্ৰিলৰ শুনানিত তেওঁক উপস্থিত থাকিবলৈ কঢ়া নিৰ্দেশ দিয়ে।

Apply Now

গোচৰটোত অসম চৰকাৰে দাখিল কৰা শপতনামাত “বিদেশী ন্যায়াধিকৰণসমূহে বিদেশী ঘোষণা কৰা কেইবা হাজাৰ অবৈধ অনুপ্ৰৱেশকাৰী পলাতক আৰু সেইবোৰ জনতাৰ মাজত মিলি গৈছে” বুলি দিয়া তথ্যত খৰ্গহস্ত হয় মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেতৃত্বাধীন বিচাৰপীঠখন।

“আপুনি কৈছে যে ঘোষিত বিদেশীসকলৰ সন্ধান নাই। সেইসকলক চিনাক্ত আৰু প্ৰত্যৰ্পণ কৰিবলৈ আপোনালোকে কি উপায় লৈছে? আৰু যিসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া আগ নবঢ়াকৈ ৰৈ গৈছে তেওঁলোকৰ পৰিস্থিতিটো কি?” মুখ্য ন্যায়াধীশৰ প্ৰশ্ন।

ন্যায়াধীশ গগৈৰ উপৰি বিচাৰপীঠখনত ন্যায়াধীশ দীপক গুপ্তা আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাও আছে।

“ৰাজ্য চৰকাৰখনে ন্যায়ালয়ৰ সৈতে ধেমালি কৰিছে! আপোনাৰ শপতনামা অৰ্থহীন”, শপতনামাখনৰ যথাৰ্থতাক লৈ অসন্তুষ্ট মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ৰাজ্য চৰকাৰৰ হৈ আদালতত উপস্থিত থকা মহান্যায়াভিকৰ্তা তুষাৰ মেহতাক ভৰ্ৎসনা।

গোচৰটোৰ যোৱা ১৩ মাৰ্চৰ শুনানিটোতো মুখ্য ন্যায়াধীশজনে  তুষাৰ মেহতাক কটাক্ষ কৰিছিল এইবুলি : “কোনোবাই দিল্লীত বহি অসমৰ ডিটেনশ্যন কেম্পবোৰৰ বিষয়ত শপতনামা বনাইছে।”

ন্যায়ালয়খনে অসম চৰকাৰক ২০০৫ চনত বিদেশী ন্যায়াধিকৰণবোৰ পুনৰ্গঠনৰ পিছৰ পৰা কিমানজনক ডিটেইনশ্যন কেম্পলৈ প্ৰক্ষেপ কৰা হ’ল আৰু কিমানজনক বিতাড়ন কৰা হ’ল তাৰ তথ্যও দাখিল কৰিবলৈ নিৰ্দেশ দিছিল।

উল্লেখযোগ্য যে শীৰ্ষ আদালতখনৰ তিনিজনীয়া বিচাৰপীঠখনে মানৱ অধিকাৰ কৰ্মী হৰ্ষ মাণ্ডাৰে অসমৰ ডিটেইনশ্যন কেন্দ্ৰসমূহৰ আৱাসীসকলৰ ক্ষেত্ৰত ব্যাপক হাৰত মানৱ অধিকাৰ উলংঘন হোৱা বুলি দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানি লৈ আছে।

মানৱ অধিকাৰ কৰ্মী মাণ্ডাৰেই আৱেদনখনত কৰা মূল অভিযোগটো হৈছে, ডিটেইনশ্যন কেম্পবোৰত আৱাসীসকলক অনিৰ্দিষ্টকালীনভাৱে আবদ্ধ কৰি ৰখা হয় আৰু তেওঁলোকক অবৈধ বিদেশী হিচাপে ধৰা হয়।

আৱেদনখনত উল্লেখ কৰা মতে, ভাৰত আৰু বাংলাদেশৰ মাজত ঘোষিত বিদেশীসকলক প্ৰত্যৰ্পণৰ কোনো আনুষ্ঠানিক চুক্তি নথকা বাবে বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা বাংলাদেশী বুলি ঘোষিত লোকসকলক ডিটেইনশ্যন কেম্পতে বন্দী কৰি ৰখা হয়। তেওঁলোকৰ কাৰাবাস অনিৰ্দিষ্টকালীন আৰু আইনসন্মত নহয় (arbitrary), লগতে অনুচ্ছেদ ১৪ আৰু ২১-অৰ উলংঘনো।

মাণ্ডাৰেৰ আৱেদনখন ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (NHRC)ৰ বাবে মাণ্ডাৰে নিজে প্ৰস্তুত কৰা এটা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি দাখিল কৰা হৈছে। এই প্ৰতিবেদনত অসমৰ ডিটেনশ্যন কেম্পবোৰত বন্দীসকলৰ দুৰ্দশাগ্ৰস্ত অৱস্থাৰ বিৱৰণ আছে। তেওঁলোকৰ ক্ষেত্ৰত স্বাস্থ্য, শিক্ষা, পৰিয়ালৰ সৈতে মিলন, কাম আৰু জিৰণি আৰু আইনী সেৱা প্ৰাপ্তিৰ অধিকাৰ উলংঘন কৰা বুলিও প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।

গোচৰটোৰ পৰৱৰ্তী শুনানি অহা ৮ এপ্ৰিলত আছে, য’ত মুখ্য সচিব আলোক কুমাৰ উপস্থিত থাকিব বুলি মহান্যায়াভিকৰ্তা তুষাৰ মেহতাই বিচাৰপীঠখনক দায়িত্বসহ নিশ্চিতি দিছে।

দুৰ্লভ গগৈ

দুৰ্লভ গগৈ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd