• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বামপন্থী নেতা কমৰেড দ্ৰুপদ বৰগোহাঁইক শেষ বাৰৰ বাবে লাল চালাম জনালে চি পি আইয়ে

অসমত চিপিআই দল আজি অভিভাৱকহীন হল : কনক গগৈ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
April 10, 2019 5:57 pm
633
VIEWS
Share on FacebookShare on Twitter

অসমৰ সৎ সাহসী বামপন্থী নেতা কমৰেড দ্ৰুপদ বৰগোহাঁইক আজি চি পি আই দলে শেষ বাৰৰ বাবে লাল চালাম জনালে। পুৱা ৬ বজাত নেতা জনৰ মৃত্যুৰ খৱৰ পোৱাৰ লগে লগেই শিৱসাগৰৰ চি পি আইৰ কাৰ্যালয়ত উপস্থিত হয়হি জিলাখনৰ নেতা কৰ্মী সকল। ডিব্ৰুগড়ৰ পৰা ১২. ৩০ বজাত শিৱসাগৰৰ কাৰ্যালয়ত বৰ্ষীয়ান নেতা গৰাকীৰ নশ্বৰ দেহ আহি পোৱাৰ লগে লগে চিপিআইৰ নেতা কৰ্মী, দল সংগঠনৰ লগতে অসংখ্য গুণমুগ্ধই শেষ বাৰৰ বাবে দৰ্শন কৰি শেষ শ্ৰদ্ধাঞ্জলি দিবলৈ উপস্থিত হয়হি। শিৱসাগৰৰ চিপি আইৰ কাৰ্যালয়ৰ পৰা বাহিৰে বাহিৰে নাজিৰালৈ নিয়া হয়, নাজিৰাৰ চিপিআই কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত জন্মস্থান মাদুৰিত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত শেষকৃত সম্পন্ন কৰা হয়।

চিপিআই নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি যোৰহাট লোকসভা সমষ্টিৰ চিপিআইৰ প্ৰাৰ্থী কনক গগৈয়ে নৰ্থ ইষ্ট নাওক ফোনযোগে জনায় যে, ‘আজি অতি দুখৰ দিন, তেওঁক হেৰুৱাই আমি অতিকে মৰ্মাহত হৈছো। চিপিআই দলে আজি অসমত অভিভাৱক হেৰুৱালে। অসমৰ জনগণৰ স্বাৰ্থত তেওঁৰ যিখিনি অৱদান আছিল তাক আমি কেতিয়াও পাহৰিব নোৱাৰো। প্ৰকৃতাৰ্থত তেওঁ এজন সামাজিক দায়বদ্ধতা পালন কৰা এজন সাংসদ,  জনপ্ৰতিনিধি তথা জননেতা আছিল। তেওঁৰ স্পষ্টবাদিতা আৰু সততাক সকলোৱে স্বীকাৰ কৰে। সাংসদ হৈ থাকোতে তেওঁ নিজৰ সাংসদ পুঁজিৰ কামকাজ সুন্দৰকৈ ব্যৱহাৰ কৰি সমগ্ৰ অসমবাসীৰ ওচৰত এক উদাহৰণ দাঙি ধৰি থৈ গৈছিল সেয়া আমি সকলোৱে জানো। তেওঁক হেৰুৱাই সমগ্ৰ অসমবাসীৰ লগতে আমিও মৰ্মাহত হৈছো।’

উল্লেখযোগ্য যে সততা, মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী, যুৱ প্ৰজন্মৰ আদৰ্শ ৰাজনীতিবিদ তথা আজীৱন শ্ৰমজীৱী কৃষক জনতাৰ মুক্তিৰ হকে উৎসগিত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ প্ৰাক্তন সম্পাদক দ্ৰুপদ বৰগোহাঁইৰ আজি পুৱা ৬ বজাত ডিব্ৰুগড়ৰ আদিত্য নাৰ্ছিং হোমত মৃত্যু হয়। দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ থকা বৰ্ষীয়ান ৰাজনীতিবিদজনৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৮ বছৰ। সৎ ৰাজনীতিবিদ জনৰ মৃত্যুত জন্মস্থান নাজিৰা আৰু শিৱসাগৰত গভীৰ শোকৰ ছাঁ পৰিছে।

Recent News

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd